আপঙৰ পৰিণাম
সীতাৰাম দলে
যোৱা পোন্ধৰ আগষ্টত স্বাধীনতা দিৱসৰ আনন্দ-স্ফূৰ্তিৰ দিনাখনেই ভলুকাগুৰি গাঁৱলৈ দুৰ্যোগৰ কাল অমানিশা নামি আহিল । ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবল সোঁতে গাঁওখনৰ ঠিক সোঁমাজৰ পোনে পোনে মথাউৰি ছিঙি পেলালে । বলীয়া বানৰ পানীয়ে সমুদায় গাঁওখন উটুৱাই লৈ গ'ল । এখন ঘৰো বাচি নাথাকিল । মথাউৰি ছিগোঁ ছিগোঁ হোৱাৰ আগতেই পহুধনে সৈতে গাঁৱৰ মানুহবোৰ নিৰাপদ স্থানলৈ গুচি যোৱা কাৰণেহে মানুহ আৰু পোহনীয়া জীৱ-জন্তুৰ হানি-বিঘিনি নহ'ল । কিন্তু তাৰ মাজতে এটা অঘটন নঘটাকৈ নাথাকিল । পুৱাৰ পৰা ৰাতি দেৰিলৈকে সদায় আপং পান কৰি প্ৰায়ে নিচাগ্ৰস্ত হৈ থকা মুগয়ঙৰ সলিল সমাধি ঘটিল ।
প্ৰাত্যহিক খোৱাৰ দৰে সেইদিনাখনো ডিঙিলৈকে পোৱাকৈ গিলিও সন্তুষ্ট নহৈ ফটিকা বিচাৰি যাবলৈ ওলাল । ঘৈণীয়েক য়াকাচীয়ে বাৰম্বাৰ বাৰণ কৰিবলৈ চেষ্টা কৰিলে । কিন্তু মদপী মুগয়ঙে ঘৈণীয়েকৰ কথা শুনিব ক'ত । মথাউৰিৰ ওপৰত থকা তাতুমৰ দোকানখনলৈ নাও লৈ ওলাল ফটিকাৰে নিচা ফটাবলৈ । মুগয়ং যি গ'ল গ'লেই, আৰু কোনো দিন ঘূৰি নাহিল । আপঙৰ নিচাত ভাৰসাম্য ৰাখিব নোৱাৰি নাৱৰ পৰা পানীত পৰি ডুবি মৰিল । অফুৰন্ত উচাহেৰে সমগ্ৰ ভাৰতৰ অগণন আবাল-বৃদ্ধ-বণিতাই স্বাধীনতা দিৱসৰ আনন্দ উপভোগ কৰি থকা দিনাখনেই ভলুকাগুৰি গাঁৱৰ মানুহবোৰ দুখ আৰু শোকত ডুবি থাকিল ।
No comments:
Post a Comment