আশা ভঙ্গগ
ইনু দও
গুৱাহাটী
হঠাতে ইমান ৰাতিপুৱাই হিয়াধাকুৰি কোনে কান্দিছে ৷ এপলক ৰৈ কান্দোনটো কৰ পৰা আহিছে শইকীয়ানীয়ে জানিবলৈ চেষ্টা কৰিলে ৷ভালকৈ মন কৰাত শইকীয়ানীয়ে গম পালে কান্দোনটো দেখুন তেওঁলোকৰ একেবাৰে ওচৰৰ পৰাই আহিছে ৷সেই সময়তে শইকীয়াই ভিতৰলৈ দৌৰি আহি কলেহি “আমাৰ ওপৰ ফ্লৰত থকা বৰুৱানীক হস্পিতালৈ নিবলৈ এম্বুলেন্স আহিছে নহয় ৷“ বাহিৰলৈ জুমি চাই শইকীয়ানীয়ে দেখিলে ইতিমধ্যে এম্বুলেন্সখন গুচি গৈছে ৷অকনো পলম নকৰি লৰালৰিকৈ তেওঁ ওপৰ মহল পালেগৈ ৷শইকীয়ানীয়ে গৈ দেখিলে বৰুৱানীৰ মাকে 'মোৰ ছোৱালী জনীৰ কি হ'ল' বুলি চিঞৰি চিঞৰি কান্দি আছে৷ তেখেতক কি বুলি শান্তনা দিব শইকীয়ানীয়ে ভাৱিয়েই নাপালে ৷তেওঁৰ চকুও চকুপানীৰে উপচি পৰিছে বুলি এটোপাল চকুলো টপককৈ সৰি পৰাতহে গম পালে ৷ সবিশেষ বৰুৱানী মাকৰ মূখৰ পৰাই গম লৈ শইকীয়ানীয়ে জানিলে যে গোসাঁই ঘৰত বন্তিগছি জ্বলাবলৈ লওঁতেই তাতে হঠাতে ঢলি পৰিল ৷তেওঁ মাথোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে মানুহগৰাকী যেন ভালহৈ আহে ৷তেওঁ বৰুৱানী মাকৰ ওচৰতে বহি নেদেখাজনক বৰুৱানী যেন সুস্থ হৈ ঘৰলৈ ঘুুৰি আহে তাৰ বাবে প্ৰাৰ্থনা জনাবলৈ ক’লে৷
সময়বোৰ নাযায় নুপুৱাই ৷ঘড়ীৰ কাটাকেইদাল যেন স্তব্ধ হৈ গৈছে ৷ নীৰৱতাই আৱৰি ধৰিছে গোটেই ঘৰখন ৷ হঠাৎ বৰুৱানীৰ ল’ৰাটোৰ ফোনটো বাজি উঠিল ৷ ল’ৰাটোৱে এটা চিঞৰ মাৰি ক’লে -আইতা মা বোলে আৰু নাই দেউতাই ফোন কৰিছে ৷“ লাহে লাহে পৰিবেশটো গহীন হৈ আহিল ৷আগতকৈ কান্দোনৰ ৰোল বেছি হ’ল ৷শইকীয়ানীয়ে কি কৰিব কি নকৰিব যেন লাগিল ৷ধৈয্য সহকাৰে বৰুৱানী ৰ ল’ৰাটোক বুজাই মেলি সিহঁতৰ সম্পৰ্কীয় বিলাকলৈ ফোন কৰি খবৰটো দিবলৈ কলে ৷ চাওঁতে চাওঁতে মানুহ এজন দুজন কৈ ভালেখিনি গোট খালেহি ৷ সকলোৰে চকুত চকুপানী ৷ নিয়তিৰ কি পৰিহাস!কাৰোবাৰ জীৱনলৈ যেতিয়া মৃত্যু আহে তেওঁ এই পৃথিৱী এৰি যাবই লাগিব ৷জীৱনটো এখন নাট ঘৰ ৷ নাটক শেষ হলে সকলো ভাও এৰি যাবই লাগিব ৷
সকলোৰে মূখত মাথোঁ এটাই কথা মানুহ বাৰু এনেকৈ মৰেনে ৷ যোৱা সপ্তাহত নতুন ঘৰটো লৈছিলেহে ৷তেওঁ ঘৰটোত এদিনো থাকিবলৈকে নাপালে ৷অন্তত কেইবছৰ মান ঘৰটোত থাকিবলৈ পোৱা হেতেঁন ৷ বিদেশত থকা ছোৱালী জনীলৈ খবৰটো দিলেনে নাই সকলোৱ একে মুখে সুধিলে। সকলোৱে মাথোঁ ইচ্ ইচ্ আছ আছ ৷মানুহজনীৰ মনৰ আশা মনতে গল ৷ছোৱালীজনীৰো বিয়াখন পাতিবলৈ নাপালে ৷বৰ ধুমধামেৰে বিয়াখন পাতিম বুলি ভাবিছিলে ৷ পঢ়ি থকা ল’ৰাটোকো একো এটা সংস্হাপন দি থৈ যাব নোৱাৰিলে ৷বৰ দুখৰ কথা বুজিছে ।যেতিয়া মৃত্যুৱে কাৰোবাক হাত বাউলি মাতে তেওঁ এই পৃথিৱী এৰি যাবই লাগিব ৷ মৃত্যুৱেই মানুহৰ অন্তিম যাএা ৷ ধনীয়েই হওক বা দুখীয়াই হওক মৃত্যুৰ আগত সকলোৱে হাৰ মানিবই লাগিব ৷শইকীয়ানীয়ে জীৱনৰ অনিত্যতাৰ কথা আকৌ এবাৰ উপলব্ধি কৰি গভীৰ আকুলতাৰে নেদেখাজনৰ চৰণত কৰযোৰে বৰুৱানীৰ আত্মাৰ সদগতি কামনা কৰিলে ৷
সময় গতিশীল ৷ই কালৈকো ৰৈ নাথাকে ৷ স্বোতস্বনী সময়ৰ গতিত এদিন সকলো হেৰাই যায় মাথোঁ ৰৈ যায় জীৱন বাটৰ প্ৰতিটো ঘটণা পৰিঘটনা স্মৃতিৰ স্মাৰকটো খোদিত হৈ ৰৈ যায় ৷সময়েপাহৰাই দিয়ে যন্ত্ৰণা৷ দিয়ে সহিবৰ শক্তি ৷ আগবাঢ়ি যোৱাৰ মন্ত্ৰপুত শক্তি। ৷
সত্য ঘটনাৰ আলমত ৷
No comments:
Post a Comment