উচ্চতৰ মাধ্যমিকত শাখা নিবাৰ্চন আৰু শিক্ষানুষ্ঠানত নামভৰ্তি ক্ষেত্রত মনকৰিবলগীয়া দিশ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

উচ্চতৰ মাধ্যমিকত শাখা নিবাৰ্চন আৰু শিক্ষানুষ্ঠানত নামভৰ্তি ক্ষেত্রত মনকৰিবলগীয়া দিশ

 


উচ্চতৰ মাধ্যমিকত শাখা নিবাৰ্চন আৰু শিক্ষানুষ্ঠানত নামভৰ্তি ক্ষেত্রত মনকৰিবলগীয়া দিশ 

ড° বুলজিৎ  বুঢ়াগোহাঁই

 

    সাধাৰণতে, প্রায়বোৰ ছাত্র-ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নাম ভর্তি কৰিব নতুবা বৃত্তিমুখী (vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওতে বিবুদ্ধিত পৰে আৰু উচ্চতৰ মাধ্যমিকৰ কোনটো শাখা নিৰ্বাচন কৰিলে সোনকালে চাকৰি পোৱা যাব সেই বিষয়েও জানিব বিচাৰে । কলা, বিজ্ঞান বা বাণিজ্য যিকোনো শাখাৰ পাঠ্যক্রমতে ভালদৰে উত্তীৰ্ণ হৈ শিক্ষাৰ্থী সকলে নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । গুৰুত্বপূৰ্ণ কথাটো হ’ল, নিজৰ ব্যক্তিত্বৰ লগত খাপ খোৱাকৈ শিক্ষাৰ্থী সকলে যদি কেৰিয়াৰ নিৰ্বাচন কৰি ল’ব পাৰে , তেন্তে সেই ক্ষেত্ৰখনত অতি সহজে  আগুৱাই যাব পাৰিব ৷ এইক্ষেত্ৰত শিক্ষাৰ্থীজনে সৰ্বপ্ৰথমে নিজেই নিজক অন্তৰ্মুখী নে বহিৰ্মুখী  নাইবা আন কেনেধৰণৰ ব্যক্তিত্বৰ অধিকাৰী তাক পৰ্যবেক্ষণ কৰিব লাগিব । ব্যক্তিত্বক বিভিন্ন ভাগ কৰিব পাৰি , যেনে - বাস্তৱধৰ্মী (Realistic) , অনুসন্ধানী (Investigative), শৈল্পিক (Artistic),  সামাজিক  (Social), উদ্যমী (Enterprising), গতানুগতিক (Conventional) ব্যক্তিত্ব আদি । ব্যক্তিত্বৰ লগতে  নিজৰ ৰাপ , পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থী সকলে কোনটো কেৰিয়াৰ নিৰ্বাচন কৰিলে সুফল লাভ কৰিব, সেই সম্পৰ্কে জানিবলৈ কেৰিয়াৰ পৰামৰ্শদাতাৰ  সহায়ো ল’ব পাৰে । 

   যি কোনো মহাবিদ্যালয়ত নামভর্তি কৰাৰ পূর্বে শিক্ষানুষ্ঠানসমূহৰ বৈধতা/ডিগ্রীৰ মর্যাদা/ব্যৱস্থা/স্বীকৃতিপ্রাপ্তিৰ মর্যাদা আদিৰ সবিশেষ তথ্য বিভিন্ন শিক্ষা বিষয়ক পৰিষদ/সংস্থা আদিৰ ৱেবচাইটৰ পৰা লাভ কৰিব পাৰি । শিক্ষানুষ্ঠানসমূহ এই পৰিষদ বা সংস্থাবোৰৰ স্বীকৃতিপ্রাপ্ত হোৱাৰ উপৰিও যি বিভাগত অধ্যয়ন কৰিব বিচাৰে, সেই বিভাগটিও স্বীকৃতিপ্রাপ্ত হ’ব লাগিব । তদুপৰি উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকল কেনেদৰে প্রতিষ্ঠিত হৈছে তাৰো এটা সম্যক ধাৰণা লোৱা উচিত । সেইদৰে শিক্ষানুষ্ঠানখনৰ শিক্ষণ ব্যৱস্থা,উত্তীৰ্ণৰ হাৰ , নামভৰ্ত্তিৰ প্রক্রিয়া , পুথিভঁৰাল,  ইণ্টাৰনেট সেৱা, থকাৰ সা-সুবিধা, আৰ্থিক সাহাৰ্য লাভৰ সুবিধা আছে নে নাই  তথা বিভিন্ন  মাচুলৰ পৰিমাণৰ বিষয়েও জানি লোৱা উচিত। ইয়াৰ উপৰিও জানিব লগা আন দিশবোৰৰ কিছুমান হ'ল - শিক্ষানুষ্ঠানখন চৰকাৰী নে বেচৰকাৰী আৰু সুৰক্ষিত স্থানত অৱস্থিত হয় নে   নহয় , শিক্ষানুষ্ঠানখনৰ আকাৰ কেনেকুৱা অৰ্থাৎ ছাত্র আৰু শিক্ষকৰ অনুপাত কিমান , ঘৰৰ পৰা শিক্ষানুষ্ঠানখনৰ দূৰত্ব , কেম্পাচ ইণ্টাৰভিউ হয় নে নহয়, খেলা-ধূলাকে আদি কৰি অন্যান্য extra-curricular activitiesকৰিবৰ বাবে সুবিধা আছে নে নাই ইত্যাদি । লগতে প্রাক্তন ছাত্র-ছাত্রীৰ সংগঠন(Alumni Network) কিমান শক্তিশালী সেই বিষয়েও জানি লোৱাটো উচিত যিহেতু এই সংগঠন শক্তিশালী হ'লে শিক্ষাৰ্থীসকলৰ চাকৰি লাভ কৰাটো অধিক সুবিধা হয় । উল্লেখ্য যে - কলা , বিজ্ঞান বা বাণিজ্য যিকোনো শাখাতে ভালদৰে উত্তীৰ্ণ হৈ নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰে । সাধাৰণতে, হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰসহ উত্তীৰ্ণ হ'লেই ছাত্র-ছাত্রীসকলে বিজ্ঞান শাখাত নাম ভর্তি কৰাৰ বাবে নিজে সিদ্ধান্ত গ্রহণ কৰে অথবা কোনো কোনো ক্ষেত্রত অভিভাৱকসকলেও জোৰ কৰি উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিবৰ বাবে বাধ্য কৰায় , কিন্তু এনে হোৱা উচিত নহয়। ছাত্র ছাত্রীসকলৰ কোনো বিষয়ৰ প্রতি থকা ৰাপ তথা আত্মবিশ্বাসৰ ওপৰত ভিত্তি কৰিহে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান, কলা নে বাণিজ্য শাখাত নাম ভর্তি কৰিব তাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগে, নম্বৰৰ ওপৰত ভিত্তি কৰি নহয় । যিহেতু বিভিন্ন কাৰণত আগ্রহ থকা বিষয়বোৰত ছাত্র বা ছাত্রীগৰাকীয়ে আশা কৰা মতে নম্বৰ লাভ নকৰিবও পাৰে । যদি ছাত্র বা ছাত্রীগৰাকীৰ গণিত বিষয়ত ৰাপ আছে তেন্তে বিজ্ঞান অথবা বাণিজ্য শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে সাহিত্যৰ বিষয়ত আগ্রহী সকলে কলা শাখাত নাম ভর্তি কৰিব পাৰে। আকৌ , কোনো ছাত্র-ছাত্রীয়ে যদি গণিত আৰু সাহিত্য দুয়োটা বিষয়তে ৰাপ আছে তেন্তে গণিত বিষয়সহ কলা শাখাত নাম ভর্তি কৰিব পাৰে। সেইদৰে , গণিতত ৰাপ থকা ছাত্র-ছাত্রীয়ে বিজ্ঞান শাখাৰ জীৱবিজ্ঞান বিষয়টি নোলোৱাকৈ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে , একেদৰে জীৱবিজ্ঞান বিষয়ত ৰাপ থকা ছাত্র-ছাত্রীয়ে গণিত বিষয়টি নোলোৱাকৈ উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নাম ভর্তি কৰিব পাৰে । কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰা ভাল হ'ব যে বিজ্ঞান শাখাত নাম ভর্তি কৰা ছাত্র-ছাত্রী সকলে গণিত তথা জীৱবিজ্ঞান দুয়োটা বিষয় নিবাৰ্চন কৰিলেহে ভৱিষ্যতে বহু ক্ষেত্রত সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ উপৰিও কোনটো শাখাত কি কি বিষয় অন্তৰ্ভূক্ত হৈ আছে তথা সেইবোৰ বিষয় অধ্যয়ন কৰিলে ভৱিষ্যতে কেনেধৰণৰ কেৰিয়াৰ গঢ়াৰ সুবিধা লাভ কৰিব , সেই সম্পৰ্কে ছাত্র-ছাত্রীসকলে এক সম্যক ধাৰণা যুগুতাই লব পাৰিলে শাখা নিবাৰ্চন কৰা ক্ষেত্রত যথেষ্ট সুবিধা হ'ব। ইয়াৰ উপৰিও শাখা নিবাৰ্চন কৰোতে ছাত্র-ছাত্রীসকলৰ হবি(hobby)বোৰকো গুৰুত্ব প্রদান কৰিব লাগে । কিয়নো এই হবিসমূহেই ছাত্র জীৱন , কৰ্ম জীৱন তথা অৱসৰ জীৱনত বিভিন্ন ধৰণে সহায় কৰিব পাৰে । কোনো ব্যক্তিৰ ভবিষ্যত জীৱনত হয়তো হবিয়েই এদিন কেৰিয়াৰ হ’ব পাৰে।   ছাত্র-ছাত্রীসকলৰ শাখা নিবাৰ্চন কৰাৰ ক্ষেত্রত অভিভাৱক সকলৰ আৰ্থিক অৱস্থায়ো এক বিশেষ ভূমিকা গ্রহণ কৰে। যিসকল ছাত্র-ছাত্রীয়ে সোনকালে উপাৰ্জন কৰিব বিচাৰে , তেওঁলোকে বৃত্তিমুখী শিক্ষা গ্রহণ কৰিব  পাৰে ।


ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডনবস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com

 

বি.দ্র. :কেৰিয়াৰ পৰামৰ্শৰ বাবে লেখকলৈ শনিবাৰে বিয়লি ছয় বজাৰ পৰা ন বজালৈ ফ'ন(৯৪৩৫১৮৮৬৩০)কৰিব পাৰে ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages