ভোক...
ৰিদিপ বৰুৱা
ডিগবৈ, তিনিচুকীয়া
পুৱা ৫ বজাত উজনি মুৱা ট্ৰেইনখনৰ উকিটোত সাৰ পোৱা ৰমনীয়ে ফটা বস্তাটো কান্ধত ওলোমাই ওলাই যায়। তাইৰ বাবে সেই সময় কণ বৰ প্ৰিয় । ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাই অহা মানুহবোৰে ওচৰৰ ডাষ্টবিনটোলৈ বুলি লৈ আহে হাতত পলিথিনৰ টোপোলা ।তাই সেই টোপোলা বোৰৰ বাবেই অপেক্ষা কৰি থাকে প্ৰতিদিন সেই সময়খিনিত । সম্ভ্ৰান্ত পৰিয়ালৰ মানুহবোৰে লৈ অনা দুটামান টোপোলা তাইৰ বাবে অতিকৈ প্ৰিয় ।সেই বিশেষ টোপোলাকেইটাই তাইৰ মুখত হাঁহি বিৰিঙায় ।হয়তো তাইৰ পৰিয়ালটোৱে এসাজ সুখেৰে খাবলৈ পাব ।বিলাসী বাহনৰ পিছফালৰ চিটত এটা বিলাতী কুকুৰ । ড্ৰাইভাৰ জনে গাড়ীখন ৰখাই পলিথিনৰ টোপোলাটো পেলাই গুছি যোৱাৰ লগে লগেই তাই ল'ৰা-ঢপৰাকৈ দৌৰ মাৰি গৈ টোপোলাটোৰ পৰা উলিয়াই আনে সুৰাৰ খালি বটল..........
মোবাইল নম্বৰ:-৮০১১২২৪৮৬২


No comments:
Post a Comment