মাটিকথা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

মাটিকথা



 মাটিকথা

পুলেন ৰাজ ডেকা


 

    যেন , বহুদিন ধৰি  এনে কিবা এটাৰে সন্ধানত আছিলোঁ। হঠাৎ মগজুৰ ফিউজ উৰি যোৱা  চিন্তাৰ উপশম ঘটাই ধৰা দিয়া এনেকুৱাই কিবা এটা। নদীৰ পাৰত বহিছোঁ। বহিয়ে আছোঁ এপৰলৈ, দৃষ্টি য’ত পৰিছে লৰচৰ নকৰাকৈ চকুৱে  ঘূৰিবলৈ পোৱা নাই সময় য’ৰপৰা। এনেকৈয়ে ডুবি  থাকোঁ। ডুবি যাওঁ অসময়ত। অকাৰণত। য’তে ত’তে। ডুবি থকাটোতে বিচাৰি পাওঁ সৰ্বস্ব , যিহেতু সম্বিত কেবল খলাবমা। 


যেন,

যোৱাটো দিনৰ দৰে পাৰ কৰিব লৈছোঁ আজিক। মল-মূত্ৰৰপৰা  কৰা-খোৱালৈ সকলোবোৰ ঠিকেই আছে অমিল হৈ  নামনিলৈ ঠেলি দি আকৌ উঠাই দিছোঁ সেই একেটা শিল বুঢ়া মানুহজনৰ দৰে পাহাৰৰ ওপৰলৈ চিচিফাচ চিচিফাচ গোন্ধাই গৈছে  কাৰ্য্য।


মনত পৰে পদ্মশ্ৰী পায়েং , দশৰথ মাঝি পাগ্লা(পাগ্লাদিয়া)ৰ পাৰত বহি কুটি থাকোঁ নৈ নিজৰা আৰু প্ৰাচীনগাঁথাৰ বুকু। ভাবি থাকোঁ আকাশৰ ধাৰণা আনি দিলে কোনে য’ত ই কেবল মহাকাশ। জোনটোক সদায় কাঁচিখনৰ ৰূপতে চাই থাকিলোঁ কিয় ?  য’ত ই কেতিয়াবা “কাঁহীজোন”ও হৈ পৰে।  সুমথিৰা আকাৰৰ এই পৃথিৱীখনৰ বোৱতী পানী বোৰ সাগৰৰ পৰা বৈ থাকে কলৈ ? বহল বুকুৰ  সাগৰে কি আব্দাৰৰ বাবে ধৰি থাকে স্ৰোতস্বিনী নদীৰ মমতা ? নামনিলৈ নামি যোৱা পানীৰ কোনটো গড়াৰ পাৰত বহি ভাবি আছো অতবোৰ কথা ? ঢলি পৰে পশ্চিমত ক্লান্ত সূৰুয। অতবোৰ কথাক সামৰিব নোৱাৰি আন্ধাৰৰ মাজত মই মোক নেদেখা কৰি বহি থাকো অচিনাকি মোৰ লগত।


   একেই আছে কাগজত খবৰ। খবৰৰ কাগজ। সকলো  নিজৰ গতিত চলিছে , চলি আছে। নিবিচৰাবোৰ  পঢ়িছোঁ। পঢ়াবোৰ পাহৰিছোঁ। আৰু মুখত, মনত কিবা নহয় কিবা এটা লৈ অহা-যোৱা চলিছে ঘৰ আৰু কাৰ্য্যালয়, কাৰ্য্যালয় আৰু ঘৰ  ৷এনে বহু কথাৰ কটা-কটি দেখিছোঁ যি কথাক কাটিবলৈ ভবাটোৱেই ভুল।  দেখিছোঁ। দেখি আছোঁ কৰ’ণাৰ উজুহাতত কাউৰীয়ে নকৰা কা কা। অথচ যিটো চাবলৈ ৰৈ আছে জীৱন। ধৰুৱা হৈ আছে সময়। সি তিলমানো অহা নাই নজৰ।



   মৌ পোৱা গুৰিপৰুৱাৰ দৰে ইমানবোৰ “যেন” পালোঁ যে কাচিৎ হে ঘটনা , পৰিঘটনা একোটাক সলসলীয়াকৈ চকুত ক্ষণিকৰ বাবে থৈ চাব পাৰোঁ। ভবাৰ দৰে কথাবোৰ সহজো নহয়। কঠিনো নহয়। আত্মিক এই দণ্ডিত দণ্ডত জুৰুলা পৰা কাৰবাৰটোৱে যেন যেন হৈ অহৰহ বাজে। বৈ থাকে।


 একঘেয়ামিতাৰ পৰা উপশম দিয়া এনে কিবা এটাৰ উহ বিচাৰি আছিলোঁ য’ৰ পৰা আৰম্ভ কৰিব পাৰিম নিৰ্মাণ অথবা সম্পৰীক্ষা। বহুবাৰ বহুদিন সলাই লৈছোঁ খোজ দিয়া ভৰিৰ ভাল নোহোৱা খোজ। সলাইছো কলম, কাগজ। নিৰ্মিতিত লগাইছো খচৰাৰ পিছৰটো খচৰাৰ

 কচৰৎ ৷


   এটা বীজ , গুটি। পূৰ্ণ সম্ভাৱনাৰ পিছতো কেতিয়াবা গঁজালি নেমেলে। প্ৰকৃতি সম্পূৰ্ণৰূপে সন্তুলন হৈ থকাৰ পিছতো আৰু অনেক কাৰক সানমিহলি নহ’লে খোলা ফালি ওলাই অহাৰ শকতি কাৰ আছে ?  সৃষ্টিখণ্ডৰ এই দৃশ্যক আমি চকু আৰু মগজত  আঁকি ঘূৰি ফুৰিছিলোঁ কেতিয়াবা নৈৰ পাৰত , কেতিয়াবা ভিৰৰ মাজত অহৰহ। অথচ অংকিত হোৱা নাছিল তাৰ কায়িক ৰূপ। 


  মাটিৰ বুকু ফালি গুটিয়ে গঁজালি মেলে  অথচ মাটিৰ ইমান মহানুভৱতা যে মাক আৰু সন্তানক মাটিয়ে নিলগাই নাৰাখে।  সকলো শুহি ল’ব পৰা  মাটিৰ এই শকতিয়ে টানিব পৰা গুণ আৰু ধৰ্মক  ক’ত একাষৰীয়া কৰি ৰাখে  বীজৰ জন্ম যন্ত্ৰণাৰ সময়ত ? এই কথা ভাবি বহুপৰ নিজত ডুবোঁ।  ডুবি থাকোঁ।


  আৱৰণ ফালি ওলাই অহা কোমল এটি অংশৰ এনে কি আবদাৰ আছে যাৰ বাবে মাটিয়ে নিজেই নিজক কাটি এৰি দিব পাৰে বুকুৰ বাট ? এনে কি চৰ্তত বন্দী হৈ আছে মাটি   যাৰবাবে ধাৰণ কৰিব লাগিব আনৰ এছোৱা সম্পদ ? এনে  কি  বুদ্বত্ব প্ৰাপ্তিৰ তপঃসাধন কৰিছিল বীজে ,  যাৰ জৰায়ুত থাকিব তাৰ অংশই 

জন্মৰ প্ৰাকক্ষণতেই বসুমতীৰ  বুকু বিদীৰ্ণ কৰাৰ অপাৰ শকতি। ভাবো। ভাবি থাকোঁ।


“মাটিত থ’লে পৰুৱাই পাব 

মূৰত ল’লে চিলনীয়ে নিব” 

এই চিন্তাই কোঙা কৰা কাঙাল খেতিয়কে তথাপি ভয়ে ভয়ে বীজ সিঁচে মাটিৰ

 বুকুত। এই ভয় আছে মালিৰ। আছে কবিৰ। নিৰ্মিতিয়ে নোপোখালে নিৰ্মাণ কাৰ্যৰ যাতনা সহা বুকুই কতদিন বেজাৰত ভোগে এইকথা কবিকে সোধা।


মাটিৰ এই মাটিকথা মাটিত নিমিলালৈ নুবুজিম ৷ বিজ্ঞানৰ দোহাই দি যুক্তিক টানিবলৈ এই কথন জানো যুক্তিকেন্দ্ৰীক।

কি অদ্ভুত এক মহাজাগতিক শক্তিক ধাৰণ কৰি মাটিয়ে গৰ্ভত অনন্ত কাললৈ সোমাই  ল’ব  আনৰ শিপা-উপশিপা আৰু শেষ নিৰ্মিতিত  কি নান্দনিকতাৰে সেই সন্তানে মূৰত লৈ উঠি আহিব তাৰ মূলাৱৰণ।


ভাবা। ভাবি থকা এনে এক সত্য ধৰিবলৈ বিচাৰি ফুৰা চকুত যেতিয়া উদ্ভাসিত হ’ব তাৰ কায়িক অৱয়ব , সেই দৃশ্যৰ সৈতে মুখামুখি নহ’লে বোধৰ বাতায়ন খুলি কোনেও আনি দিব নোৱাৰিব তাৰ অপাৰ সম্ভাৱনাৰে স্ব-দীপ্তমান বিমল আনন্দ ...


 : তেতিয়ালৈ বহি আছিলোঁ তাত, শুনাই শেষ নকৰালৈ গল্পটো। দেখিলোঁ উঠি অহা মানুহজন এটি গল্প হৈ নৈখন পাৰ হ’ব লাগিছে। বালি আৰু বতাহৰ মাজেৰে শুকান নৈখন তেতিয়াও বৈ যোৱা নাছিল। বুকুৰ ব্ৰহ্মপুত্ৰ এৰি। 


: পাহৰি নাযাবলৈ লেপি থ’লো মাটিত “মাটিকথা” বুলি যিহেতু চকুত সাগৰখন শুকাই আহিছিল 

                          



ঠিকনাঃ 

অংশকালীন অধ্যাপক,অসমীয়া বিভাগ ,

এম এন চি বালিকা মহাবিদ্যালয়,নলবাৰী

ভ্ৰাম্যভাষঃ ৮১৩৫৯২৬৭৮৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages