যৌন বৃত্তিক বৈধতা প্ৰদান আৰু ইটো-সিটো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, July 3, 2022

যৌন বৃত্তিক বৈধতা প্ৰদান আৰু ইটো-সিটো

 


যৌন বৃত্তিক বৈধতা প্ৰদান আৰু ইটো-সিটো

গৌতম মালাকাৰ

              কৰিমগঞ্জ    


            কৌটিল্যৰ অৰ্থশাস্ত্ৰ, বাৎসায়নৰ কামসূত্ৰ, মহাকাব্য মহাভাৰত, বৌদ্ধ গ্ৰন্থ আৰু অন্যান্য প্ৰাচীন তথ্যৰ পৰা স্পষ্টকৈ বুজা যায় যে ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰে পৰা ব্যেশ্যা বৃত্তি প্ৰচলিত হৈ আহিছে। কালিকা পুৰাণত উল্লিখিত দুৰ্গা পূজা পদ্ধতি অনুসৰি  দুর্গাপূজাৰ সময়ত ব্যবহৃত ১০ ধৰণৰ মাটিত পেশাদাৰী যৌনকর্মীৰ ঘৰৰ দুৱাৰ মুখৰ মাটি অপৰিহার্য, কাৰণ যৌনকর্মীসকলে সমাজক নির্মল কৰি ৰাখে। ইতিহাসৰ পৰা বুজা যায় যে প্ৰসিদ্ধ প্ৰসিদ্ধ নৰ্তকীসকলে মোহনীয়, লাস্যময়ী নৃত্যৰে মনোৰঞ্জন কৰাৰ উপৰিও যৌন বৃত্তিত জড়িত আছিল আৰু তেওঁলোক যৌন কলাত অতি পাকৈত আছিল। বেশ্যাসকল সকলো সময়ৰ সাহিত্য-সংগীত-সংস্কৃতিৰ অংশ হিচাপে চিহ্নিত হৈ আহিছে আৰু ব্যেশ্যা বৃত্তি সদায় এটা লাভজনক বৃত্তি হিচাপে পৰিগণিত হৈ আহিছে। পৰ্টুগীজ আৰু বৃটিছৰ ভাৰতলৈ আগমনৰ পাছত ব্যেশ্যা বৃত্তিয়ে অধিক প্ৰসাৰ লাভ কৰে। তেওঁলোকে নিজৰ লগত বহু দাসী লৈ আহিছিল আৰু ভাৰতীয় নাৰীকো ব্যেশ্যা বৃত্তিৰ বাবে উৎসাহিত কৰিছিল। বহু ভাৰতীয় নাৰীক বৃটিছে ধৰ্ষণ কৰিছিল আৰু তেনে অপবিত্ৰ নাৰীক সমাজে গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত অনিচ্ছা সত্ত্বেও তেওঁলোক ব্যেশ্যা হ'বলৈ বাধ্য হৈছিল। ভাৰতীয় সমাজ ব্যৱস্থাৰ এই দুৰ্বলতাৰ সুযোগ বৃটিছসকলে লৈছিল। কোনো কোনো বৃটিছ অধিকাৰীয়ে পৰৱৰ্তী সময়ত নিজেই ব্যক্ত কৰিছে যে প্ৰায় প্ৰতি নিশা তেওঁলোকে ভাৰতীয় নাৰীক ধৰ্ষণ কৰিছিল আৰু সেই নাৰীসকলক ব্যেশ্যালয়ত ৰাখি নিয়মিত ভাৱে উপভোগ কৰিছিল। অতীজৰে পৰা যৌনকৰ্ম পেশা হিচাপে প্ৰচলিত হৈ আহিলেও সামাজিক ভাৱে সন্মানজনক বৃত্তি হিচাপে ই কেতিয়াও স্বীকৃতি পোৱা নাই।

            যৌনতা এক জৈৱিক প্ৰয়োজন। জীৱ জগতৰ আন প্ৰাণীসমূহৰ দৰেই মানুহৰো যৌন ক্ষুধা প্ৰাকৃতিক। সু-স্বাস্থ্যৰ বাবে সুস্থ যৌন জীৱন অতি আৱশ্যক। যৌনতা অবিহনে জীৱন ৰঙহীন আৰু অসাৰ্থক হৈ পৰিব। সুস্থ যৌন নীতি সামাজিক সু-শৃংখলাৰ বাবে অতি প্ৰয়োজন। কেৱল বৈবাহিক সম্পৰ্ক স্থাপনৰ জড়িয়তে মানুহৰ যৌন ইচ্ছা সম্পূৰ্ণ নহ'বও পাৰে। আনহাতে অবিবাহিত বা বিবাহ বিচ্ছেদিত সকলৰো যৌন জীৱনৰ প্ৰয়োজন আছে। বিশ্বায়নৰ ফলত মানুহৰ জীৱন শৈলীৰ আমূল পৰিবৰ্তন ঘটিছে। কৰ্ম সূত্ৰে মানুহ জীৱন সংগীৰ পৰা বহু দিনলৈ আঁতৰি থাকিব লগীয়া হয়। পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে বা এটা বিলাসী জীৱনৰ আশাৰে নিতৌ নতুন নতুন যুৱক-যুৱতী বেশ্যা বৃত্তিত জড়িত হৈ পৰিছে। গতিকে ভিন ভিন কাৰণত বেশ্যা বৃত্তিৰ প্ৰয়োজন নুই কৰিব নোৱাৰি, বৰঞ্চ ইয়াৰ প্ৰয়োজন দিনে দিনে বাঢ়িহে আছে। 

             কিছুমান যৌনকৰ্মী বংশানুক্ৰমিক, কিছুমানে স্ব-ইচ্ছাই এই বৃত্তি গ্ৰহণ কৰে আৰু আন কিছুমানক জোৰ কৰি বেশ্যা হ'বলৈ বাধ্য কৰোৱা হয়। শিশুক যৌন বৃত্তিত জড়িত কৰা হয়, এয়া অমানৱীয় আৰু আজিও আইন বিৰুদ্ধ। সময়ৰ অগ্ৰগতিৰ লগে লগে সামাজিক ৰীতি-নীতি আৰু সমাজৰ গ্ৰহণ যোগ্যতাৰ পৰিৱৰ্তন এক স্বাভাৱিক প্ৰক্ৰিয়া। সমকামিতাক বৈধতা প্ৰদান, তৃতীয় লিংগক বিবাহকে আদি কৰি আন মানৱীয় অধিকাৰ প্ৰদান আদি সময়ৰ আহ্বানত লোৱা সিদ্ধান্ত। ভাৰতত বেশ্যা বৃত্তি আৰু বেশ্যা বৃত্তিৰ সৈতে জড়িত থকা কৰ্মীসকলক সাংবিধানিক অধিকাৰ প্ৰদান কৰাৰ লগতে আৰক্ষীয়ে তেওঁলোকক অসন্মান আৰু কোনোধৰণৰ হাৰাশাস্তি কৰিব নোৱাৰিব বুলি ২৬ মে', ২০২২ তাৰিখে দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। বিচাৰপীঠে কয় যে যৌন কৰ্মী গৰাকী যদি প্ৰাপ্তবয়স্ক হয় আৰু তেওঁৰ যদি সন্মতি থাকে তেন্তে আৰক্ষীয়ে তাত হস্তক্ষেপ কৰা বা তেওঁৰ বিৰুদ্ধে কোনোধৰণৰ অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব। বিচাৰপীঠে লগতে কয় যে যদি কোনো যৌন কৰ্মী হাৰাশাস্তিৰ সন্মুখীন হৈছে তেন্তে তেওঁক চিকিৎসা আৰু আইনী সাহায্যকে ধৰি সকলো সাহায্য প্ৰদান কৰা উচিত। এয়াও সময়ৰ আহ্বানত লোৱা এটি মানৱীয় সিদ্ধান্ত। ভাৰতত দুই কোটিৰো অধিক যৌন কৰ্মী আছে বুলি জনা যায়। সন্মানীয় উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনাৰ জৰিয়তে এক ইতিবাচক ইতিহাস ৰচনা কৰিলে। যৌন কৰ্মী আৰু তেওঁলোকক প্ৰতিনিধিত্ব কৰা শতাধিক শ্ৰমিক সংগঠন আৰু বেচৰকাৰী সংস্থাসমূহৰ সুদীৰ্ঘকালীন দাবী এটাৰ এয়া উল্লেখনীয় সফলতা। যৌন বৃত্তি বা বেশ্যা ব্যৱসায় সু-শৃংখলীত হোৱাত এই নিৰ্দেশনাই সহায় কৰিব আৰু যৌন কৰ্মী সকলেও প্ৰকাশ্যে সন্মানজনক ভাৱে নিজৰ জীৱিকা উপাৰ্জনৰ সুবিধা লাভ কৰিব। আইন, প্ৰশাসন, শ্ৰমিক সংগঠন, বেচৰকাৰী সংস্থা, মানৱ অধিকাৰ কৰ্মী আৰু সচেতন নাগৰিকে চোকা দৃষ্টি ৰাখিব লাগিব যাতে নিজৰ সন্মতি অবিহনে জোৰকৈ কাকো এই ব্যৱসায়ৰ বাবে বাধ্য কৰোৱা নহয় আৰু কোনো শিশুকে যেন বেশ্যা হিচাপে ব্যৱহাৰ কৰা নহয়। পেশাদাৰী যৌন কর্মীসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বিষয়টোক অগ্ৰাধিকাৰ দি আইন প্ৰণয়ন নকৰিলে যৌন জনিত ৰোগৰ সংক্ৰমণৰ আশংকা থাকিব। যৌন কৰ্মীসকলৰ সু-স্বাস্থ্য আৰু সুৰক্ষাৰ বিষয়টোও সমানেই গুৰুত্বপূৰ্ণ। যৌন কৰ্মীসকল যাতে হিংসাৰ বলি নহয় সেয়া নিশ্চিত কৰাটো আইন আৰু চৰকাৰী যন্ত্ৰৰ দায়িত্ব।  দালাল, নাৰী সৰবৰাহকাৰী আদি অসামাজিক শক্তিবোৰে এই নিৰ্দেশনাৰ অপব্যৱহাৰৰ বাবে চেষ্টা নিশ্চয় কৰিব, তাক প্ৰতিহত কৰাটো প্ৰতিজন সচেতন নাগৰিকৰ কৰ্তব্য। যৌন ব্যভিচাৰ, যৌন আতিশয্য বা নিৰ্যাতন আৰু ধৰ্ষণৰ দৰে বৰ্ধিত সামাজিক অপৰাধসমূহৰ সংকোচন আৰু নিয়ন্ত্ৰণত এই নতুন ব্যৱস্থা সহায়ক হ'ব বুলি আশা কৰা যায়।


মোবাইল -৯৪৩৫১৬৮৩৭৮


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages