ওমলা ঘৰ
জ্যোতিমণি শইকীয়া বৰুৱা
টেকেলাগাঁও,যোৰহাট
তেজৰে কমলাপতি পৰভাতে নিন্দ।
তেৰি চান্দ মুখ পেষু উঠৰে গোবিন্দ।।
ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।
তিমিৰ ফাৰিয়া বাজ ৰবিৰ কিৰণ।।
নন্দিতাৰ লগে লগে হীৰাই গাই থকা বৰগীতটিৰ তাত্ত্বিক আবেদনত আৰোহীৰ হিয়া জুৰ পৰি গ'ল! আজি কেইবাদিনৰ মূৰত তাইৰ হেঁপাহৰ "ওমলা ঘৰ"ত শিশুহঁতৰ মৌ-বৰষা মাত শুনিছে! আজি দুদিনৰ আগতে সিহঁতক এৰি,সিহঁতৰ বাবেই দুদিনীয়া প্ৰশিক্ষণ ল'বলৈ গুৱাহাটীলৈ গৈছিল। নৈশ বাছত ঘূৰি আহি তাই স্নান কৰি শুবলৈ লৈয়ো প্ৰাণৰ পুতলা কেইটা নোচোৱাকৈ শুব নোৱাৰিলে। সিহঁত যদি ভৱিষ্যতে দেশৰ ধৰণী হয়!! তাইতকৈ আৰু কোন সুখী হ'ব? নাই তাই আৰু ভাগৰি নপৰে। তাই তাইৰ সৰ্বস্ব উজাৰি সিহঁতক মানুহ কৰিব...
তাই এখুজি-দুখুজিকৈ আগবাঢ়িল ওমলাঘৰৰ আভ্যন্তৰলৈ...
নন্দিতা : কপাহ বগা,গাখীৰ বগা আৰু বগা কি?
শিশু। : কপাহ বগা,গাখীৰ বগা আৰু বগা বগলী।
নন্দিতা : নীল নীলা,আকাশ নীলা আৰু নীলা কি?
শিশু। : নীল নীলা,আকাশ নীলা আৰু নীলা চিয়াঁহী।
নন্দিতা। : তেজ ৰঙা,সেন্দূৰ ৰঙা আৰু ৰঙা কি?
শিশু। : তেজ ৰঙা,সেন্দূৰ ৰঙা আৰু ৰঙা বিলাহী।
অন্যফালে থকা কোমল গীত গাই থকা শিশুহঁতৰ সুৰীয়া মাতৰ মোহনীয়তা উপভোগ কৰি কৰি তাই সোমাই গ'ল সিহঁতৰ কাষলৈ!
মা আহিছে,মা আহিছে বুলি মৌ-ৰাণীৰ চাৰিওফালে গোটখোৱা মৌ-মাখিৰ দৰে তাইক আৱৰি ধৰিলে গোটেইকেইটা শিশুৱে! তাই প্ৰত্যেককে দিলে একোটাকৈ চকলেট আৰু শুকান ফলৰ টোপোলা। সিহঁতৰ মন প্ৰাপ্তিৰে ভৰি পৰিল। তাইৰো হৃদয়ত প্ৰস্ফুটিত হ'ল আনন্দৰ গোলাপ!
ইমান সুখ পাবলৈ তাই কিমান দুখ অতিক্ৰম কৰিছিল? কিমান মানসিক যন্ত্ৰণাৰে তাই পাৰ কৰিছিল কতদিন! কত ৰাতি! সেই কথা মনলৈ অহাত তাই উভতি গ'ল সেই যন্ত্ৰণাময় দিনলৈ...
শীতৰ জোনাক নিশাটো চেঁচা বতাহত কাতৰ! আৰোহী বহি ৰৈছিল ঘৰৰ বাৰাণ্ডাৰ চুকৰ বেতৰ চকীখনত...চাই ৰৈছিল জোনাক ভৰা আকাশৰ দুটি তৰাক! তৰা হৈ সিহঁতে চাই আছে নেকি তাইক! নহ'লে...নাজানে তাই মৃত্যুৰ সিপাৰে থকা ৰহস্যময় জগতখনৰ কথা,যি জগতে হাত বাউলি মাতে সিপাৰৰ পৰা প্ৰত্যেক মানুহকে...কেতিয়াবা কিছুমান কথাই বুকুখন খামুচি ধৰি থাকে। মন কৰি তোলে নিসংগ।তাইৰ মনত পৰিল মৃত্যুৰ আগৰ পিতৃ-কন্যাৰ মুখ দুখনলৈ...স্মৃতিৰ সঁফুৰা উদং খাই বহু কথাই নাচি উঠিল তাইৰ মানস পটত...
এইটো কাৰ দ'ল? ৰজাৰ দ'ল,
কলি কুকুৰক মাতিম নে নামাতিম? নামাতিবা,
দ'লটো ভাঙিম নে নাভাঙিম? নাভাঙিবা,
কলি ঔচ, কলি ঔচ ঢেকেচ্...
তাইৰ মনলৈ আহিল ঢেকেচ্ কৈ ভাগি থকা তাইৰ সংসাৰ খনৰ কথা...
সেইদিনা ঋতমে ৰিধিৰ জন্মদিন উদযাপনৰ উদ্দেশ্যে বজাৰ কৰি উভতি আহিছিল... দেউতাকলৈ হাত মেলি যোৱা ছোৱালীজনীক আৰু জীয়েকক ধৰিবলৈ অহা দেউতাকক একেলগে হঠাতে অহা তীব্ৰবেগী গাড়ীয়ে খুন্দিয়াই থৈ গ'ল...তৎমুহূৰ্ততে ঘটা ঘটনাৰ আকস্মিকতাত হহতভম্ব হৈ পৰিল তাই...চিকিৎসা মহাবিদ্যালয় পাওঁতে সিহঁতৰ দেহাত প্ৰাণ নাছিল...
বাউলি হৈ পৰিছিল আৰোহী! ভায়েক আৰু ভাই বোৱাৰী নন্দিতাৰ শাৰীৰিক-মানসিক শুশ্ৰূষাই প্ৰকৃতিস্থ কৰি তুলিছিল তাইক! আৰোহীক ভায়েকে পাতি দিছিল "ওমলা ঘৰ"...য'ত আজি শিশুৱে উমলিছে,শিকিছে জীৱনৰ আদিপাঠ! অনাথ শিশুৱে পাইছে আশ্রয়ৰ উমাল সান্নিধ্য।
নন্দিতা আৰু তাই শিশুসকলৰ সকলো আব্দাৰ পূৰণ কৰাৰ প্ৰচেষ্টাত ব্ৰতী। শিশুৰ কলকলনিত মুখৰিত হয় সময়,কল্লোলিত হয় আৰোহীৰ হিয়াৰ চুবুৰী...সিহঁতৰ ঠুনুক-ঠানাক মাতত আৰোহীৰ মন ভৰে...হৃদয়ৰ শুকান বলুকাত বৰষুণ সৰে সিহঁতৰ থুপুক-থাপাক খোজত...
চুমীৰণ চুমীৰণ কৰোঁ মে তেৰা
তুম মালিক হু মেৰা,
তুম মালিক হু মেৰা হৰজী
তুম মালিক হু মেৰা।
সবছে পেহেলে পূজন তেৰা,
তুম মালিক হু মেৰা,
ব্ৰহ্মা, বিষ্ণু সদাশিৱ হৰজী
তুম মালিক হু মেৰা,
যীশু-আল্লা পূজন তেৰা,
তুম মালিক হু মেৰা।
ওমলা ঘৰৰ পৰা ভাঁহি অহা সৰ্বধৰ্মীয় প্ৰাৰ্থনাত তাইৰ হৃদয়ৰ ফাঁকত ৰৈ যোৱা বেদনাৰ পাপৰিবোৰ জীৱন নদীৰ সোঁতত এটি এটিকৈ উটুৱাই যায় তাই...তাই ওমলা ঘৰৰ প্রতিটো সন্তানৰে মাক! ইয়াতকৈ সুখ আৰু তাইক নালাগে!!...


No comments:
Post a Comment