শান্তিৰ সন্ধানত
জীমি বৰশইকীয়া চেতিয়া
ডিগবৈ
মাধব আৰু মদন সৰুৰে পৰা একেলগে ডাঙৰ - দীঘল হৈছিল। একেখন গাঁৱতে। মাধব পঢ়া শুনাত ভাল আছিল। এদিন উচ্চ শিক্ষাৰে শিক্ষিত হৈছিল। নিজৰ উচ্চ শিক্ষাৰ থকাৰ বাবে এটা ভাল কোম্পানীত শকত বেটনৰ চাকৰী লবলৈ সক্ষম হয়।
অন্য ফালে মদন! যদিও পঢ়া শুনাত ভাল নাছিল তথাপিও এজন সৎ কৰ্মোদ্যোগী আদৰ্শ বান ব্যক্তি আছিল।
মাধব দুটা সন্তানৰ পিতৃ। মাহিলি দৰমহা ডেৰ দুই লাখ টকা। তথাপিও নাই নাই শব্দ টো মুখত পাতনি মেলে। গধূলি বেলিকা কামৰ পৰা আহোতে ৰঙা বটলৰ সংঙ্গী। ইফালে ঘৰৰ লোন, গাড়ীৰ লোন, লৰাৰ মটৰচাইকেল ৰ লোন অন্য ফালে অনলাইনৰ খাদ্য সামগ্ৰী। টকা মাহটোত কলৈ উৰা মাৰে মাধবে গমকে নাপায়।
কিন্তু মদন অতি সুখী। কাৰন সি কম খৰচী। আনৰ টুকটুকী ৰিক্সা চলাই ঘৰখন সুন্দৰ ভাৱে চলাই আছে। কোনো অভাৱ নাই। দিনটো কষ্ট কৰে, পাছশটকা(500) পালে যদি মালিকক আধা দিয়ে আৰু বাকী টকাৰে বজাৰ সমাৰ কৰি যি কেইটকা বাছে ওচৰতে থকা পোষ্টঅফিচ ত জমা কৰি ৰাখে। এনেদৰে বহুত টকা জমা কৰিলে। কোনো চিন্তা নাই, অভাৱ অনাটন নাই। এজনী ছোৱালী যে সুখৰ সংসাৰ।
কেতিয়াবা মদনে ভাবে আচলতে ধনী মানুহ কোন বোৰ। যাৰ ডাঙৰ ডাঙৰ গাড়ী, ঘৰ, চাকৰী আছে, কিন্তু সমস্যা সমাধানৰ সুটাডাল পচা, শান্তি নাই। কিন্তু আমাৰ দৰে সাধাৰণ মানুহৰ সঁচা এখন অন্তৰ, শান্তিৰ নিজৰা বৈ থাকে। ডাঙৰ ঘৰ, গাডী নাই, নিচাৰপ্ৰতি আসক্তি শূণ্য। এতেকে ধনী মানুহ কোনবোৰ, মদনে ভাবিলে। মদনে কথাবোৰ ভাবি ভাবি দুৰদিগন্তত শান্তিৰ সাগৰত বুৰ যায়।


No comments:
Post a Comment