নীলা খামৰ চিঠি
জাহ্নৱী বাউৰী
চৰাইদেউ (সোণাৰী)
মৰমৰ,
অনুৰাগ
আশা কৰোঁ ভালে আছা !
আজি আকৌ এবাৰ তোমালৈ আৰু এখন চিঠি লিখিছোঁ ! চিঠিৰ উত্তৰ নিবিচাৰোঁ ! মাথোঁ চিঠিখন এবাৰ পঢ়িবা ! মাজে সময়ে তোমালৈ চিঠি লিখি থাকোঁ কিন্তু তোমালৈ পঠিয়াবলৈ এতিয়া আৰু সাহস নাই ডায়েৰীৰ পৃষ্ঠাতে লিপিবদ্ধ হৈ ৰয় ! এইবাৰ চিঠিখন পঠিয়াম বুলি ভাবি লিখিব লৈছোঁ !কেনেকৈ কওঁ এতিয়া মনৰ যন্ত্ৰণাবোৰ ...ক'লেও জানোঁ বুজিবা তুমি! লিখোঁ নিলিখোঁ কৈ আজি তোমালৈ চিঠি এখন লিখিলোঁ ! নিয়তি ইমান নিষ্ঠুৰ হ'ব পাৰেনে ? নিয়তিৰ খেলা সঁচাকৈ মানিব লাগিব ! সময়ৰ লগে লগে আজি তুমি মোৰ স্মৃতিবোৰকো পাহৰি পেলালা আৰু মই তোমাৰ স্মৃতি বোৰক লৈয়েই জীয়াই আছোঁ! সময়ে বাৰু কিয় মোক ইমান শাস্তি দিছে অ' ! তুমি এৰি যোৱাৰ পৰা জোনাক নিশা জোনটিলে চাই উজাগৰে পাৰ কৰোঁ নিশাবোৰ , জোনাকৰ পোহৰত আবদ্ধ হয় মোৰ অনুভৱ বোৰ !জোনটিৰ পোহৰত বিচাৰি ফুৰোঁ মোৰ ভাঙি যোৱা সপোনৰ টুকুৰা !মোৰ এই জীৱন নাটকখনত এতিয়া মাথোঁ জুই একুৰা জ্বলি আছে ! মোৰ জীৱনৰ এই ঘটনা বোৰে এতিয়া জীয়াই জীয়াই মাৰিছে মোক ! মোৰ কি ভুল আছিল কোৱা অনুৰাগ ....
মই যে নোৱাৰিলোঁ হ'ব অনুৰাগৰ অনুৰাগী ! লিখিবলৈ বহুত আছে কিন্তু তুমি পঢ়ি আমনি পাবা বুলিয়েই চুটিকৈয়ে লিখিলোঁ!তুমি কিন্তু নাভাবিবা মই তোমাক পাহৰি পেলালোঁ বুলি ! কিয় মোৰ হৃদয়ত ক্ষন্তেক সময়ৰ বাবে আশ্ৰয় লৈছিলা ! কিয় দিছিলা মিছা প্ৰতিশ্ৰুতি সঙ্গী হোৱাৰ! কিয় অনুৰাগ কিয় ?মোৰ মনে আজি প্রত্যুত্তৰ বিচাৰিছে অনুৰাগ মই কি ভুল কৰিলোঁ যাৰ আজি তুমি মোক এনেদৰে অকলশৰে এৰি থৈ গ'লা ! আজি বৰ কষ্ট পাইছোঁ অ ,মনৰ যন্ত্ৰণা বোৰ বুজিবলৈ আৰু শুনিবলৈ আজি কোনোৱে নাই কাষত । সঁচাকৈ আজি বৰ অকলশৰীয়া অনুভৱ কৰিছো । আৰু কিমান লিখিম তোমাৰ নামত কবিতা কিম্বা চিঠি !লিখি থাকিলেও চোন অনুভৱবোৰে শেষ হোৱাৰ নামে ল'ব নোখোঁজে ।তথাপিও আকৌ কওঁ চিঠি খন এবাৰ পঢ়িবা ।
ইতি
তোমাৰ
পাগল প্ৰেমিক


No comments:
Post a Comment