সম্পাদকীয় (Nébíngké Lupénam)
Appíngké Okumlo Lé:tomé
(হৰ ঘৰ তিৰঙ্গা)
ভাৰতবৰ্ষই অহা ১৫ আগষ্টত পালন কৰিব স্বাধীনতাৰ ৭৫ তম বৰ্ষপূৰ্তি।। এখন স্বাধীন দেশৰ নাগৰিক ৰূপে আমি গৌৰৱ কৰোঁ। আমি স্বাধীন। শুনিলেই কিবা এটা ভাল লাগে। নিজকে দুখ যন্ত্ৰণা আদিৰ পৰা সম্পূৰ্ণ মুক্ত যেন অনুভৱ হয়। ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰাৰ পিছৰে পৰা আমি প্ৰতি বছৰে ১৫ আগষ্টৰ দিনটোত ৰাষ্ট্ৰীয় পতাকা উৰুৱাই যথেষ্ট উলহ মালহেৰে স্বাধীনতা দিৱস উদযাপন কৰি আহিছোঁ। এইবাৰ কিন্তু অলপ পৃথকভাৱে স্বাধীনতা দিৱস উদযাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰে নতুন পদক্ষেপেৰে নাগৰিকক সুবিধা প্ৰদান কৰিছে। ভাৰতীয় জাতীয় পতাকা সমগ্ৰ দেশৰ বাবে ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতীক। আমাৰ ৰাষ্ট্ৰীয় পতাকাক অধিক সন্মান জনোৱাৰ বাবে, আজাদী কী অমৃত মহোৎসৱৰ ('স্বাধীনতাৰ পবিত্ৰ উৎসৱ') অধীনত সকলো প্ৰচেষ্টা তদাৰক কৰা মাননীয় গৃহমন্ত্ৰীয়ে 'হৰ ঘৰ তিৰঙ্গা' অৰ্থাৎ প্ৰতিটো ঘৰতে তিৰঙ্গা কাৰ্যসূচীত অনুমোদন জনাইছে।
সাম্প্ৰতিক সময়ৰ এক জনপ্ৰিয় ৰেডিও অনুষ্ঠান ' মন কী বাত'ৰ ৯১ তম খণ্ডত দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দেশৰ নাগৰিকক আহ্বান জনাই কৈছে - ভাৰতৰ স্বাধীনতাৰ ৭৫ তম বছৰ উপলক্ষে প্ৰতিটো ঘৰতে ১৩ ৰ পৰা ১৫ আগষ্টলৈ ত্ৰিৰংগা উত্তোলন বা উৰুৱা কাৰ্যসূচী ৰূপায়ন কৰিব লাগে। কিয়নো ত্ৰিৰংগাই আমাক সংযোগ কৰে আৰু আমাক দেশৰ বাবে কিবা কৰিবলৈ অনুপ্ৰাণিত কৰে। ইয়াৰোপৰিও ৰাষ্ট্ৰীয় পতাকাৰ প্ৰতি সন্মান জনাই ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাৰ জন্মদাতা পিঙ্গলি ভেংকয়াৰ জন্ম বাৰ্ষিকী উপলক্ষ্যে তেখেতক সন্মান জনাই সকলোৰে ছ'চিয়েল মিডিয়া প্ৰ'ফাইলত ২ ৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাৰ ফটো ৰাখিব পাৰিব বুলি প্ৰধান মন্ত্ৰীয়ে মন কী বাতত উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰৰ এই নতুন পদক্ষেপক আমি স্বাধীন দেশৰ নাগৰিক হিচাপে আন্তৰিকতাৰে আদৰণি জনাইছোঁ।
হৰ ঘৰ তিৰঙ্গা হৈছে ১৫ আগষ্টত স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকীৰ আগভাগত প্ৰতিটো ঘৰে আজাদী কা অমৃত মহোৎসৱৰ ('স্বাধীনতাৰ পবিত্ৰ উৎসৱ') অধীনত ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শন কৰাৰ এক অভিযান।
সমগ্ৰ দেশৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাইয়ো আজাদী কী অমৃত মহোৎসৱ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ অভিযান 'হৰ ঘৰ ত্ৰিৰংগা' ৭৫ তম স্বাধীনতা দিৱসত তিনিদিনীয়াকৈ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ সংকল্পৰে ৰাজ্যৰ প্ৰতিঘৰ পৰিয়লকে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায়।
হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ আঁৰৰ মূল ধাৰণাটো হ'ল জনসাধাৰণৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি কঢ়িয়াই অনা আৰু ভাৰতীয় জাতীয় পতাকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। এই অভিযানৰ দ্বাৰা মানুহক তিৰঙ্গাক ঘৰলৈ আনিবলৈ উৎসাহিত কৰাতো অতি আদৰণীয় পদক্ষেপ। কিছু বছৰ আগলৈকে পতাকাৰ সৈতে আমাৰ সম্পৰ্ক ব্যক্তিগততকৈ অধিক আনুষ্ঠানিক বা প্ৰতিষ্ঠানগত আছিল। শিক্ষানুষ্ঠন, চৰকাৰী কাৰ্যালয়সমূহত পতাকা উত্তোলন কৰা দেখা গৈছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে দেশবাসীক দেশপ্ৰেমেৰে উদ্বুদ্ধ কৰিবলৈ এইবাৰ নতুন পদক্ষেপ লৈছে য'ত প্ৰতিজন নাগৰিকে নিজৰ ঘৰৰ চোতালতে স্বাধীনতা দিৱস উদযাপন কৰিব পাৰিব। সেয়া অতি প্ৰসংশনীয় পদক্ষেপ।
পিছে ৰাষ্ট্ৰক সন্মান জনাই কেৱল তিনিদিনীয়া কাৰ্যসূচীৰে হৰ ঘৰ তিৰাঙ্গা উৰুৱাই স্বাধীনতা দিৱস উদযাপন কৰিলেই স্বাধীন হোৱা নুবুজায়। আমি মুক্ত মনেৰে, সত্যৰ পথেৰে সকলো দিশৰ পৰা নিজকে স্বাধীন বুলি কব পাৰিলেহে সঁচা অৰ্থত আমি স্বাধীন হৈ জীয়াই থাকিব পাৰিম।
তপন লাল


No comments:
Post a Comment