এটা প্ৰেমৰ কবিতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

এটা প্ৰেমৰ কবিতা

 


এটা   প্ৰেমৰ কবিতা 

গায়ত্ৰী দেৱী বৰঠাকুৰ

তেজপুৰ



(মোক এই সংকীৰ্ণতাৰ পৰা তুলি ধৰা। - হীৰুদা।)



আন্তৰ্জাতিক আইনত দেশক

ৰাষ্ট্ৰ বা ৰাজ্য বুলিও 

 উল্লেখ কৰা হয় 


কথাটোত আচৰিত হ'লোঁ 


শুনিছোঁ 

ৰাষ্ট্ৰ হ'বলৈ থাকিব লাগিব 


এক -- নিৰ্দিষ্ট জনগোষ্ঠী

দুই-- নিৰ্দিষ্ট ভৌগোলিক সীমা

তিনি -- প্ৰশাসন যন্ত্ৰৰ লগত থাকিব লাগিব সম্পৰ্ক

চাৰি-- অন্যান্য দেশৰ স্বীকৃতিৰ প্ৰমাণ পত্ৰৰ লগতে গঢ়ি তুলিব লাগিব আন্তৰ্জাতিক সম্পৰ্কও


চাৰি নম্বৰ চৰ্তটো হেনো আটাইতকৈ গুৰুত্বপূৰ্ণ 



তোমাক কি নাম দিম 

মই 


 এই কথাটোৱে হে

  খুলি খাইছে কলিজা



 চৰ্ত নং এক অনুসৰি

তুমি + মই = আমি 


চৰ্ত নং দুই অনুসৰি


তোমাৰ হিয়া + মোৰ হৃদয়= কলিজা 


চৰ্ত নং তিনি অনুসৰি 


বিবেক vs  মন = নাজানোঁ কোন জিকে !


চৰ্ত  নং চাৰি অনুসৰি 


আমাৰ প্ৰেমে লাভ কৰিব জানোঁ 

আন্তৰ্জাতিক স্বীকৃতি =হাতৰ  ৰেখা চাই ভাগ্য ধিয়াব আপুনি 


(কিন্তু  , এইয়া ভৱিষ্যৎবাণী নহয়!!)



(বি. দ্ৰ.-- কবিতা ভালপায় নে আপুনি ?

প্ৰেমৰ কবিতা????)


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages