আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আভাস
প্ৰিয়ংকা পেগু
এডুত গাওঁ
“যোগস্থঃ কুৰু কৰ্ম্মানি সং! তৎক্তা ধনঞ্জয়”
“ সিদ্ধ্যা সিদ্ধ্যোঃ সমোভূত্বা সমত্বং যোগ উচ্যতে”
-গীতা
নিৰ্বিকাৰ ভাৱে কাম কৰা আৰু কামৰ ফলত চিত্ত বা মনৰ সমত্ব বা নিৰ্বিকাৰ ভাৱেই হৈছে যোগ। যোগাসন বা যোগ বা যোগবিদ্যা বা যোগাভ্যাস হৈছে এবিধ দৈহিক,মানসিক আৰু আধ্যাত্মিক দিশত সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত মূলৰ ৰীতি।যোগাসন হ’ল এটি মন আৰু শৰীৰৰ অনুশীলন। যোগাসন বা যোগভ্যাস বিভিন্ন শৈলীৰ শৰীৰিক, শ্বাস-প্ৰশ্বাসৰ কৌশল আৰু ধ্যান বা শিথিলকৰণক একত্ৰিত কৰে।“যোগ” মূলত এটি অত্যন্ত সূক্ষ্ম বিজ্ঞানৰ ওপৰত ভিত্তি কৰে।এই যোগ এটি আধ্যত্মিক শৃংখলা,যি মন আৰু শৰীৰৰ মাজত সামঞ্জস্য অনাৰ ওপৰত দৃষ্টি নিবদ্ধ কৰে।যোগ এটি সুস্থ জীৱন-যাপণৰ বিজ্ঞান।এই যোগ শব্দটো সংস্কৃত ভাষাৰ “যুজ” ৰ পৰা আহিছে।যাৰ অৰ্থ “যোগ দিয়া” (To join) বা “একত্ৰিত কৰা” ( To unit)।
ভাৰতৰ প্ৰাচীন শাস্ত্ৰ, বেদ,উপনিষদ,গীতা আৰু দৰ্শন আদিয়েই সদায়েই সুখৰ পথৰ সন্ধান দিয়ে।সুখ লাভৰ এই পথেই হ’ল যোগৰ পথ।যোগ বুলিলে সাধাৰণতে আমি মিলন অৰ্থ বুজো।অনাদি অনন্তস্বৰূপ, সৎস্বৰূপ, ইশ্বৰৰ সৈতে আমাৰ আত্মাৰ মিলন হ’লে, এই মিলনৰ ফলস্বৰূপে অনন্ত সুখৰ সৃষ্টি হয়।ভাৰতীয় দৰ্শনৰ মতে সকলোৰে মূল হৈছে “পৰমাত্মা” আৰু এই বিশ্বৰ মানৱ সেই পৰমাত্মাৰেই অংশ।“জীৱাত্মা” যোগৰ দ্বাৰা জীৱাত্মাই পৰমাত্মাৰ লগত মিলি যাব পাৰে আৰু তেতিয়াই জীৱাত্মাই পৰম সুখৰ স্তৰত উপনীত হয়।সাধাৰণ অৰ্থত যোগাসনৰ সহায়ত আমাৰ দেহক কিদৰে সুস্থ-সবল কৰি ৰাখিব পাৰি বা দেহক সুস্থ কৰাত সহায় কৰে।লগতে আমাক বিভিন্ন ধৰণৰ বেমাৰ-আজাৰৰ পৰা মুক্ত কৰি সুন্দৰময় জীপন-যাপন কৰাৰ অপৰিহাৰ্য ভূমিকা পালন কৰে।
যোগৰ ইতিহাসঃ
যোগ হৈছে ইতিহাসৰ অতি প্ৰাচীন। প্ৰাচীন কালৰ পৰাই বৰ্তমান সময়লৈ এই যোগ ক্ৰিয়া চলি আছে। এই যোগৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰাটো অতি গুৰুত্বপূৰ্ণ দিশ।সেইবাবে যোগৰ ইতিহাসৰ সম্পৰ্ক তলত থূলমূলকৈ আলোচনা কৰা হৈছে-
প্ৰাক-বৈদিক যুগঃ
কিছুদিন আগত পশ্চিমৰ শিক্ষিত বা এজন ব্যক্তিয়ে বিশ্বাস কৰে যে যোগ আৱিষ্কৃত হয় ৫০০ খ্ৰীষ্টপূৰ্বত,যেতিয়া বৌদ্ধ ধৰ্মৰ সূত্ৰপাত হয়। যেতিয়া হৰপ্পা আৰু মহেঞ্জোদাৰোৰ খনন কাৰ্য চলোৱা হয় তেতিয়া তাত “যোগ”ৰ বিভিন্ন ধৰণৰ ভংগীমা পোৱা গৈছিল।এই সমূহৰ পৰা বুজা যায় যে খ্ৰীষ্ট্ৰ জন্ম ৫০০ বছৰৰ আগেতেও যোগাভ্যাসৰ প্ৰচলন আছিল।কিন্তু এই বক্তব্যৰ লিখিত কোনো প্ৰমাণ পোৱা নাযায়।
বৈদিক যুগঃ
বৈদিক যুগত ধৰ্মীয় অনুষ্ঠানৰ অংগ হিচাপে যোগাভ্যাস কৰা হয় । কিয়নো মনসংযোগ বঢ়াৰ বাবে আৰু দৈনন্দিন জীৱনৰ একযেয়ামী ভাৱে কটাবৰ বাবে।বৈদিক যুগত ধৰ্মীয় যি আচাৰ-আচৰণ, সেই আচাৰ-আচৰণেৰে যোগাভ্যাস কৰিছিল।বৈদিক যুগত ধৰ্মীয় আচাৰ সমূহেই আছিল যোগৰ সংজ্ঞা আত্মাৰ সৈতে পৰমাত্মাৰ যোগ।
পূৰ্ব উপনিষদৰ যুগঃ
উপনিষদ,মহাভাৰত আৰু গীতাত যোগৰ উল্লেখ দেখা যায়। ভাগৱৎগীতাত জ্ঞান যোগ, ভক্তি যোগ, ৰাজ যোগ, আৰু কৰ্ম যোগ এই চাৰি প্ৰকাৰৰ যোগ উল্লেখ পোৱা যায়। গীতাত শ্ৰীকৃষ্ণই যে যদি কোনো ব্যক্তি নম্ৰতা আৰু নিষ্ঠাৰ সৈতে বাস্তৱৰ সৈতে খোজ দি তিনি উচ্চ মাৰ্গৰ চেতনা লাভ কৰে।সেই সময়,যোগ অলপ মাত্ৰও শ্বাস বা ভংগিমা সংক্ৰান্ত অভ্যাস নাছিল, ই আছিল প্ৰত্যাহিক জীৱনৰ এটা অংগ।
উপনিষদ্ যুগঃ
এই যুগত পতঞ্জলিয়ে ১৯৫ টা সূত্ৰক একত্ৰিত কৰি যোগক এক সংক্ষিপ্ত আকাৰ দিয়ে। পতঞ্জলিৰ যোগ দৰ্শন ৰাজ যোগ নামেৰে পৰিচিত।ইয়াত মুঠ আঠটা শাগা আছে- সামাজিক বিধি, ব্যক্তিগত বিধি,শাৰীৰিক ভংগিমা, শ্বাস-প্ৰশ্বাসৰ ভংগিমা, প্ৰত্যাহাৰ,ধাৰণা,ধ্যান আৰু সমাধি।যদিও আগতে পতঞ্জলিৰ যোগাভ্যাসত শ্বাস-প্ৰশ্বাস বিধিৰ সংযোগ কৰিছিল লগতে ধ্যান আৰু সমাধিৰ আনুসংগিক হিচাপে।পতঞ্জলিৰ সূত্ৰত কোনো আসন বা প্ৰণায়মৰ নাম পোৱা নাযায়।
পৰৱৰ্তী উপনিষদ্ যুগঃ
এই সময়ত পতঞ্জলিক অনুসৰণ কৰি , পতঞ্জলিৰ অনুগামীসকলে আসন, ক্ৰিয়া আৰু প্ৰণায়মৰ দ্বাৰা শৰীৰ আৰু মনৰ শুদ্ধতাৰ ওপৰত গুৰুত্ব দি যোগাভ্যাসক এক নতুন মাত্ৰা দিয়ে।শৰীৰ আৰু মন শুদ্ধি এই যোগাভ্যাসকাৰীৰ সমাধিৰ মত উচ্চ মাৰ্গৰ সাধনাত সাহাৰ্য্য কৰে।এই ধৰণৰ যোগক হট্ যোগ বোলা হয়।
আধুনিক যুগঃ
চিকাগোৰ ধৰ্ম মহা-সন্মিলনত স্বামী বিবেকানন্দই তেওঁৰ ঐতিহাসিক বক্তৃতাৰ মাধ্যমেৰে সমস্ত পৃথিৱীত যোগৰ ব্যাখ্যা দিছে।অনেক যোগী পুৰুষ মহৰ্ষি মহেশ যোগী,পৰমহংস যোগানন্দ, ৰামণ মহৰ্ষি আৰু অনেক পশ্চিম বিশ্বৰ তেওঁলোকৰ আধ্যত্মিক জ্ঞানে অনুপ্ৰাণিত কৰে যে সমস্ত বিশ্বই যোগকে ধৰ্ম নিৰ্বিশেষে আধ্যাত্মিকতাৰ এক অন্যতম অংগ হিচাপে গ্ৰহণ কৰিছে। আধুনিক সময়ত টি.কে. কৃষ্ণমাচাৰ্য তেওঁৰ তিনিজন শিষ্যৰ সৈতে যোগাভ্যাসৰ শিক্ষা দিয়ে।তেওঁ এই সমস্ত বিশ্বত যোগাভ্যাস জনপ্ৰিয় কৰি তোলে।
যোগৰ উদ্দেশ্যঃ
যোগৰ কিছুমান বিশেষ উদ্দেশ্য আগত ৰাখি কৰা হয়। যেনে-
অংগ সঞ্চালনৰ বিকাশ।
শাৰীৰিক বিকাশ গঠন।
মানসিক সুস্থতা আৰু সবলতা।
ব্যক্তিত্ত্বৰ সৰ্বাংগীন বিকাশ।
যোগাসনৰ উপকাৰিতা
যোগাসনৰ ফলত আমাৰ নিষ্ক্ৰিয় গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে আৰু সোনকালে বয়সৰ ছাপ নপৰে।
যোগাসনে আমাৰ পেটৰ ভিতৰৰ বিভিন্ন কাৰ্য সম্পাদন সহজ কৰি তোলে আৰু পাচনতন্ত্ৰক পুষ্ট কৰে।
যোগাসনে মেৰুদণ্ড আৰু ৰাজহাড় শক্তিশালী কৰি হেৰুওৱা শক্তি ঘূৰাই পোৱাত সহায় কৰে।
যোগাসনে আমাৰ মাংসপেশীক শক্তিশালী কৰি তোলে আৰু মেদবহুলতা ৰোধ কৰে। দুৰ্বল-পাতল ব্যক্তিক শক্তিশালী কৰি তোলে।
মহিলাৰ সুস্থ শৰীৰৰ বাবে ই অতি উপকাৰী। যোগাসনে নাৰীৰ সৌন্দৰ্য ধৰি ৰাখে। সুগঢ়ী কৰি তোলে।
যোগাসনে বুদ্ধিৰ বিকাশ ঘটায় আৰু স্মৃতিশক্তিৰো বিকাশ কৰে।
সুস্থ শৰীৰৰ বাবে যোগাসন আশীৰ্বাদস্বৰূপ। ই ৰক্ত সঞ্চালনাত সহায় কৰে আৰু মনক স্থিৰতা প্ৰদান কৰে।
শ্বাস-প্ৰশ্বাসৰ বাবেও ই উপকাৰী।
ই খাদ্যাভাসতো প্ৰভাৱ পেলায়।
নিতৌ যোগাসন কৰিলে মনৰ অশান্তি দূৰ হয় আৰু টোপনি ভাল হয়।
ই ৰক্তচাপৰ শংকা দূৰ কৰে। মধুমেহ ৰোগীৰ বাবে যোগাসন অতি উপকাৰী।
ই শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে আৰু ঔষধৰ নিৰ্ভৰশীলতা কমাই আনে।
যোগাসনৰ ফলত দৃষ্টিশক্তি বৃদ্ধি পায়।
শাৰীৰিক, মানসিক, বৌদ্ধিক, আত্মিক সকলো দিশৰ ই বিকাশ সাধন কৰে।
সামৰণিঃ
যোগৰ ধাৰণাক অনাদি কালৰ পৰাই সম্প্ৰতি সমগ্ৰ বিশ্বতে আকোঁৱালি লৈছে। এই যোগ সংস্কৃতিৰ বাবেই ভাৰতক বিশ্বগুৰু হিচাপে জ্ঞান কৰা হয়। মহৰ্ষি পতঞ্জলিয়ে ভাৰতৰ এই সংস্কৃতিক লিখিত ৰূপ প্ৰদান কৰি যোগ সূত্ৰৰ ৰচনা কৰিছিল। যি বৰ্তমান আমাৰ মনুষ্য জাতিৰ বাবে আৰ্শীবাদ হৈ পৰিছে।এই যোগ সংস্কৃতি ভাৰততকৈ বিদেশত অধিক বিস্তৃত হৈ পৰিছে। যোগাসনৰ এনে মহত্বৰ বাবেই ২০১৪ চনৰ ১১ ডিচেম্বৰত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাইে ঘোষণা কৰে।লগতে ২০১৪ চনৰ ২৭ ছেপ্তেম্বৰৰ দিনা ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদক ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীদেৱে জনোৱা আহ্বানেই ২১ জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে পালন কৰা হয়।
গতিকে আধুনিক যুগত যোগাসনৰ উপকাৰিতাসমুহ বিজ্ঞানী আৰু চিকিৎসকেও স্বকীৰ কৰিছে।ই এক প্ৰাকৃতিক পদ্ধতি,যিয়ে আমাক প্ৰকৃতিৰ সৈতে সংযোগ কৰে।শৃংখলাৱদ্ধতা,প্ৰশিক্ষণ,কঠোৰ অনুশাসন আৰু নিষ্ঠাপূৰ্ণ অনুশীলনে ব্যক্তিৰ অন্তৰ্নিহিত প্ৰতিভাৰ পূৰ্ণ বিকাশৰ দ্বাৰা শাৰীৰিক,মানসিক,আধ্যত্মামিক,বৌদ্ধিক আৰু নৈতিক উৎকৰ্ষ সাধন কৰাই জীৱনৰ চৰম লক্ষ্যত উপনীত হোৱাত যোগাসনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে....!!!!!!!


No comments:
Post a Comment