অম্বুবাচী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

অম্বুবাচী

 


অম্বুবাচী

মিনু হাজৰিকা

গুৱাহাটী কাহিলিপাৰা


জিৰ পৰা দহবছৰ মান আগত মই মালিগাঁও স্কুলত শিক্ষকতা কৰি থকাৰ কথা , তেতিয়া অম্বুবাচীৰ সময়ত স্কুলত যাওঁতে বাটত বহু ধৰণৰ বহু ঠাইৰ মানুহবোৰ লগ পাইছিলো ৷ তেওঁলোকক থাকিবৰ বাবে ঠাইয়ে ঠাইয়ে শিবিৰ বনাই দিছিল আৰু বহু লোকে খোৱাৰ যোগান ধৰিছিল ৷ সেই সময়ত মোৰ দেখি ভাল লাগিছিল এই ভাবি যে অসমৰ মানুহবোৰ ধৰ্মক ইমান সুন্দৰকৈ সন্মানেৰে পালন কৰে ৷ এবাৰ আমাৰ স্কুলত অম্বুবাচী মেলাত অহা লোক সকলক খুওৱাৰ বাবে ৰুম লৈছিল ৷ তেতিয়া আমাৰ শিক্ষক- শিক্ষয়িত্ৰী সকলোকো খাবলৈ মাতিলে ৷ অতি সুন্দৰ আপ্যায়ন মোৰ এতিয়াও মনত আছে সেই খোৱা খাদ্যবোৰ ৷ 

 আজি কাম এটাত মালিগাঁও যাওঁতে কথাবোৰ মনত পৰিল আৰু কামাখ্যা যোৱা বাটত ক্ষন্তেক ৰ’লো ৷ ইমান ভীৰ ভাৰ লাগি থকা মন্দিৰৰ প্ৰৱেশ পথ আজি জনশূন্য ৷ 

  আহাৰ মাহৰ প্ৰথম ভাগতেই ষাঁঠ লগা আৰম্ভ হয় ৷ জন বিশ্বাস মতে বছৰত এবাৰ পৃথিৱীৰ মা ঋতুমতী হয় ৷ অসম আৰু উত্তৰপূৰ্বাঞ্চলত অম্বুবাচী আৰম্ভ হয় ৷ 

  গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা-কামাখ্যা মন্দিৰত অম্বুবাচী মেলা আৰম্ভ কৰা হয় ৷ শক্তিপীঠ মা- কামাখ্যাৰ  দ্বাৰ বন্ধ থাকে ৷ এই সময়ত ভক্ত সকলে মন্দিৰৰ বাহিৰতে নাম-কীৰ্ত্তন কৰে আৰু দেৱীক প্ৰণাম জনায় ৷ এই সময় চোৱাত সকলোৱে নীতিনিয়ম মানি চলে ৷

   জন বিশ্বাস মতে পৃথিৱীৰ মা ঋতুমতী হোৱা হেতুকে সেইকেইদিন কৃষক সকলে হাল নাবায় ৷ গছ পুলি আদি নুৰুৱে আৰু গছৰ পৰা একো চিঙি নাখায় ৷ এই ষাঁঠৰ  সময়ত মাটি খন্দা , কোৰ মৰা আদি কামৰ পৰা  বিৰত থাকে ৷ ভৰালত থকা চাউল নুচোৱে আৰু তাৰ পৰা ধানও নানে ৷ শিপিনী সকলে শালত নবহে ৷ অম্বুবাচীৰ সময়ত সকলোৱে নিজৰ ঘৰৰ  গোসাঁই ঘৰ বন্ধ ৰাখে আৰু ফল মূলহে খায় ৷ এইসময়ত আম আৰু গাখীৰ খালে ভাল বুলি বিশ্বাস কৰে ৷ বহুতেই সৰ্পভয় নিবাৰণৰ বাবে এই সময়ত মা-কামাখ্যক প্ৰাৰ্থনা জনায় ৷ অম্বুবাচী ভঙাৰ পিছত সকলোৱে ঘৰ চাফচিকুণ কৰি  সোণ ৰূপৰ পানী চটিয়াই শুদ্ধিকৰণ কৰে ৷৷ 

  প্ৰতিটো ধৰ্মতেই এনেধৰণৰ কিছুমান নিয়ম নীতি থাকে ৷ এই নীতিনিয়মৰ মাজত আমিবোৰ আছো বাবেই আৰু সকলোৱে সকলো ধৰ্মৰ কথা এজনে আনজনৰ জানো বাবেই আমাৰ অসমৰ ঐক্যবদ্ধতা এতিয়াও অটুট আছে ৷


minuhazarika085@gmail.com



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages