অম্বুবাচী
মিনু হাজৰিকা
গুৱাহাটী কাহিলিপাৰা
আজিৰ পৰা দহবছৰ মান আগত মই মালিগাঁও স্কুলত শিক্ষকতা কৰি থকাৰ কথা , তেতিয়া অম্বুবাচীৰ সময়ত স্কুলত যাওঁতে বাটত বহু ধৰণৰ বহু ঠাইৰ মানুহবোৰ লগ পাইছিলো ৷ তেওঁলোকক থাকিবৰ বাবে ঠাইয়ে ঠাইয়ে শিবিৰ বনাই দিছিল আৰু বহু লোকে খোৱাৰ যোগান ধৰিছিল ৷ সেই সময়ত মোৰ দেখি ভাল লাগিছিল এই ভাবি যে অসমৰ মানুহবোৰ ধৰ্মক ইমান সুন্দৰকৈ সন্মানেৰে পালন কৰে ৷ এবাৰ আমাৰ স্কুলত অম্বুবাচী মেলাত অহা লোক সকলক খুওৱাৰ বাবে ৰুম লৈছিল ৷ তেতিয়া আমাৰ শিক্ষক- শিক্ষয়িত্ৰী সকলোকো খাবলৈ মাতিলে ৷ অতি সুন্দৰ আপ্যায়ন মোৰ এতিয়াও মনত আছে সেই খোৱা খাদ্যবোৰ ৷
আজি কাম এটাত মালিগাঁও যাওঁতে কথাবোৰ মনত পৰিল আৰু কামাখ্যা যোৱা বাটত ক্ষন্তেক ৰ’লো ৷ ইমান ভীৰ ভাৰ লাগি থকা মন্দিৰৰ প্ৰৱেশ পথ আজি জনশূন্য ৷
আহাৰ মাহৰ প্ৰথম ভাগতেই ষাঁঠ লগা আৰম্ভ হয় ৷ জন বিশ্বাস মতে বছৰত এবাৰ পৃথিৱীৰ মা ঋতুমতী হয় ৷ অসম আৰু উত্তৰপূৰ্বাঞ্চলত অম্বুবাচী আৰম্ভ হয় ৷
গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা-কামাখ্যা মন্দিৰত অম্বুবাচী মেলা আৰম্ভ কৰা হয় ৷ শক্তিপীঠ মা- কামাখ্যাৰ দ্বাৰ বন্ধ থাকে ৷ এই সময়ত ভক্ত সকলে মন্দিৰৰ বাহিৰতে নাম-কীৰ্ত্তন কৰে আৰু দেৱীক প্ৰণাম জনায় ৷ এই সময় চোৱাত সকলোৱে নীতিনিয়ম মানি চলে ৷
জন বিশ্বাস মতে পৃথিৱীৰ মা ঋতুমতী হোৱা হেতুকে সেইকেইদিন কৃষক সকলে হাল নাবায় ৷ গছ পুলি আদি নুৰুৱে আৰু গছৰ পৰা একো চিঙি নাখায় ৷ এই ষাঁঠৰ সময়ত মাটি খন্দা , কোৰ মৰা আদি কামৰ পৰা বিৰত থাকে ৷ ভৰালত থকা চাউল নুচোৱে আৰু তাৰ পৰা ধানও নানে ৷ শিপিনী সকলে শালত নবহে ৷ অম্বুবাচীৰ সময়ত সকলোৱে নিজৰ ঘৰৰ গোসাঁই ঘৰ বন্ধ ৰাখে আৰু ফল মূলহে খায় ৷ এইসময়ত আম আৰু গাখীৰ খালে ভাল বুলি বিশ্বাস কৰে ৷ বহুতেই সৰ্পভয় নিবাৰণৰ বাবে এই সময়ত মা-কামাখ্যক প্ৰাৰ্থনা জনায় ৷ অম্বুবাচী ভঙাৰ পিছত সকলোৱে ঘৰ চাফচিকুণ কৰি সোণ ৰূপৰ পানী চটিয়াই শুদ্ধিকৰণ কৰে ৷৷
প্ৰতিটো ধৰ্মতেই এনেধৰণৰ কিছুমান নিয়ম নীতি থাকে ৷ এই নীতিনিয়মৰ মাজত আমিবোৰ আছো বাবেই আৰু সকলোৱে সকলো ধৰ্মৰ কথা এজনে আনজনৰ জানো বাবেই আমাৰ অসমৰ ঐক্যবদ্ধতা এতিয়াও অটুট আছে ৷


No comments:
Post a Comment