দৈত্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, August 1, 2022

দৈত্য

 


দৈত্য

স্বপ্নালী কলিতা


"শান্ত নদীবোৰৰ তলিয়েদিহে সোঁত বয় !"

পানীবোৰ ইমান শান্ত !

ইমান নিৰ্জু গতি !


পাৰবোৰ, গঁৰাবোৰ আচলতে

ভ্ৰমৰ একোখন দেৱাল


সাঁতোৰ নিশিকাজনে 

ভ্ৰমৰ পিঠিত উঠিয়েই

চিৰকাল দেখিব নিৰ্জু গতি ।


মানুহৰো আছে বহুবোৰ মানুহ

নদীৰ দৰে ...

তলেদি সোঁত বোৱা !


দৈত্যবোৰ কৌশলেৰে পুহি ৰখা


সাপ হৈ খুঁটি বেজ হৈ জৰা ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages