এখন দেশ
টম মেদক(বিশিষ্ট কবি হৰেকৃষ্ণ ডেকা চাৰৰ , জন্মদিনৰ উপলক্ষে ৷)
মই মোৰ দেহ স্বইচ্ছাই
দান কৰিলোঁ
মৰনোত্তৰ ভাবে
হস্পিতালত
তাৰ পাছত এজন হিন্দুৱে মোৰ চকুযুৰি নিলে
কোনোবা মুছলমানে হৃদপিণ্ড
খ্ৰীষ্টান এজনে যকৃত
কিডনী দুটা জৈনধৰ্মৰ এজনে নিলে
আৰু মোৰ বুলিবলৈ একোৱেই নেথাকিল
ঈশ্বৰ আল্লা গ’ডতকৈ বেছি প্ৰয়োজন নেকি মোক
কিন্তু মোক মোৰ শৰীৰ জোৰকৰি দান কৰিবলৈ বাধ্য কৰোৱা হ’ল
এখন দেশত
আৰু জীয়াই জীয়াই মোৰ সকলো অংগ কাটি ভাগবতৰাত লাগিল ৰাজনৈতিক দ’লৰ মাজত ৷


No comments:
Post a Comment