মিচিং আগম কৗবাং ৰ ( মিচিং সাহিত্য সভা ) প্ৰতিষ্ঠাপক সম্পাদক হিচাপে - নাহেন্দ্ৰ পাদুন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

মিচিং আগম কৗবাং ৰ ( মিচিং সাহিত্য সভা ) প্ৰতিষ্ঠাপক সম্পাদক হিচাপে - নাহেন্দ্ৰ পাদুন

 



মিচিং আগম কৗবাং ৰ ( মিচিং সাহিত্য সভা ) প্ৰতিষ্ঠাপক সম্পাদক হিচাপে - নাহেন্দ্ৰ পাদুন 

মন্টুৰাম টাইদ

লখিমপুৰ ( হাতীয়েমৰা গাওঁ )


গম  মিগাং নাহেন্দ্ৰ পাদুনৰ কথাৰে - প্ৰতিটো কাৰ্যৰে একোটাহঁত কাৰণ থাকে । তেনেকৈ প্ৰতিটো ক্ৰিয়াৰে একোটাহঁত প্ৰতিক্ৰিয়া থাকে । এই প্ৰথমিক আধাৰত বাক্যটো উত্থাপন কৰিব লগা হ'ল অলিখিত মিচিং ভাষাক লিখিত ৰূপ দিয়াৰ প্ৰসংগত । আমাৰ কৈশোৰ আৰু মোহময়ী যৌৱনৰ কালছোৱাত মিচিং ভাষাক লৈ আনৰ ইতিকিং আৰু অৱজ্ঞাসূচক মন্তব্যৰ তিক্ত অভিজ্ঞতাৰ প্ৰতিক্ৰিয়া স্বৰূপে ইয়াক লিখিত ৰূপত মান্যতা দিয়াৰ দৃঢ় সংকল্প কৈশোৰ কালৰ পৰাই গঢ় লৈ উঠিছিল । 

মিচিং আগম  কৗবাঙৰ জন্ম - ১৯৭১ চনৰ আগষ্ট মাহত ড° নাহেন্দ্ৰ পাদুনদেৱে শিৱসাগৰ কলেজত চাকৰি পাই গুৱাহাটী এৰি আহিছিল । দূৰত্বৰ ব্যৱধানৰ ফলত টাবুৰাম টাইদ আৰু নাহেন্দ্ৰ পাদুনৰ মাজত সেৰেঙা হৈছিল । তেতিয়াৰ দিনত টেলিফোনৰ যোগাযোগ এক প্ৰকাৰ প্ৰায় অসম্ভৱেই বুলিব পাৰি । চিঠি পত্ৰৰ যোগেদি যোগাযোগ বা আদান প্ৰদান কৰিলেও প্ৰেৰণ আৰু প্ৰাপ্তিত কমেও দহ - পোন্ধৰ দিনৰ ব্যৱধান হৈছিল । এনে অৱস্থাৰ পৰিপ্ৰেক্ষিত নৱ - প্ৰস্তাৱিত সংগঠনটোৰ লগত সক্ৰিয়ভাৱে সহযোগ কৰিব পৰা হোৱা নাছিল । তথাপি অধিৱেশনত দুয়ো উপস্থিত হৈছিলগৈ ।

যি কি নহওক পৰৱৰ্তী কালত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মিচিং ৰাইজৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বহা প্ৰতিনিধিমূলক সভাৰ ১৯৭২ চনৰ ১৮ এপ্ৰিল তাৰিখে গ্ৰহণ কৰা এক প্ৰস্তাৱ যোগে ঐতিহাসিকভাৱে ' মিচিং আগম কৗবাঙ ' গঠন কৰা হয় । নিম্নোল্লেখিত ব্যক্তি সকলক লৈ পোন প্ৰথম বাৰৰ বাবে ' মিচিং আগম কৗবাং 'অৰ কাৰ্যকৰী সমিতিখন গঠন কৰা হয় । 

সভাপতি - টাবু টাইদ 

উপ-সভাপতি - দুৰ্গেশ্বৰ দলে 

সচিব - নাহেন্দ্ৰ পাদুন 

যুটীয়া সচিব - ডিৰাম কুম্বাং , বিভীষণ পেগু 

কোষাধ্যক্ষ - ডেম্বি বৰি 

মিচিং আগম কৗবাঙৰ প্ৰথম বাৰ্ষিক সাধাৰণ অধিৱেশন হৈছিল ৯,১০ নৱেম্বৰ , ১৯৭৪ তাৰিখে । অধিৱেশনখনি ধেমাজি মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় । সভাপতি আছিল টাবুৰাম টাইদ আৰু সম্পাদক নাহেন্দ্ৰ পাদুন । সেই সময়তে নাহেন্দ্ৰ পাদুনদেৱে লিপি সম্পৰ্কে মতামত আগবঢ়োৱা হৈছিল । অৰ্থাৎ মিচিং ভাষাৰ বাবে কি লিপি ( অসমীয়া , হিন্দী নে ৰোমান ) গ্ৰহন কৰা হ'ব , এয়া আছিল মূল আলোচ্য বিষয়।

মিচিং আগম কৗবাঙৰ দ্বিতীয় সাধাৰণ অধিৱেশন - ধেমাজী মহাবিদ্যালয়ত ৫ নৱেম্বৰ , ১৯৭৮ তাৰিখে মিচিং আগম কৗবাঙৰ দ্বিতীয় সাধাৰণ অধিৱেশনখনি অনুষ্ঠিত হয় । তেতিয়াও সভাপতি - টাবু টাইদ সম্পাদক নাহেন্দ্ৰ পাদুন । ( প্ৰাক্তন সচিব নাহেন্দ্ৰ পাদুনদেৱে মৌখিকভাৱে দিয়া তথ্যমতে ১৯৭৪ চনৰ কাৰ্যনিৰ্বাহক সমিতি অলপ - ইফাল - সিফাল কৰি এই কাৰ্ষবৰ্ষৰো কাৰ্যনিৰ্বাহক সমিতিৰ দায়িত্বত আছিল ) । 


মিচিং আগম কৗবাঙৰ তৃতীয় সাধাৰণ অধিৱেশন -

মিচিং আগম কৗবাঙৰ তৃতীয় সাধাৰণ অধিৱেশনখন ১১,১২ আৰু ১৩ এপ্ৰিল , ১৯৭৯ তাৰিখে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গোগামুখ হাইস্কুল প্ৰাংগন , গোগামুখত অনুষ্ঠিত হয় । সভাপতি টাবুৰাম টাইদ আৰু সম্পাদক নাহেন্দ্ৰ পাদুন । 

১২ - ০৪- ১৯৭৯ তাৰিখে পোন প্ৰথমেবাৰৰ বাবে মিচিং আগম কৗবাঙৰ সংবিধান গৃহীত কৰে । সংবিধান প্ৰণয়ন কমিটিৰ সদস্য সকল আছিল টাবু টাইদ , নাহেন্দ্ৰ পাদুন । 


মিচিং আগম কৗবাঙৰ চতুৰ্থ সাধাৰণ অধিৱেশন - 

মিচিং আগম কৗবাঙৰ চতুৰ্থ সাধাৰণ অধিৱেশনখন ১৭,১৮ আৰু ১৯ এপ্ৰিল , ১৯৮০ তাৰিখে নিতিদিনিয়া বৰ্ণাঢ্য কাৰ্সূচীৰে অ'ল আসাম মিৰি হাইস্কুল, খেৰকটামুখত অনুষ্ঠিত হয় । সভাপতি নাহেন্দ্ৰ পাদুন আৰু সচিব ডাঃ আনন্দ পেগু ।  আমি ওপৰৰ যি সংক্ষিপ্ত বিৱৰণ পঢ়িলোঁ সকলোখিনি মিচিং সাহিত্য সভালৈ দিয়া নাহেন্দ্ৰ পাদুনৰ অৱদান । অৰ্থাৎ মিচিং ভাষাৰ স্ৰষ্টা নাহেন্দ্ৰ পাদুনৰ অৰিহণা খিনি মিচিং আগম কৗবাঙৰ ইতিহাসত জিলিকি থাকিব । 

নাহেন্দ্ৰ পাদুনদেৱে নিজে লিখিছে -  ১৯৮১ চনত জেঙেৰাইমুখত যেতিয়া পঞ্চম সাধাৰণ অধিৱেশন হৈছিল তাৰ পিছৰ পৰা মোৰ বিষয় - বাবৰ সামৰনি পঢ়িল । কিন্তু মোৰ মন আৰু মগজুত অনবৰতে আগম কৗবাঙৰ শব্দই বাজি থাকিল । অত বছৰে বিভিন্ন ঘাত - প্ৰতিঘাটৰ মাজেদি মিচিং আগম কৗবাঙক কোলাৰ কেঁচুৱাৰ দৰে লালন পালন কৰি আহিছিলোঁ ।






ভ্ৰাম্য - ৮০১১৭৮৭৪০৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages