আমি নিজকে সলনি কৰিবৰ হ'ল - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

আমি নিজকে সলনি কৰিবৰ হ'ল



 আমি নিজকে সলনি কৰিবৰ হ'ল

নন্দেশ্বৰ মিলি


    মি নিজকে সলনি কৰিবৰ হ'ল।আমি একবিংশ শতিকাত বসবাস কৰিও এতিয়াও মন-মানসিকতাবোৰো সলনি কৰিবলৈ সক্ষম হোৱা নাই। এতিয়াও আমাৰ মানসিকতাবোৰ ইমানেই ঠেক আৰু সীমিত গণ্ডীৰ ভিতৰত নিজকে আৱৰি ৰাখিছোঁ যে আমি জীৱশ্ৰেষ্ঠ হয়নে নহয় তাৰ ওপৰত প্ৰশ্নবোধক চিহ্ন থাকি গৈছে।


হয় আমি এতিয়াও জাত-পাত,খোৱা-বোৱা,উচ্চ-নীচ প্ৰশ্নবোৰ তুলি আছোঁ।কিছুৱে নিজকে উচ্চ আনবোৰ নিম্ন তেনে মানসিকতাৰে সমাজখনক গঢ় দিছে।ফলত তেওঁলোকে বাধা-নিষেধ,অস্পৃশ্য আদিৰ দৰে বিভিন্ন অসূয়া-অপ্ৰীতি আৰু জঞ্জালবোৰ গা কৰি উঠিছে।তেনেবোৰ মানসিকতাই আমাৰ সমাজৰ মাজত থকা একতাৰ শিকলিডাল ছিঙি দিছে।


সাম্প্ৰতিক মানুহবোৰে নিজকে শিক্ষিত আৰু আধুনিক বুলি জাহিৰ কৰি আহিছে।নিজকে আধুনিক ডিগ্ৰী-ডিপ্লমাৰে পৰিপুষ্ট সৰ্বজান্তা,উন্নত বুদ্ধি-বৃত্তিৰ মানৱ বুলি চিনাকি দি আহিছে।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ বলত আমি সমগ্ৰ বিশ্বখনকে পদানত কৰি আহিছোঁ।কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে সেই আধুনিক লোকসকলেই আটাইতকৈ নিকৃষ্ট জীৱ হিচাপে নিজকে প্ৰতিপন্ন কৰি আহিছে।ধ্বংসমুখী,নেতিবাচক,বিভাজনমুখী চিন্তাধাৰাৰে সমগ্ৰ বিশ্বখনকে কলুষিত কৰি থৈছে।খোৱা-কামোৰা,যুদ্ধ,উন্মাদনা,হিংসা,দ্বেষ,ঈৰ্ষা,দুৰ্নীতি ,ব্যাভিচাৰী,ধৰ্ষণৰ দৰে অলংকাৰবোৰ মানুহে কঢ়িয়াই লৈ ফুঁৰিছে।দয়া-মমতা,ভাতৃত্ববোধ,বিশ্বাস, ক্ষমা,ত্যাগ,উদাৰতা,পৰোপকাৰ আদিৰ দৰে পৱিত্র গুণবোৰ হেৰুৱাই পেলাইছে।মানৱীয়তা গুণবোৰ বিলুপ্ত হৈ গৈছে।


আমি নিজকে ক্ৰমে ক্ৰমে নিম্নমুখী পৰ্যায়লৈ পৰ্যৱসিত কৰি আহিছোঁ।নিম্নমুখী কাম-কাজেৰে আমি পশুতকৈও অধম স্তৰলৈ গতি কৰি আহিছোঁ।মানুহে মানুহক নিচিনা হৈছোঁ।ক্ষমতা,ধন-যশ,বল লাভ কৰিবলৈ আমি অসুস্থ প্ৰতিযোগীতাত লিপ্ত হৈ গৈছোঁ।কাৰোবাৰ অধিকাৰ কাঢ়ি লৈ হ'লেও নিজৰ কু-স্বাৰ্থ পৰিপূৰণ কৰিবলৈ আগৱাঢ়ি গৈছোঁ।আমাৰ লুভীয়া চৰিত্রবোৰ ক্ৰমশঃ আমাক সকলো দিশতে প্ৰভাৱান্বিত কৰি আহিছোঁ।


আমি মানুহবোৰে নিজকে নিজে মূল্যাঙ্কন কৰাৰ সময় আহি পৰিছে।তেনে পদক্ষেপে আমি কৰি থকা দোষ-ক্ৰটিবোৰক চিনাক্ত কৰাত সহায় কৰিব।  আত্মমূল্যায়ণ,আত্মবোধন আৰু আত্মসংশোধনৰ জৰিয়তেহে আমি এক সুস্থ ব্যক্তিত্বৰ অধিকাৰী হ'ব পাৰিম।আমি নিজকে নিজে সুস্থ কৰি তুলিব পাৰিলেহে সমাজখনকো শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰি তুলিবলৈ সক্ষম হ'ম।সেয়ে কাজেই সময় থাকোতেই তেনেবোৰ উচিত পদক্ষেপ গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন।নহ'লে আমাৰ সমাজখন ধ্বংসমুখী হৈ একেবাৰে নিঃচিহ্ন হৈ যাব তাক ন-দি ক'ব পাৰি।




8638881953

 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages