ত্যাগ
শিখা হাতীবৰুৱা
যোৰহাট
কুঞ্জই আৰু কৰবীয়ে পাকঘৰত কথা পাতি পাতি কামখিনি কৰি থকা দেখি শাহুৱেকেও ওচৰতে ডাইনিং টেবুলৰ চকী এখন টানি লৈ বহিল।
কৰবী ঘৰৰ চাৰি নম্বৰৰ বোৱাৰী আৰু কুঞ্জ সকলোতকৈ ডাঙৰ।
মাজু দুগৰাকী কৰ্মসূত্ৰে বেলেগে বেলেগে আছেগৈ ।
স্থানীয় হাইস্কুলৰ শিক্ষয়িত্ৰী কুঞ্জই বিবাহৰ দুটা বছৰৰ পিছতে স্বামীক হেৰুৱাব লগা হৈছিল । তিনিজন দেৱৰৰ পঢ়া শুনা শেষ হোৱাই নাছিল তেতিয়া আৰু লগত ৰুগীয়া শাহু । নিঃসন্তান কুঞ্জক সকলোৱে বিবাহ কৰি পুনৰ সংসাৰ পাতিবলৈ পৰামৰ্শ দিছিল যদিও সকলো আওকাণ কৰি তিনিও দেৱৰ আৰু শাহুক এৰি যাবলৈ অমান্তি হৈছিল ।
সকলোৱে কৰ্ম সংস্থান লাভ কৰি সংসাৰ পাতি ব্যস্ত হৈ আতঁৰি গ'ল।অৱশেষত গুৰুভাৰ লৈ কুঞ্জ ঘৰখনত থাকিল।
কৰবীও শিক্ষিতা বোৱাৰী । তাই স্বামীৰ পৰা সকলো জানি শুনি লোৱাৰ পাছত কুঞ্জক মাতৃৰ দৰেই জ্ঞান কৰে । সৰু দেৱৰৰ চাকৰি বদলীকৰণৰ খবৰ পাই কুঞ্জৰ চিন্তা হৈছিল । কাৰণ সৰু দেৱৰৰ পুত্ৰই মাক কৰবীতকৈ বৰ মাকক বেছি ভাল পাই। তথাপি যাবই লাগিব যেতিয়া উপায় নাই ।
কিন্তু কৰবীৰ সিদ্ধান্তই কুঞ্জক প্ৰশ্ন বোধকত ৰাখিলে ....
কাৰণ মাজু দুগৰাকীয়ে কুঞ্জক চতুৰ তিৰোতা বুলি আখ্যা দি বহু অপমান কৰি থৈ গৈছে ।
কৰবীৰ আঁৰ হৈ হুকহুকাই কান্দি থাকোঁতে বৰ্ণিলে বৰ মাকক দেখি কথাটো কি সুধিলে ....
উত্তৰবিহীন সময় পাৰ হবলৈ নাপালে অৱশ্যে l
কবৰীয়ে চকুপানীখিনি মোহাৰি দি লাহেকৈ ক'লে ....বাইদেউ, আপুনি কৰা ত্যাগৰ মূল্য আমাৰ ওচৰত দিব পৰাকৈ একো নাই । কেৱল আপোনাক সেৱা কৰাৰ সুযোগ একণ মোক দিয়ক।বৰ্ণিলক মানুহ হবলৈ জ্ঞান দিয়ক । মা আৰু আপোনাৰ ওচৰত আমি নিৰাপদে ইয়াতে থাকিম ।
"হয় বৌ "
সৰু দেৱৰৰ হয়ভৰসূচক মাতষাৰে কুঞ্জক এপৃথিৱী সাহস দিলে । তাই অতিবাহিত সময়ত যিমানখিনি ত্যাগ কৰি আজিৰ দিনটো পাইছেহি তাৰ বিনিময়ত একো বিচৰা নাই ।যি আছে তাতেই সন্তুষ্ট কুঞ্জ ।
আৰু বৰ্ণিলৰ আইতাকক জীৱনৰ অন্যতম প্ৰাপ্তিবোধে সমৃদ্ধ কৰিলে ।
বাহিৰত কাৰোবাৰ কথোপকথন শুনি কুঞ্জ ওলাই আহি দেখিল...বিদ্যালয়ৰ প্ৰধান শিক্ষক ,সহ প্ৰধান শিক্ষক দুয়ো আহিছে ।ভাল খবৰ এটা আছে বুলি কৈ কুঞ্জক চিঠি এখন দিলে । কুঞ্জই আচৰ্য নয়নেৰে পঢ়ি গম পালে তাই হেনো এইবাৰ কৃতি শিক্ষকৰ সম্মান অৰ্জন কৰিছে। যোৱা বছৰকেইটাত অঞ্চলটোৰ ভালে কেইটা বিকলাংগ লৰা ছোৱালীক শিক্ষা গ্ৰহণৰ আৰু
মানসিক বিকাশৰ বাবে বিভিন্ন সা সুবিধা কৰি কুঞ্জই আগবঢ়াই নিয়াত অগ্ৰণী ভূমিকা পালন কৰাৰ বাবে এই সন্মানেৰে বিভূষিত কৰা হৈছে । ত্যাগৰ মহত্বক সময়ে স্বীকৃতি প্ৰদান কৰাত তাই সুখী ।


No comments:
Post a Comment