চেনাই চাপৰিৰ ভোলা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

চেনাই চাপৰিৰ ভোলা


 

চেনাই চাপৰিৰ ভোলা 

বিউটি পেগু 


        চেনাই চাপৰি এক অখ্যাত সৰু চাপৰি। এই চেনাই চাপৰিতে ভোলা গৰখীয়াই বাঁহী বজায়। মই চেনাই চাপৰিৰ গৰখীয়া আদহীয়া বৰলা যুৱক ভোলাক দেখা নাই, লগো পোৱা নাই। কিন্তু তাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনাৰ সুৰ মাজৰাতি , দুপৰীয়া শুনিছোঁ। তাৰ বাঁহীৰ কৰুণ বিননি শুনিলে মোৰ স্বভাৱজাত বিষাদ ভালপোৱা মনটোৱে অধিক বিষাদকেন্দ্রিক হৈ পৰে। ভোলাৰ বাঁহীৰ সূৰৰ এনে এক মাদকতা, চুম্বকীয় আকৰ্ষন আছে তাৰ বাঁহীৰ সুৰে মানুহৰ কাণত , হৃদয়ত গুঞ্জৰিত হ'বই | নদীৰ বতাহে ভোলাৰ বাঁহীৰ কৰুণ সুৰ বহু দূৰলৈ বিয়পাই দিয়ে। জোনাক ৰাতি ভোলাৰ কৰুণ , বিষাদ সুৰৰ বাঁহীৰ মাতে গোটেই চাপৰিটোক আৰু অধিক জোনাক পোহৰৰে উজলাই তোলে বুলি ওচৰৰ গাঁওৰ মানুহে কয়। তাৰ হৃদয়ৰ পৰা নিগৰিত হৈ দুই ওঁঠৰ ফাঁকেদি ওলোৱা মনৰ বেথা স্বৰূপ কৰুণ বাঁহীৰ সুৰবোৰ শুনি দূৰ্ভগীয়া , প্রতাৰিত, অভিমানী প্রেমিক/প্রেমিকা সকলে বিষাদত,বেদনাত বাউলী হৈ পৰে। 

ভোলা হেনো আগতে পঢা-শুনাত ভালেই আছিল। কিন্তু বৰ আবেগিক আছিল। কবিতা লিখিছিল। পথাৰ, নদী, ফুল, গান ভাল পাইছিল। মনত আবেগ অধিক হ'লে বৰ সুন্দৰ কবিতা লিখিছিল। এজনী ছোৱালীৰ প্রেমত পৰিল। কিন্তু ছোৱালী জনীয়ে তাৰ প্রেমক স্বীকৃতি নিদিলে। ফলত অতি আবেগিক ভোলা অাৰু অধিক আবেগিক হৈ পৰিল। কবিতা লিখা বাদ দিলে, কাম বন কৰিবলৈ মন নকৰা হ'ল। ঘৰত মন নব'হা হ'ল। ফলত তাৰ অঘৰী জীৱন আৰম্ভ হ'ল। সি চেনাই চাপৰিত গৰু, মহ ৰখি থাকিবলৈ ল'লে। আৰু বাঁহীত বিষাদৰ কৰুন সুৰ তুলিবলৈ ধৰিলে। যেন মানুহক মুখৰে প্রকাশ কৰিব নোৱাৰা বিননিবোৰ বাঁহীৰে ফুঁ দি চাপৰিৰ নদী, ঝাওবন,জীৱ জন্তুকে জনাই অন্তৰৰ গোপন বেথাবোৰ বোঁৱাই দিব বিচাৰে। ঋতু পৰিবৰ্তনৰ সময়োছোৱাত ভোলাৰ বাঁহীৰ সুৰৰ বিষাদময়তা একেবাৰে কৰুন হৈ পৰে। হয়তো ঋতু পৰিবৰ্তনৰ ফলত প্রকৃতিত দেখা দিয়া সৌন্দৰ্যই তাৰ মনটোক অধিক বিষাদৰে ভাৰাক্ৰান্ত কৰি তোলে।

চাপৰিৰ মানুহবোৰে কয় - সি হেনো বিশ্বাস কৰে এই জনমত তাই তাৰ প্রেমক স্বীকৃতি নিদিলেও অহা জনমত নিশ্চয় কৰিব। সি এইবাবে অহা জনমলৈকে তাইৰ বাবে অপেক্ষা কৰি আছে। সতীৰ পিচত যেনেকৈ পাৰ্ৱতীয়ে শিৱৰ জীৱন থানথিন লগাইছিল এইদৰে তাৰ জীৱনটো হেনো অহা জনমত তাইৰ সংগই এই জনমৰ সকলো বেদনা,দুখ সামৰি মধুময় কৰিব বুলি সি হেনো বিশ্বাস কৰে। এইবাবে তাৰ নাম ভোলা ৰাখিলোঁ। সি সঁচাকৈয়ে ভোলাৰ দৰে ভোলা।

চেনাই চাপৰিলৈ গ'লে ভোলাৰ বাঁহীৰ কৰুণ মূৰ্চ্ছনা মাজৰাতি বা দুপৰীয়া শুনিবছোন।


ফোনঃ ৮৬৩৮৪৫৫৫৪০


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages