জাতি-মাটি-ভেটিৰ ৰাজনীতি মাতৃভাষা মাধ্যমৰ উচুপনি...
দুষ্যন্ত নৰহ
তাহানিৰ লাচিতৰ দিনৰে অসমীয়া জাতিৰ স্বাভিমান শৰাইঘাটৰ ৰণখন দেখাৰ সৌভাগ্য নহ'ল যদিও একৈশ শতিকাৰ শৰাইঘাটৰ শেষ ৰণখন নিজ চকুৰে দেখাৰ সৌভাগ্য উদয় হৈছিল৷ জাতি-মাটি-ভেটিৰ অস্তিত্ব ৰক্ষাৰ যুঁজেই আছিল সেই ৰণৰ মূলমন্ত্ৰ৷ ৷একপ্ৰকাৰ সেই ৰণত পৰিৱৰ্তনীয় সেনানীসকলৰ মুখে মুখে সঘনাই উচ্চাৰিত , চৰ্চিত কেইটিমান শ্ল'গান আছিল- জাতি-মাটি-ভেটি,অস্তিত্ব ৰক্ষাৰ যুঁজ আৰু এয়াই শৰাইঘাটৰ শেষ ৰণ৷লাচিতৰ দেশত সেই ৰণৰ সেনানীসকলে পৰিৱৰ্তনৰ নামত ন-সাজ পিন্ধি গাঁৱেভূঞে ,চহৰে-নগৰে, সভাইসমিতিয়ে 'এয়াই শৰাইঘাটৰ শেষ ৰণ' বুলি জনসভাত ডিঙিৰ সিৰ ফুলাই তিনিকুৰি শপত খাই কোৱা কথাষাৰ আজিও দুচকুলৈ সঘনাই ভাহি আহে৷সেই সময়ত এনে লাগিছিল যে অসমীয়াৰ বৰঘৰত কঁপনিৰ সৃষ্টি কৰি তাহানিৰ ৰামসিংহহঁতে যেন অসমত পুনৰ খোপনি পুতি বহি ল’লেহি৷ তেতিয়াৰ সময়ত মোগলমুক্ত এখনি অসম গঢ়াৰ অংগীকাৰেৰে প্ৰতিগৰাকী অসমীয়াই শৰাইঘাটৰ শেষ ৰণত মৰণপণ যুঁজেৰে হাত উজান দিছিল৷ শৰাইঘাটৰ শেষ ৰণত বিজয়ী হৈ ক্ষমতাত অধিষ্ঠিত হ’লেই বাংলাদেশীসকলৰ ঠিকনাও সলনি হ’ব বুলি তেতিয়াৰ সেনানীসকলে হুংকাৰো প্ৰদান কৰিছিল৷তাৰ এখোপ ওপৰত গৈ নদীবান্ধৰ বিৰুদ্ধেও অৱস্থান ধৰ্মঘট পালন কৰি তেওঁলোকে যে জাতি-মাটি-ভেটিৰ পক্ষত সেই কথাৰ প্ৰমাণ দিবলৈও এচুলিমানো পিছপৰি থকা নাছিল৷ মুঠতে তেতিয়াৰ সময়ত শৰাইঘাটৰ শেষ ৰণখনৰ পণ আছিল- জাতি-মাটি-ভেটিৰ অস্তিত্ব ৰক্ষা কৰা,অসমীয়াৰ ৰক্ষাকৱচ হৈ কাম কৰা, অসমীয়া জাতিৰ স্বাভিমান ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষা প্ৰদান কৰা ইত্যাদি ইত্যাদি৷ শৰাইঘাটৰ শেষ ৰণখনৰ নামতেই দিছপুৰৰ পৰা দিল্লীলৈ নেতাই সোঁৱেবাঁৱে ক্ষমতাত অধিষ্ঠিত হ'ল৷ এতিয়া লাখটকীয়া প্ৰশ্নটো হ'ল - চৰকাৰখনে জাতি-মাটি-ভেটিৰ অস্তিত্ব ৰক্ষা কৰিবলৈ সক্ষম হ'লনে ? আই-মাতৃৰ কোলাত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষিত হলনে?বাংলাদেশীসকলৰ ঠিকনা সলনি হ'লনে?নদীবান্ধৰ কাম-কাজক বন্ধ কৰা হলনে? জাতি-মাটি-ভেটিৰ নামত অসমত 'কা' প্ৰৱৰ্তন হ'ল, জাতি-মাটি-ভেটিৰ নামত বাংলাদেশৰ পৰা হিন্দুক অসমলৈ আনি হিন্দুৰ সংখ্যা বঢ়োৱাৰ কথা কোৱা হ'ল, জাতি-মাটি-ভেটিৰ নামত শপত লোৱা চৰকাৰৰ দিনতেই নদীবান্ধৰ কাম-কাজ সম্পূৰ্ণ কৰি তোলা হ'ল৷ শৰাইঘাটৰ শেষ ৰণৰ কথা কৈ ক্ষমতাত অধিষ্ঠিত হোৱা পৰৱৰ্তী চৰকাৰখনৰ দিনতেই তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰাৰ কথা কৈ অসমীয়া মাতৃভাষা মাধ্যমক সংকুচিত কৰিবলৈ প্ৰয়াস কৰা হ'ল,বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ ৰখাৰ কথা কৈ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ভৱিষ্যৎ বিপদাপন্ন কৰি তোলা হ'ল,চৰকাৰী আদৰ্শ বিদ্যালয়ত ৩০০ টকাৰ মাচুল লোৱাৰ কথা কৈ শিক্ষাৰ মৌলিক অধিকাৰ আইনক খৰ্ব কৰা হ'ল৷জাতি-মাটি-ভেটিৰ অস্তিত্ব ৰক্ষাৰ যুঁজত খলকনি সৃষ্টি কৰা চৰকাৰৰ দিনতেই অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা হ'ল,অসমলোকসেৱা আয়োগৰ বাধ্যতামূলক অসমীয়া প্ৰশ্নকাকতখন প্ৰত্যাহাৰ কৰা হ'ল,পৰৱৰ্তী সময়ত অসম লোকসেৱাৰ পৰীক্ষাত অসমীয়া ভাষাৰ কাকতখন থাকিব নে নাই তাক লৈ সাধাৰণ মানুহে আইনী যুঁজ চলাবলগীয়া হ'ল,চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানত শিক্ষক নিযুক্তি পাবলৈ ইংৰাজীত দক্ষ হোৱাটো বাধ্যতামূলক কৰা হ'ল৷ সম্প্ৰতি জাতি-মাটি-ভেটিৰ অস্তিত্ব কোন দিশে ধাৱিত হৈছে সেই কথা ওপৰত অৱতাৰণা কৰিব খোজা কথাবোৰৰ পৰাই আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰোঁ৷ আচলতে তেতিয়াৰ জাতি-মাটি-ভেটিৰ অস্তিত্ব ৰক্ষাৰ যুঁজখন আছিল এক ক্ষমতা দখলৰ আখৰাহে৷ ক্ষমতা দখলৰ বাবে কৰা এনে আখৰাক শৰাইঘাটৰ ৰণৰ স’তে সনা-পোটোকা কৰি একপ্ৰকাৰ অসমীয়া জাতিৰ স্বাভিমানত এক মোক্ষম আঘাত হনা হ'ল বুলি ক'ব পাৰি৷কিয়নো শৰাইঘাটৰ ৰণ ইতিহাসৰ ঐতিহাসিক পৃষ্ঠাৰে সমৃদ্ধ অসমীয়া জাতিৰ এক স্বাভিমান৷ তাহানিত সেই ৰণ কোনো ক্ষমতা দখলৰ বাবে হোৱা নাছিল৷সেই ৰণ হৈছিল মাথোঁ অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে৷ সেই ৰণৰ বাবেই অসমীয়া জাতি,অসমীয়াৰ ভেটি-মাটি, ভাষা-কলা-সাহিত্য-সংস্কৃতি আদি নিৰাপদে মোগল’ৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল,যাৰ বাবে আমি ইজনে-সিজনৰ বুকুত হাত থৈ আজি গৌৰৱেৰে ক'ব পাৰোঁ- হাজাৰ বছৰীয়া বৰ্ণিল ইতিহাসৰ ঐতিহাসিক পৃষ্ঠাৰে সমৃদ্ধ আমি বাৰেৰহণীয়া অসমীয়া জাতি৷ এসময়ত সেই সকলোবোৰ সম্ভৱ হৈ পৰিছিল একমাত্ৰ লাচিত বৰফুকনৰ অগাধ দেশভক্তিৰ বাবে৷ তেনেস্থলত একমাত্ৰ ক্ষমতা দখলৰ স্বাৰ্থত আজিৰ নেতাই শৰাইঘাটৰ শেষ ৰণৰ কথা কৈ যদি নিজকে লাচিতৰ স'তে সনা-পোটোকা কৰে তেন্তে সেয়া নিশ্চিতভাৱে লাচিতক অপমান কৰাৰ বাহিৰে আন একোৱেই হ'ব নোৱাৰে৷য'ত মাতৃভাষাই সুৰক্ষিত নহয় তেনেহলে জাতি-মাটি-ভেটি ৰক্ষা পৰিল কেনেকৈ?
অসমত অসমীয়া ভাষাৰ দপদপনি থাকিবই লাগিব৷অসমীয়া ভাষাই অসমৰ নানা জাতি-উপজাতিক সমন্বয়ৰ এনাজৰীৰে বান্ধ খাই ৰাখিছে৷ অসমীয়া ভাষা অসমত বসবাস কৰা সকলো শ্ৰেণীৰ মানুহৰ স'তে ভাৱ বিনিময় কৰিব পৰা এক উমৈহতীয়া সাৰ্বজনীন ভাষা৷হাজাৰ বছৰ গৰকা থলুৱা সাহিত্য-সংস্কৃতিৰে সমৃদ্ধ অসমীয়া ভাষা৷একপ্ৰকাৰ অসমীয়া ভাষা বাৰেৰহণীয়া একো একোটা জাতি-জনগোষ্ঠীয় মাতৃভাষাৰ বটবৃক্ষ৷এই বটবৃক্ষজোপাক সাৰ-পানী যোগাাই জীয়াই ৰাখিব পাৰিলেহে আন আন থলুৱা জনগোষ্ঠীয় ভাষাসমূহ ডালে-পাতে ভৰি সেউজীয়া হৈ উঠিব৷তেনেস্থলত অসমীয়া ভাষা-সাহিত্য উন্নয়নৰ হকে সকলোৱেই একাকাৰ হৈ কাম কৰিব লাগিব৷অসমীয়া ভাষিকসকলেও আন আন থলুৱা জাতি-জনগোষ্ঠীয় ভাষা-সাহিত্যসমূহৰ বিকাশত হাত উজান দিব লাগিব৷এনে ঐতিহাসিক পৃষ্ঠাৰে সমৃদ্ধ অসমীয়া ভাষা আজি সংকটৰ গৰাহত৷কেৱল মুখেৰে কৈ থাকিলে এটা ভাষা কেতিয়াও জীয়াই নাথাকে৷ভাষা এটাক জীয়াই ৰখাৰ ক্ষেত্ৰত ভাষাটোৰ ব্যৱহাৰ আৰু প্ৰয়োগ এই দুয়োটা দিশত ইয়াৰ প্ৰয়োগ সঠিক হ'ব লাগিব৷এইটো ঠিক মাতৃভাষা মাধ্যমক জীয়াই ৰাখিবলৈ হ'লে চৰকাৰে চৰকাৰী বা ৰাজহুৱাখণ্ডৰ শিক্ষানুষ্ঠানসমূহ সঠিক পৰিকল্পনাৰে আগৱঢ়াই নিবই লাগিব৷ কিন্তু সম্প্ৰতি চৰকাৰৰ একো একোটা সিদ্ধান্তই মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহৰ ভৱিষ্যৎ ক্ৰমাৎ মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ উপক্ৰম হৈছে৷খোদ অসম চৰকাৰেই যেতিয়া ইংৰাজী মাধ্যমৰ প্ৰতি নিতৌ আসক্তি বাঢ়ে তেতিয়াহ'লে চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানসমূহৰ ভৱিষ্যৎ বিপদাপন্ন হৈ পৰাটো কোনো আচৰিত কথা নহয়৷তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰা,বিদ্যালয় প্ৰাদেশিকীকৰণ বন্ধ ৰখা, শিক্ষক নিযুক্তি পাবলৈ ইংৰাজীত দক্ষ হোৱা বৰ্তমান চৰকাৰখনৰ এনেবোৰ সিন্ধান্তৰ বাবেই সৰ্বত্ৰমহলত প্ৰৱল জোকাৰণিৰ সৃষ্টি হৈছে৷ অসম সাহিত্য সভা-বড়ো সাহিত্য সভা , আছু-এবছুকে ধৰি অসমৰ বিভিন্ন দল-সংগঠনে অসম চৰকাৰৰ এনে সিন্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰৰ শেহতীয়া সেই সিদ্ধান্ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিপন্থী বুলি নিজ নিজ মত ব্যক্ত কৰিছে৷তাৰোপৰি ১২৬ খন বিধানসভা সমষ্টিৰ অন্তৰ্গত CBSE পাঠ্যক্ৰমৰ অধীনত দুখনকৈ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ লোৱা সিন্ধান্তও মাতৃভাষা মাধ্যমৰ উত্থানত অশনি সংকেত কঢ়িয়াই আনিছে৷প্ৰসংগত উল্লেখিত এনেবোৰ কথাৰ পৰাই আমি অনুমান কৰিব পাৰোঁ যে সম্প্ৰতি ইংৰাজী মাধ্যমৰ পোকটিয়ে চৰকাৰৰ মন-মগজুক অক্টোপাছৰ দৰে মেৰিয়াই পেলাইছে, যাৰ ফলত বৌদ্ধিক মহলকে ধৰি বিভিন্ন জাতীয় দল-সংগঠনৰ নেতৃবৃন্দৰ মতামতবোৰ চৰকাৰৰ দৃষ্টিত এফলীয়া হৈ পৰিছে৷ অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে জাতীয় সমস্যাৰ পক্ষত থিয় হৈ জাতিৰ হকে, দহৰ হকে যাতে মাত মাতি যাব পাৰে তাৰ বাবে এনে অধিকাৰ অসমৰ জনতাই অসমৰ জাতীয় দল-সংগঠনসমূহৰ ওপৰতো ন্যস্ত কৰিছে৷ তেনেস্থলত অসমৰ জাতীয় দল-সংগঠনৰ নেতৃবৃন্দৰ মতামতক মুঠেই আওকাণ কৰি চৰকাৰে একপক্ষীয়ভাৱে লোৱা সিদ্ধান্ত অসমৰ ভৱিষ্যতৰ বাবেই এক অশনি সংকেত৷ যি সময়ত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত গৃহীত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে অতিকমেও পঞ্চম শ্ৰেণীলৈ শিক্ষাৰ মাধ্যম ঘৰুৱা ভাষা বা মাতৃভাষা বা স্হানীয় ভাষাত বাধ্যতামূলক বুলি ঘোষণা কৰিছে, সেই সময়ত চৰকাৰৰ এনেবোৰ সিন্ধান্তই আচলতে কিহৰ ইংগিত বহন কৰিছে?প্ৰায় ১৯৫০ চনৰ পৰা বৰ্তমানৰ ২০২০ চনলৈ প্ৰৱৰ্তিত বিভিন্ন ৰাষ্ট্ৰীয় শিক্ষানীতি আয়োগে প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম মাতৃভাষাত হ'ব লাগে বুলি বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে আৰু মাধ্যম কিয় মাতৃভাষাত হ'ব লাগে তাৰ কাৰণবোৰো দোহাৰিছে৷এইফালৰ পৰা ক'বলৈ গ'লে একপ্ৰকাৰ মাতৃভাষা শিশুৰ জন্মস্বত্ব আৰু সংবিধান প্ৰদত্ত অধিকাৰ৷তেনেস্থলত শিশুসকলক সংবিধান প্ৰদত্ত এনে অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাটো একপ্ৰকাৰ আইনৰ পৰিপন্থী৷
যি সময়ত চৰকাৰে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম মাতৃভাষাত পঢ়াৰ পোষকতা কৰিছে তাৰ ঠিক বিপৰীত স্হিতিত একেখন চৰকাৰে তৃতীয় শ্ৰেণীৰ পৰাই গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম প্ৰৱৰ্তন কৰিবলৈ লোৱা সিন্ধান্তই সাধাৰণ জনতাৰ চকু কপালত তুলিছে৷যি সময়ত চৰকাৰে কণ-কণ শিশুহঁতৰ পিঠিত লোৱা বেগৰ ওজন কমাবলৈ প্ৰয়াস কৰিছে সেই সময়ত তৃতীয় শ্ৰেণীত বিজ্ঞান নথকা স্বত্বেও ইংৰাজী মাধ্যমত বিজ্ঞান প্ৰৱৰ্তন কৰি কণ-কণ মইনাহঁতৰ পিঠিত লোৱা বেগৰ ওজন বঢ়াবলৈ লোৱাটো একপ্ৰকাৰ চিন্তনীয়৷ৰাষ্ট্ৰীয় পৰ্যায়ত খোজ পেলাবলৈ হিন্দী ভাষা জনা অতি দৰকাৰ৷অৱশ্যে উচ্চ প্ৰাথমিকত বাধ্যতামূলক বিষয় হোৱা স্বত্বেও হিন্দী বিষয়টি প্ৰাদেশিকীকৰণৰ বঞ্চিত হৈ পৰে৷পিছে , সেয়াও এক হাস্যকৰ৷ আন্তৰাষ্ট্ৰীয় পৰ্যায়ত মূৰদাঙি থিয় হ'বৰ বাবে পাছলৈ ইংৰাজী ভাষা জনা দৰকাৰ৷এইবুলি এখুজি -দুখুজিকৈ মাৰ কোলাৰ পৰা বাগৰি আহিয়েই তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম পঢ়িলেই যে ইংৰাজীত দক্ষ হ'ব এইটোও নহয়৷শিক্ষাৰ আদিপাঠত যেতিয়া এগৰাকী শিশুৱে মাতৃভাষাৰ পৰা একাকৰীয়া হৈ গণিত আৰু বিজ্ঞান বিষয়ত ইংৰাজী মাধ্যম পঢ়িব তেতিয়া হয়তো সেই দুয়োটা বিষয়ত অন্তৰ্গত ইংৰাজী পৰিভাষিক শব্দবোৰ শিশুহঁতৰ বাবে জটিল হৈ পৰাৰ লগতে উচ্চাৰণৰ ক্ষেত্ৰতো কিছু কঠিন হৈ পৰাৰ আাশংকা থাকে৷ যাৰ ফলত শিক্ষাৰ আৰম্ভণিতেই শিশুৱে পাছলৈ গণিত- বিজ্ঞান শিকাৰ প্ৰতি অনীহা উপজিব পাৰে৷ অতি সহজ-সৰল ভাষাৰে যি ভাষা শিশুসকলৰ বাবে সহজে বোধগম্য হয় তেনে ভাষাৰেহে এগৰাকী শিশুৰ মনোজগতখলি পাঠ্যপুথিৰ মাজলৈ আকৃষ্ট কৰিব পাৰি৷ প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ মাধ্যম হিচাপে মাতৃভাষা মাধ্যমকেই শ্ৰেষ্ঠ মাধ্যম বুলি শিক্ষাবিদসকলে মতপোষণ কৰি আহিছে৷প্ৰথমে মাতৃভাষাৰ পৰাহে আন আন ভাষাৰ জ্ঞান শিশুৱে সহজে আহৰণ কৰিব পাৰে৷মাতৃভাষা জ্ঞানৰ অবিহনে শিশুৱে সহজে আহৰণ কৰা আন আন ভাষাৰ জ্ঞান কেতিয়াও পৰিপক্ব হ'ব নোৱাৰে৷গান্ধীজীয়ে এষাৰ কথা কৈছিল- "কেঁচুৱাৰ শাৰীৰিক বিকাশৰ বাবে মাকৰ গাখীৰ যিমান প্ৰয়োজনীয় মানুহৰ মানসিক বিকাশৰ বাবেও মাতৃভাষা সিমানেই প্ৰয়োজনীয়৷" শিশুৰ বাবে কেৱল মাতৃভাষাৰ যোগেদিহে গণিত আৰু বিজ্ঞান শিকাটো সম্ভৱ৷এই সন্দৰ্ভত বিশ্ববৰেণ্য বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমণে কোৱা কথাষাৰ আছিল- we must teach science in the mother tongue. Otherwise science will become a highbrow activity. It will not be an activity in which all people can participate.
ইংৰাজী মাধ্যম পঢ়িলেই যে ইংৰাজীত দক্ষ হ'ব এনে কথা গ্ৰহণযোগা হ'ব নোৱাৰে৷ ইংৰাজী মাধ্যমত পঢ়া এনে ছাত্ৰৰ সন্মুখীন হৈছো , যি সকল ছাত্ৰই ইংৰাজী ভালকৈ লিখিব-ক'ব নোৱাৰে৷ আনহাতে মাতৃভাষা মাধ্যমত পঢ়া এনে ছাত্ৰৰ সন্মুখীন হৈছো, ইংৰাজী বিষয়ত যিসকলৰ দখলেই সুকীয়া ৷ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ কৃতকাৰ্য্যতাৰ ক্ষেত্ৰত মাধ্যম যে কোনো অন্তৰায় হ'ব নোৱাৰে এই কথা সময়ে সময়ে বহু অসমীয়াই প্ৰমাণ কৰি আহিছে৷ তেনেস্থলত ইংৰাজীক উচ্চ আসনত ৰাখি নিজ অসমীয়া মাতৃভাষা মাধ্যমক হেয় প্ৰতিপন্ন কৰি বাৰে বাৰে অসমীয়া পঢ়ি থকা ছাত্ৰসমাজাৰ মনোবল ভাঙি দিয়াটো চৰকাৰৰ উচিত কাম হোৱা নাই৷ তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু গণিত বিষয় দুটা অসমীয়া মাধ্যমত পঢ়ি অহা কেইজনমান অসমীয়াৰ নাম= ড: জিতেন্দ্ৰনাথ শইকীয়া, সৌৰভ চলিহা , ড: মিহিৰ কান্তি চৌধূৰী , কুলেন্দু পাঠক , ড: ভৱেন্দ্ৰনাথ শইকীয়া, শিৱনাথ বৰ্মণ , ড: ক্ষীৰধৰ বৰুৱা. ধীৰাজ বৰুৱা , ড∶ অমৰজ্যোতি চৌধুৰী, ডা∶ ধ্ৰুৱজ্যোতি বৰা ,উদ্ধৱ ভৰালী, ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী , ডা: ৰণোজ পেগু, ড: জয়ন্তী ৰংপী... আৰু শেষৰজন এইবাৰৰ বিজ্ঞান শাখাত শীৰ্ষস্হানপ্ৰাপ্ত ধৃতিৰাজ বাস্তৱ কলিতা৷ সেয়া আছিল কিছু দিনৰ পূৰ্বে বিশিষ্ট কবি ,লেখক জীৱন নৰহৰ ফেচবুক পষ্টত উল্লিখিত এটি তালিকাৰ কিয়দংশ৷ মাতৃভাষা মাধ্যমৰ গইনা লৈ অসমীয়া মাধ্যমক সংকুচিত কৰি আন আন থলুৱা ভাষাৰ উথানৰ পথ ৰুধিবলৈ চৰকাৰে যি কৌশল অৱলম্বন কৰিছে , এই কৌশল অনতিপলমে পৰিহাৰ কৰি অসমীয়া ভাষাৰ স‘তে আন আন থলুৱা জাতি-জনগোষ্ঠীয় ভাষাসমূহৰ উথানৰ বাবেও চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰক৷ চৰকাৰীখণ্ডৰ শিক্ষানুষ্ঠানসমূহত প্ৰাথমিক পৰ্যায়ৰ পৰাই ইংৰাজী বিষয়টিক প্ৰণালীবদ্ধভাৱে বিজ্ঞানসন্মতভাবে পঢ়ুৱাৰ ব্যৱস্থা হাতত লওক৷ ইংৰাজী বিষয়ত দক্ষ শিক্ষক নিয়ুক্তি দিয়ক৷ তেতিয়া হয়তো দেখিব ফ্ৰান্স-আমেৰিকাৰ ছাত্ৰৰ দৰে অসমীয়া মাতৃভাষা মাধ্যমত পঢ়া ছাত্ৰসকলেও এদিন চৰকাৰে ভৱাৰ দৰে ইংৰাজীত দক্ষ হৈ উঠিব৷


No comments:
Post a Comment