সমাজ সংগঠনত শিক্ষকৰ ভূমিকা
জ্যোতিমণি শইকীয়া
আইনষ্টাইনে কৈছিল,'শিক্ষা হ'ল জীৱনৰ বাবে প্ৰস্তুতি। শিক্ষক সকল হৈছে মানৱ সভ্যতাৰ গুৰিয়াল। এটা যুগৰ পৰা আন এটা যুগলৈ,এটা পুৰুষৰ পৰা আন এটা পুৰুষলৈ পৰম্পৰা খিনি কঢ়িয়াই নিয়াৰ ক্ষেত্ৰ হ'ল স্কুল সমূহ। ইয়াৰ বাহক হ'ল শিক্ষক সকল।' আদিম কালৰে পৰাই পৃথিৱীত জ্ঞান পিপাসু দলে জ্ঞান আহৰণৰ বিভিন্ন পদ্ধতি গ্ৰহণ কৰি আহিছে। সেয়া প্ৰাচীন ভাৰতীয় গুৰু গৃহতেই হওক বা প্লেটোৰ একাডেমীতেই হওক বা এৰিষ্টট'লৰ লাইছিয়ামতেই হওক। সমাজত শিষ্য বা ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা গুৰু বা শিক্ষকৰ দায়িত্ব আৰু কৰ্তব্য অপৰিসীম। অৰ্থাৎ সমাজ এখন আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকা অপৰিসীম।
শিক্ষকৰ প্ৰধান আৰু প্ৰথম দায়িত্ব হ'ল শিক্ষাৰ্থীৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ হোৱাটো। শিক্ষা হ'ল প্ৰগতিৰ আধাৰ। যোৱা তিনি-চাৰিটা দশকত বিশ্বৰ সৰ্বতো ক্ষেত্ৰতে অভূতপূৰ্ব আৰু দ্ৰুত পৰিবৰ্তন হৈছে। বিজ্ঞান প্ৰযুক্তিৰ অভাৱনীয় প্ৰগতি,তথ্য প্ৰযুক্তি আৰু যাতায়াত ব্যৱস্থাৰ দ্ৰুততম প্ৰগতিয়ে পৃথিৱীখন সংকুচিত কৰি 'বিশ্ব গাঁৱ'লৈ ৰূপান্তৰিত কৰিছে। দ্ৰুত পৰিবৰ্তনৰ এই যুগ সন্ধিক্ষণত মৰ্যাদা,স্বকীয়তা আৰু আত্ম পৰিচয় বৰ্তাই ৰাখি পৰিবৰ্তন আৰু পৰম্পৰাৰ মাজত এক সুস্থ সম্পৰ্ক স্থাপন কৰি জাতিটোক আগুৱাই নিবৰ বাবে বিদ্যালয় পৰ্যায়ৰ পৰাই শিক্ষক সকল সচেষ্ট হ'ব লাগিব। কাৰণ আজিৰ শিশু ভৱিষ্যতৰ ধৰণীধৰ। আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত শিক্ষক অবিহনে শিক্ষা উদ্দেশ্যহীন। শিক্ষক সকলে পাৰদৰ্শিতাৰে শিক্ষণ-শিকন প্ৰক্ৰিয়া সম্পন্ন কৰি ভৱিষ্যত প্ৰজন্মক কেৱল পুথিগত বিদ্যা আহৰণতে ব্যস্ত নকৰাই নৈতিক দিশটো দায়বদ্ধ কৰি তোলাটো শিক্ষকৰ প্ৰধান দায়িত্ব।
যিকোনো লোকেই নিজক বিকশিত কৰিবলৈ চেষ্টা কৰাটো এক জীৱন জোৰা পদ্ধতি। এই পদ্ধতিয়ে বহুতো দিশ সামৰি লয়,য'ত আমি আমাৰ আচাৰ-ব্যৱহাৰ, চিন্তা-ধাৰণা, জ্ঞান বা দক্ষতাৰ পৰিবৰ্তন আনিব খোজোঁ। আমি জানো যে শিক্ষক সকল এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। জাতিৰ মেৰুদণ্ড হ'বলৈ যোৱা ব্যক্তিজনে চাল-চলন, কথা-বতৰা,সাজ-পোছাক,আচাৰ-ব্যৱহাৰ আদিৰে ছাত্ৰ-ছাত্ৰী তথা সমাজৰ লোকৰ আগত আদৰ্শৱান ব্যক্তি হিচাপে পৰিচয় দিব পাৰিব লাগিব। শিক্ষক সকলে এটা কথা মনত ৰাখিব লাগিব যে আনক জ্ঞানৰ পোহৰ বিলাবলৈ যাওঁতে নিজে সদায় জ্ঞান আহৰণৰ বাবে প্ৰচেষ্টাত ব্ৰতী হ'ব লাগিব। তেওঁলোকে আৰু এটা কথা মনত ৰাখিব লাগিব যে তেওঁলোক এডাল মমবাতিৰ দৰে,যি নিজে গলি আনক পোহৰ দিয়ে।
সমাজ সংগঠনৰ বাবে শিশুসকলক সৰুৰে পৰাই প্ৰস্তুত কৰি তুলিব লাগিব। তাৰ ভিতৰত নিয়মানুৱৰ্তিতাৰ শিক্ষাও অন্যতম। নিয়মানুৱৰ্তিতাৰ জ্ঞান ছাত্ৰ-ছাত্ৰীক শিক্ষকৰ বাদে কোনেও ভালদৰে দিব নোৱাৰে। Punctuality is the only key of success আৰু সময় যে অমূল্য ধন ইয়াৰ গুৰুত্ব ছাত্ৰ-ছাত্ৰীক বুজাই দিব লাগে। যেনেদৰে 'Time and tide wait for no more'. শিশুৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰিবলৈ শিক্ষক সকলে সততে উৎসাহ,অনুপ্ৰেৰণা যোগাই আগুৱাই নিব লাগে। শিক্ষকে দলীয় শিক্ষণৰ প্ৰতি শিক্ষাৰ্থী সকলক উৎসাহিত কৰি সমাজিকীকৰণমুখী কৰিব লাগে। কিয়নো, শিক্ষা প্ৰদান কাৰ্য আৰু ইয়াৰ কৃতকাৰ্যতা বহুলাংশে সামূহিক আচৰণৰ ওপৰত নিৰ্ভৰশীল।
সাফল্যমূলক সমাজ সংগঠনৰ বাবে তিনিটা দিশত পৰিবৰ্তনৰ ৰূপায়ণৰ প্ৰয়োজন। সেইকেইটা হ'ল -- ব্যক্তি, দল আৰু সংগঠন। শিক্ষক সকলে সমাজৰ বিশেষ পৰিবৰ্তনৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। প্ৰথমে বৰ্তমান পৰিস্থিতিৰ আভাস লৈ পৰিবৰ্তনৰ প্ৰয়োজন চিনাক্ত কৰিব লাগে। দ্বিতীয়তে এজন শিক্ষকে সমাজ সংগঠনৰ পৰিবৰ্তনৰ ফলাফল আৰু প্ৰয়োজনীয়তা সম্পৰ্কে স্পষ্ট ধাৰণাৰ বিকাশ কৰিব লাগে। তৃতীয়তে দৰকাৰী আঁচনি সমূহৰ সফল প্ৰতিফলন, পৰীক্ষণ আৰু ৰূপায়ণৰ বাবে সচেষ্ট হ'ব লাগে। সমাজ সংগঠনৰ সংস্কৃতিৰ সৈতে পৰিবৰ্তনক সংযুক্ত কৰিব লাগে। তদুপৰি পৰিবৰ্তন প্ৰক্ৰিয়াৰ সফল প্ৰাপ্তিৰ বাবে কিছুমান কৌশল অৱলম্বন কৰিব লাগে।
শিক্ষাদান এটা বিশেষ কলা। শিক্ষক এজন হ'ল ছাত্ৰসকলৰ বন্ধু,দাৰ্শনিক আৰু পথপ্ৰদৰ্শক। পথপ্ৰদৰ্শক শিক্ষক সকলে শিশুসকলৰ মাধ্যমেৰে অভিভাৱক তথা সমাজৰ লগত সু-সমন্বয় স্থাপন কৰি,সমাজ খনক প্ৰগতিৰ পথত আগুৱাই নিবলৈ সদা সচেষ্ট হৈ থাকিব লাগে। শিক্ষক জনে সদায় মনত ৰখা উচিত যে তেওঁ এটা জাতিৰ নৱ প্ৰজন্মক সমাজমুখী কৰাত ব্ৰতী হৈছে। তাৰবাবে তেওঁক লাগিব ধৈৰ্য, জ্ঞান,সহৃদয়তা আৰু শ্ৰমৰ দক্ষতাৰ একান্ত প্ৰয়োজন।
==================
জ্যোতিমণি শইকীয়া(স: শি:)
২৭২৬ নং পশ্চিম মহব্বৰালী এল পি স্কুল,লাওখোৱা শিক্ষা খণ্ড,নগাঁও।


No comments:
Post a Comment