মিচিং ভাষা-সাহিত্য বিকাশত জাতীয় সংগঠনৰ ভূমিকা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

মিচিং ভাষা-সাহিত্য বিকাশত জাতীয় সংগঠনৰ ভূমিকা



 মিচিং ভাষা-সাহিত্য বিকাশত জাতীয় সংগঠনৰ ভূমিকা

বিজয় বৰি


সিঁচৰতি হৈ থকা এটা জাতিক ঐক্যবদ্ধ ৰূপত গঠনৰ মূল আধাৰ হৈছে ভাষা। এই ভাষাৰ স্বকীয় সাহিত্য, সংস্কৃতিয়ে জাতি এটাৰ অস্তিত্বৰ প্ৰথম পৰিচয়। ভাষা কেৱল মানুহৰ কথাবাৰ্তাৰে মাধ্যম নহয়, ই জাতীয় আত্মপৰিচয়। ভাষাৰ মাজতে নিহিত হৈ থাকে এটা জাতিৰ আয়ুস, নিজস্ব সত্ত্বা আৰু জাতিটোৰ স্বাভিমান। তেনে ক্ষেত্ৰত মিচিং জাতি গঠনত মিচিং ভাষা সাহিত্যই মুখ্য ভুমিকা পালন কৰি আহিছে। তদুপৰি সাহিত্যক এটা জাতিৰ দাপোন বুলি কোৱা হয়। ইফালে মিচিং ভাষা হৈছে মিচিং জাতিৰ প্ৰতীক। মিচিং ভাষা-সাহিত্যৰ দাপোনত মিচিং জাতিৰ কৃষ্টি-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা প্ৰতিফলিত হৈছে। মিচিংসকলে দীঘলীয়া প্ৰব্ৰজনৰ সময়তো নিজৰ স্বকীয় ভাষা-সংস্কৃতি, পৰম্পৰা, লোকাচাৰ বহন কৰি আহিছে। সেয়েহে ভাষাটোৰ শ্ৰীবৃদ্ধি আৰু ভাষা ৰক্ষা কৰাটো প্ৰতিগৰাকী মিচিং ব্যক্তি আৰু মিচিং জাতিৰ নামত গঢ়ি উঠা প্ৰতিটো জাতীয় দল-সংগঠনৰেই গুরুদায়িত্ব আছে। এইখিনি কথাৰ অৱতাৰণা কৰাৰ মূলতে হ'ল মিচিং ভাষাৰ উত্তৰণৰ বাবে মিচিং জাতীয় সংগঠনসমূহে গ্ৰহণ কৰা কাৰ্যপন্থা সম্পর্কে একাষাৰ লিখা। উল্লেখ্য মিচিং ভাষা-সাহিত্য প্ৰসাৰ প্ৰচাৰ আৰু বিকাশ সাধনৰ বাবে মিচিং আগম কৗবাং (সাহিত্য সংগঠন) আছে। ১৯৭২ চনৰ ১৮ এপ্ৰিলত প্ৰতিষ্ঠা লাভ কৰা মিচিং আগম কীবাঙে মিচিং ভাষাৰ বাবে লিপি গ্রহণ, ব্যায়করণ প্রণয়ন, অভিধান প্রণয়ন আৰু সাহিত্যৰ উত্তৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। এই অনুষ্ঠানৰ আপ্রাণ প্রচেষ্টাৰ ফলস্বৰূপে মিচিং ভাষাই ১৯৮৫ চনৰ ৩০ অক্টোবৰত চৰকাৰী স্বীকৃতি লাভ কৰে আৰু ৰাজ্যখনৰ ২৩০ খন প্রাথমিক বিদ্যালয়ত বর্তমান মিচিং ভাষাৰ পাঠদান চলি আছে। অৱশ্যে ইয়াৰে কিছু সংখ্যক শিক্ষক ইতিমধ্যে মৃত্যু আৰু অৱসৰগ্ৰহণ কৰিছে। এইদৰে মিচিং আগম কীৰাঙৰ দ্বাৰা মিচিং ভাষা-সাহিত্য সমৃদ্ধিৰ উদ্দেশ্যে আলোচনা সত্ৰ, গৱেষণা আৰু সাহিত্য সৃষ্টিৰ পৰিৱেশ ৰচনা কৰি আছে। আনহাতে মিচিং জাতিৰ সৰ্ববৃহৎ অনুষ্ঠান হিচাপে ১৯২৪ চনত জন্ম লাভ কৰা মিচিং বাঃনী কীবাং আছে। মিচিং জাতিৰ সৰ্বতো প্ৰকাৰৰ উন্নয়নৰ বাবে কাম কৰাৰ উপৰিও অভিভাৱকৰ ভূমিকা পালন কৰা সংগঠনটোৱে দূৰ অতীতত অসংগঠিত ৰূপত থকা মিচিং সমাজক এটা মঞ্চত একত্ৰিত কৰোৱা হয় আৰু পৰৱৰ্তী সময়ত মিচিং বাঃনী কীবাঙৰ মঞ্চত হোৱা আলোচনা মৰ্মে মিচিংসকলৰ অন্যান্য জাতীয় সংগঠনসমূহ জন্ম লাভ কৰে। ইফালে মিচিং জাতিৰ আটাইতকৈ সক্ৰিয় সংগঠন ৰূপে তাকাম মিচিং পৰিণ কৗবাং চমুকৈ টি এম পি কে পৰিচিত। ১৯৭১ চনত ১৬ অক্টোবৰত জন্ম হোৱা ছাত্ৰ সংগঠনটোৰ মিচিং জাতিক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজিৰ প্ৰেক্ষাপটত মিচিং জাতিক অন্যান্য সমাজৰ সৈতে চিনাকি কৰি দিয়াৰ মূলহোতা হিচাপে টি এম পি কেই গুৰীবঠা ধৰি আছে। সেইবাবে মিচিং জাতিয়ে আজি যি স্থানত অৱস্থান কৰিছে ইয়াৰ সিংহভাগ অৱদান টি এম পি কে বুলি দাবী কৰিব পাৰে। কিন্তু দুর্ভাগ্যৰ বিষয় মিচিঙৰ ভাষা-সাহিত্য, কলা-কৃষ্টি, ৰাজনীতি, সামাজিক পদমর্যদা ইত্যাদি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত জাতীয় ৰাজনৈতিক ছাত্ৰ সংগঠনটোৱে সাংগঠনিক কামকাজত মিচিং ভাষাত লিখা-মেলা কার্য সম্ভষজনক নহয়। এই সংগঠনৰ তৰফৰ পৰা প্ৰকাশ পোৱা মুখপত্র, স্মৃতিগ্ৰন্থ, দলিল আদিত মিচিং ভাষাক অৱহেলা কৰা দেখা যায়। উল্লেখ্য টি এম পি কেই গ্ৰহণ কৰা যিকোনো সিদ্ধান্তৰ প্ৰতি মিচিং ৰাইজে আশাপালি থাকে সেই হিচাপে এই সংগঠনটোৱে ৰাইজৰ মাজত মিচিং ভাষা-সাহিত্যৰ প্ৰতি জনসচেতনা গঢ়ি তোলাত লক্ষণীয় ভূমিকা পালন কৰিব পাৰে। এইদৰে মিচিং কলা-কৃষ্টি বিকাশৰ বাবে ১৯৮৫ চনত মিচিং দূৰ কীবাং জন্ম হয়। মিচিং দূৰ কীবাঙে মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণ, বিকাশ আৰু সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়াই আহিছে। এই কথা সকলোৰে বিধিত যে কলা-সংস্কৃতিয়ে ভাষা-সাহিত্য জীয়াই ৰখাত গুৰুত্বপূৰ্ণ অৱদান যোগাই আহিছে। এই হিচাপে মিচিং দূৰৰ্ব কীবাঙে মিচিং সংগীত, লোকসংগীত, নৃত্য, লোকনৃত্য, লোকবাদ্য আদি সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ কাম কৰি আছে। ইয়াৰ ফলত মিচিং ভাষা-সাহিত্যৰ বিকাশ লাভ সুবিধা হৈছে। ইফালে মিচিংসকলৰ একমাত্ৰ মহিলা সংগঠন তাকাম মিচিং মিমী কীবাং (টি এম এম কে)ৰ ১৯৯০ চনৰ ১০ জানুৱাৰীত জন্ম লাভ কৰিছে। বর্তমান নাৰীসকলে সমাজৰ যিকোনো ক্ষেত্ৰতে সমমর্যদা দাবী কৰি আছে আৰু নাৰীৰ অনুপস্থিতিত কোনো কাম সিদ্ধি নহয়। তাকাম মিচিং মিমী কীবাঙে মিচিং সমাজ গঠনত অপৰিসীম অৰিহণা যোগোৱাৰ লগতে কলা-কৃষ্টি সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ইফালে ১৯৯৩ চনত জন্ম লাভ কৰা মিচিং মিমাগ কীবাং (এম এম কে) হৈছে মিচিংসকলৰ ৰাজনৈতিক সংগঠন। ইতিমধ্যে দুটা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দলটো মিচিং ভাষা সাহিত্য উত্তৰণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা দৃষ্টিগোচৰ হোৱা নাই। এই সংগঠনটোৱে সভা-সমিতিত মিচিং ভাষাত কথাবার্তা কৰে যদিও লিখিত ৰূপত সাংগঠনিক কামকাজ কৰোঁতে মিচিং ভাষা ব্যৱহাৰ নকৰে। অৱশ্যে মিচিং ভাষা-সাহিত্য বিকাশৰ বাবে চৰকাৰ-প্ৰশাসনৰ ওচৰত স্মাৰকপত্ৰ আদি প্ৰদান কৰোঁতে অন্যান্য মিচিং জাতীয় সংগঠনৰ সৈতে মিচিং মিমাগ কীবাঙে সহযোগিতা আগবঢ়ায়। মিচিং ভাষা-সাহিত্য, কলা-সংস্কৃতি বিকাশৰ বাবে প্রবর্তীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইতিমধ্যে দুবাৰ নিৰ্বাচন


অনুষ্ঠিত হৈছে, এই নির্বাচনসমূহত কোনো ৰাজনৈতিক দল বা প্রার্থীয়ে নির্বাচনী প্ৰচাৰ কাৰ্যত ব্যৱহৃত বেনাৰ-পাষ্টাৰ বা দলীয় প্ৰচাৰ-পত্ৰ মিচিং ভাষাত প্ৰচাৰ কৰা দেখা নাই। মিচিং জাতীয় সংগঠনৰ মজিয়াত জন্ম হোৱা বা জাতীয় সংগঠনৰ সমৰ্থিত প্রার্থীয়েও মিচিং ভাষাত নির্বাচনী প্ৰচাৰ কাৰ্য চলোৱা দৃষ্টি গোচৰ হোৱা নাই। ই মিচিং ভাষাৰভাৱে চৰম দুৰ্ভাগ্যৰ বিষয়।


উপৰোক্ত আলোচনা মন কৰিলে এটা কথা ওলাই পৰে যে মিচিং আগম কীবাঙৰ বাহিৰে বাকীবোৰ মিচিং জাতীয় সংগঠনে মিচিং ভাষা-সাহিত্য বিকাশৰ বাবে আৰু মিচিং ৰাইজৰ মাজত ভাষা-সাহিত্যৰ প্ৰতি চেতনা জাগ্ৰত কৰাত গুরুত্বপূর্ণ কাৰ্যসূচী গ্ৰহণ কৰা নাই। উল্লেখ্য যে লিপি বা সাহিত্য সৃষ্টি নেহোৱাৰ আগৰ পৰাই মানুহৰ মুখে মুখে ভাষা প্ৰচলিত হৈ আহিছে। পৃথিৱীত ব্যৱহৃত সকলো ভাষাই লিখিত ৰূপ লাভ নকৰাৰ আগতে মৌখিক ভাষা আছিল। এইদৰে মিচিং ভাষাই লিখিত ৰূপ লাভ কৰাৰ আগৰ পৰাই মানুহৰ মুখে মুখে প্ৰচলিত হৈ আহিছে আৰু তেতিয়াৰ সময়ত এই ভাষা কোৱা মানুহৰ সংখ্যা শতাংশ হিচাপত যথেষ্ট আছিল। কিন্তু বর্তমান সময়ত মিচিং ভাষা-সাহিত্যৰ উদ্যোগত আৰু ব্যক্তিগত পৰ্যায়ত মিচিং ভাষাত লিখা অনেক কিতাপ-পত্ৰ প্ৰকাশ পোৱাৰ পিছতো এই ভাষাৰ মৃত্যুমুখী অৱস্থাত উপনিত হোৱা বিষয়তো চিন্তাৰ কাৰণ হৈ পৰিছে। ইয়াৰ মূলতে হ'ল বৰ্তমান মিচিং মানুহে মাতৃভাষাত কথাবার্তা কৰা লোকৰ সংখ্যা হ্রাস পাই আহিছে। বিশেষকৈ টাউন-চহৰত বসবাস কৰা মিচিং লোকসকলে মাতৃভাষাত কথা পাতিবলৈ অনিশা প্ৰকাশ কৰে। মিচিং সমাজে ক্রমান্বয়ে নিজৰ মাতৃভাষাত কথোপকথন কৰা পৰিসাৰ কৰি অসমীয়া বা অন্য ভাষাত পৰস্পৰে কথাবার্তা কৰি ভাল পায়। অনামিচিং লোকৰ সৈতে কথা পাতোঁতে ৰাজ্যিক ভাষাত কথাবার্তা কৰাতো যুক্তিসংগত, কিন্তু নিজা মানুহৰ মাজত কথা পাতোঁতেও নিজা মাতৃভাষা পৰিহাৰ কৰি অন্য ভাষাত কথাবার্তা কৰি তেওঁলোকে গৌৰৱ অনুভৱ কৰে। এনে কাৰ্যই মিচিং ভাষাক অস্তিত্বৰ সংকটত ঠেলি দিছে। স্মৰণযোগ্য মানুহে কেৱল কথাবার্তা কৰিও ভাষা এটা জীয়াই ৰাখিব পাৰে। কিন্তু কথাবার্তা নকৰিলে কেবল লিখিত ৰূপত লাখ লাখ গ্রন্থ প্রকাশ পালেও ভাষা এটাক জীবিত ভাষা বুলি ক'ব নোৱাৰি। উদাহৰণ স্বৰূপে সংস্কৃত ভাষাত বহুত কিতাপ-পত্ৰ আছে যদিও ই এটা মৃতভাষা হিচাপে পৰিগণিত হৈছে। ভাষাৰ জৰীপ কৰোঁতে সেই ভাষাত মানুহৰ কথোপকথনৰ সংখ্যাৰ ওপৰত গণনা কৰা হয়। মিচিং ভাষা-সাহিত্য উত্তৰণৰ ক্ষেত্ৰত মিচিং জাতীয় সংগঠনবোৰৰ নীতিও অস্পষ্ট। মাতৃভাষাটোৰ শ্ৰীবৃদ্ধি আৰু ভাষাটোক ৰক্ষা কৰাত জাতীয় দল-সংগঠনসমূহৰ কিছু কৰণীয় থাকে। সেইসমূহৰ ভিতৰত জনগণক সচেতন কৰি বৌদ্ধিক বা সামাজিক আলোচনাৰ ভিত্তিত ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰা, পুথিভঁৰাল নিৰ্মাণ কৰি মিচিং ভাষাৰ পুথি অধ্যয়নৰ মানসিকতা গঢ়ি তোলা, গ্রন্থমেলা অনুষ্ঠিত কৰি নতুন লেখকক উৎসাহিত কৰা, মাতৃভাষাত সাহিত্য চৰ্চা কৰা লেখক-সাহিত্যসকলক বঁটা প্ৰদান কৰি উৎসাহিত কৰা, ভাষাৰ শুদ্ধ ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া, সাংবিধানিক প্রক্রিয়াৰে মিচিং ভাষাক জীয়াই ৰক্ষাৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰা আদি তদুপৰি জাতীয় সংগঠনসমূহে প্ৰচাৰ কৰা গোহাৰি-পত্ৰ, প্ৰচিডীং বহী, সংগঠনৰ দ্বাৰা প্ৰকাশ কৰা মুখপত্ৰ-আলোচনী আদিত মাতৃভাষাত লিখা লেখা অগ্ৰাধিকাৰ দিব লাগে। সংগঠনৰ ফালৰ পৰা বিষয়ববীয়ালৈ প্ৰেৰণ কৰা চিঠি-পত্ৰ মিচিং ভাষাত লিখিব লাগে। ভাষাটো সুৰক্ষিত কৰিবলৈ হ'লে সংগঠিত ৰূপত আগবাঢ়িব লাগিব। এজন ব্যক্তিৰ দ্বাৰা ইয়াক ৰক্ষা, প্ৰচাৰ আৰু প্ৰসাৰ কৰা সম্ভৱ নহয়। ইয়াৰ বিপৰীতে জাতীয় সংগঠনসমূহ যদি নীৰৱ হৈ থাকে, তেওঁলোকৰ কৰণীয় দায়িত্বখিনি পালন নকৰে, ৰাইজক মাতৃভাষাৰ প্ৰতি দায়িত্বশীল কৰি যদি নোতোলে, তেতিয়াহ'লে তেওঁলোকে জনসমর্থন হেরাব আৰু নৈতিকভাবেও নিজকে জাতীয় সংগঠন বুলি কৈ তাহা মর্যদা হেৰুৱাব। সাম্প্রতিক বিশ্বায়নে আমালৈ এনে এটি সন্ধিক্ষণ আনি দিছে যে এই সময়ত আমি সকলোৱে পাশ্চাত্যৰ প্রভাৱেৰে প্ৰভাৱিত হৈছে। একোটা জাতিৰ জাতীয়তাবোধৰ প্রথম তথা প্ৰধান সম্পদটো হৈছে নিজৰ মাতৃভাষা। বর্তমান সময়ত ভাষাটোলৈ নামি অহা বিভিন্ন ভাবুকিসমূহে প্রায়ে জাতিটোক বিশৃংখল কৰি পেলাইছে। দুর্ভাগাৰ কথা মিচিং সমাজৰ পৰা ভাল লেখকৰ সংখ্যা কমকৈ ওলাইছে। অধ্যয়নৰ অভাৱত লেখক সৃষ্টি হোৱা নাই। এনে বহুতো শিক্ষিত মিচিং মানুহ দেখিছো মিচিং ভাষাত ৰচনা কৰা কিতাপ-পত্ৰ পঢ়িব নজনাতো আনৰ আগত কৈ গৌৰৱবোধ কৰে। মিচিং সমাজৰ পৰা যি সামান্য পৰিমানৰ লেখক সৃষ্টি হৈছে ইয়াৰ মাজতো সামাজিক দায়বদ্ধতাৰ অভাৱ দেখা যায়। মিচিং ভাষাৰ লেখকসকলে মানসম্পন্ন লেখা সৃষ্টিত গুৰুত্ব দিব লাগে।


পৰিশিষ্ট ঃ বর্তমান চৰকাৰে জনজাতীয় ভাষাক জীয়াই ৰাখি প্ৰচাৰ-প্ৰসাৰৰ বাবে শিক্ষানুষ্ঠানত শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰাটো নীতিগত কথা। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিগত ৭ ফেব্ৰুৱাৰীত (2022 ) ভাৰতীয় সংবিধানৰ ৩৫০ (ক) অনুচ্ছেদ আৰু ৰাষ্ট্ৰীয় নতুন শিক্ষা নীতি - ২০২০ মৰ্মে অসমৰ প্ৰতিটো খিলঞ্জীয়া জনজাতীয় ভাষাক শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাটো জনজাতীয় ভাষাৰ বাবে নিশ্চিতভাৱে ভাল খবৰ। মিচিং, ৰাভা, তিৱা আৰু দেউৰী ভাষাক পঞ্চম শ্রেণীলৈ, কাৰ্বি ভাষাক অষ্টম শ্রেণীলৈ, বড়ো ভাষা আৰু গাৰো ভাষাক দ্বাদশ শ্ৰেণীলৈ নীতিগতভাৱে শিক্ষাৰ মাধ্যম হিচাপে আৰু ডিমাচা ভাষাক বিষয় ভাষা হিচাপে প্রবর্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে ই বাস্তৱত কিমান কার্যকৰী হ'ব সময়তহে ক'ব পৰা যাব।




ফোনঃ ৯৬১৩৬৮৮৮৫৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages