ছাত্ৰ জীৱন : কঠোৰ পৰিশ্ৰমেই সফলতাৰ চাবিকাঠী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, September 5, 2022

ছাত্ৰ জীৱন : কঠোৰ পৰিশ্ৰমেই সফলতাৰ চাবিকাঠী


 

ছাত্ৰ জীৱন : কঠোৰ পৰিশ্ৰমেই সফলতাৰ চাবিকাঠী 

ৰয়েল পেগু


     জিৰ ছাত্ৰ-ছাত্ৰীসকল ভৱিষ্যতৰ দেশৰ সু-নাগৰিক, মানৱ সম্পদ। সকলো সম্পদকৈ মানৱ সম্পদেই শ্ৰেষ্ঠ। এই দেশৰ সু-নাগৰিক তথা মানৱ সম্পদ আজিৰ ছাত্ৰ-ছাত্ৰীসকলক মানৱীয় প্ৰমূল্যবোধ সম্পন্ন উপায়ুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ দায়িত্বৰ শিক্ষক, অভিভাৱক আৰু সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ দায়িত্ব আছে। সম্প্ৰতি শিক্ষা ক্ষেত্ৰতখন তীব্ৰ প্ৰতিযোগিতাপূৰ্ণ। প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে নিজৰ কাংক্ষিত লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিবলগা হয়। সপোন সাকাৰ কৰিবলৈ কঠোৰ অধ্যয়নৰ তপস্যাত বৰ্তি হ'বলগা হয়।


জীৱনত সফলতাৰ কোনো সহজ বা চমু পথ নাই। একাগ্ৰতা আৰু অধ্যবসায়েৰে কৰা কঠোৰ পৰিশ্ৰমেই সফলতাৰ চাবিকাঠী। কোনো বিষয়েই বিশেষ কঠিন বা সহজ নহয়। শিক্ষাৰ্থীজনৰ আগ্ৰহৰ ওপৰত ই নিৰ্ভৰ কৰে। ছাত্ৰ-ছাত্ৰীসকলে বিষয় বাচনিৰ ক্ষেত্ৰত সদায় সচেতন হ'ব লাগে। ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কোনোটো বিষয়ত প্ৰতিভা আছে সেই বিষয়লৈ বিশেষকৈ দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত নামভৰ্তি কৰিব লাগে। আবেগেৰে বা অন্ধভাৱে আনক অনুসৰণ কৰি বিষয় নিৰ্বাচন কৰিব নালাগে। তেনে কৰিলে পিছত লাভতকৈ ক্ষতিৰ সম্ভাৱনা বেছি। সফলতাৰ বাবে ছাত্ৰ-শিক্ষক আৰু অভিভাৱক ত্ৰিভূজৰ দৰে সমানে দায়িত্ব পালন কৰিব লাগে। ছাত্ৰ জীৱনত সময়ানুবৰ্তিতা, নিয়মানুবৰ্তীতা, শৃংখল আৰু অনুশাসন আদি কঠোৰভাৱে মানি চলিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নৰ লগতে ছাত্ৰাৱস্থাৰ পৰা জাতীয় চেতনাৰে উদ্বুদ্ধ হ'ব লাগে, অনুপ্ৰাণিত হ'ব লাগে। 


আমাৰ সমাজখনক আজিও বহু অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি ৰাখিছে। ছাত্ৰাৱস্থাৰ পৰা বিজ্ঞান মানসিকতা গঢ় দিব লাগে। হাতৰ ৰেখাত নহয়, কৰ্মইহে নিৰ্ণয় কৰে মানুহৰ ভাগ্য। যাৰ প্ৰচণ্ড ইচ্ছাশক্তি আৰু অদম্য মানসিকতা বল আছে, সি নিজে নিজৰ ভাগ্যৰেখা ঠানে। ড্ৰাগছমুক্ত পৰিৱেশতহে সুস্থ শৈক্ষিক তথা সামাজিক পৰিৱেশ নিৰ্ভৰশীল। সম্প্ৰতি মাৰাত্মক ড্ৰাগছৰ প্ৰচলন আৰু নতুন প্ৰজন্মৰ মাজত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পাইছে। ড্ৰাগছৰ প্ৰচলন নিৰ্মূলৰ বাবে সমাজৰ সকলো স্তৰৰ লোকৰে দায়িত্ব আছে।


উচ্চ শিক্ষাৰে শিক্ষিত হ'লেই মানুহক প্ৰকৃত শিক্ষিত বুলি নকয়। সৎ চৰিত্ৰ, শিষ্টাচাৰ, নম্ৰ-ভদ্ৰ আচাৰ-ব্যৱহাৰ সৰ্বোপৰি বিনয়ীজনকহে প্ৰকৃত শিক্ষিত মানুহ বুলি কোৱা হয়। শিক্ষাই আমাক জ্ঞান দিয়ে, জ্ঞানে মানুহক বিনয়ী হ'বলৈ শিকায়। জীৱনটো এবাৰে পোৱা যায়। জীৱন সুন্দৰ। অনুপম। জীৱনটোত যদি সকলোৰে বাবে ঠাই থাকে, তেতিয়া কোনে কাৰ জীৱনৰ বাটত হেঙাৰ স্বৰূপ হৈ থিয় দিব। সত্যৰ পক্ষত অকলশৰে থিয় দিব পৰাজনহে এই পৃথিৱীৰ আটাইতকৈ শক্তিশালী মানুহ। ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰাৱস্থাৰ পৰা সত্যানুসন্ধিসু মনৰ হ'ব লাগে। 


জীৱন এক ৰণক্ষেত্ৰ। জীৱন সংগ্ৰামৰ থলী। সময়েৰেই গঠিত জীৱন। জীৱনত কষ্ট নকৰাকৈ একো ফল পোৱা নাযায়। সময়ক সদ্ব্যৱহাৰ কৰি অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমেই জীৱনৰ সফলতাৰ চাবিকাঠী। জীৱনত সফলতা প্ৰাপ্তিৰ বাবে ঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পৰা গুণ আয়ত্ত কৰিব পাৰিব লাগিব। যিকোনো পৰিস্থিতিত বিচলিত নহৈ কাংক্ষিত লক্ষ্য উপনীত হ'বলৈ যুঁজ দিয়াৰ সক্ষমতা আয়ত্ত কৰিব লাগে। জীৱনটোত সফলতা আৰু বিফলতা অংগাংগী। বিফলতাৰ পৰা শিক্ষা গ্ৰহণ কৰি একাগ্ৰতা আৰু অধ্যবসায়েৰে কৰা কঠোৰ পৰিশ্ৰমেৰে বিফলতাক সফলতালৈ ৰূপান্তৰ কৰিব পাৰে। যিজনে দৈৰ্য্য আৰু সাহসক হেৰুৱাই নেপেলাই, কৰ্মকে ধৰ্ম জ্ঞান কৰে ই জানে সফলতাৰ চাবিকাঠী ক'ত। সফলতা থাকে তেওঁৰ দুৱাৰ মুখত।


জীৱন অমূল্য। জীৱন অনুমপ। জীৱনটো এবাৰহে পোৱা যায়। জীৱনলৈ সুখ-দুখ, ঘাট-প্ৰতিঘাট, সংঘাত, সফলতা-বিফলতা নিশ্চিতভাৱেই আহিব। জীৱনলৈ অহা এনে অনেক ধুমুহাক যিয়ে অসীম দৈৰ্য্য আৰু সাহসেৰে মুখামুখি হ'বলৈ সদা প্ৰস্তুত হৈ থাকে, সি সময়ৰ বালিত সোণালী আখৰেৰে নিজৰ নাম লিখিবলৈ সক্ষম। জীৱনলৈ হতাশা আৰু সংঘৰ্ষ আহিবই। ইও জীৱনৰে অংগ। হতাশাত নেতিবাচক চিন্তা-কৰ্মক মনত ঠাই দিব নালাগে। জীৱনটোক ইতিবাচক চিন্তা-কৰ্মৰে মহীয়ান কৰি তুলিব লাগে। সৰ্বোপৰি হাজাৰ বাধা-বিঘিনি আৰু সংঘাতৰ মাজটো জীৱনটো জীয়াই থকাটোকে দাবী কৰে। কেৱল আনুষ্ঠানিক পৰীক্ষাত উত্তীৰ্ণই জীৱনৰ সফলতা নুবুজাই। প্ৰকৃত জীৱন পৰীক্ষাত সফলতাইহে মানুহক মানুহৰ মাজত জীয়াই ৰাখে। জীৱন পৰীক্ষাত সফলতাৰ বাবে নিৰৱচ্ছিন্ন সংগ্ৰাম কৰিবই লাগিব। 


বিশ্বাস আৰু প্ৰেমৰ বাবে সমাজখন বৰ্তি থাকে। জীৱনত নিজৰ ওপৰত, মানুহৰ ওপৰত কেতিয়াও বিশ্বাস আৰু প্ৰেম হেৰাই যাব দিব নালাগে।ছাত্ৰাৱস্থাৰ পৰা পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ অভ্যাস কৰিব লাগে। প্ৰকৃতিৰ নিৰ্বাক অংশৰ প্ৰতি মানুহ সদায় শ্ৰদ্ধাঞ্জলি হ'ব লাগে। মানুহৰ চেহেৰা হ'লেই প্ৰকৃত মানুহ নহ'বও পাৰে। ভাল মানুহ হ'বলৈ চেষ্টা কৰিব লাগে। ভাল মানুহ হ'বলৈ হ'লে চৰিত্ৰৱান, বিনয়ী আৰু মানৱীয় প্ৰমূল্যবোধৰ গৰাকী হ'ব লাগিব। মানুহে ধন-সম্পত্তি হেৰুৱালে একো নহয়, আকৌ অৰ্জন কৰিব পাৰে। কিন্তু এবাৰ চৰিত্ৰ আৰু বিশ্বাস হেৰুৱালে সকলো হেৰুৱায়।








No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages