কবি-বাবা
টম মেদক
কবিতা এটা জাতি কবি ৰাজহাড় ঠিক নহয় নহয় কবি জাতি কবিতাহে জাতিৰ ৰাজহাড়
মই কিয় কবিতা পঢ়িম , কিয় কিয় মই কবিতা পঢ়িব লাগে
কোনো এখন আলোচনীৰ কোনো এজন কবিয়ে একোৱেই দেখা নাই নে, কিয় এনে বাৰে বাৰে হয় কিয় হ’বলৈ পাইছে
আমি কি শান্তি শান্তি দূৰৰ কথা টোপনি যাব পাৰিছো নে, মূৰ তুলি কোনে ক’ব কবিয়ে নহয় নে
জি এছ টি নে পেজ ট্ৰি দেশ উৰ্ধগামী নে নিম্নগামীতাত
এখন দুৱাৰ আৰু খিড়িকীও নথকা ঘৰত বহি থাকে কবি-বাবা
এইফালে জনতাৰ তেজ লগা চিঞৰ- মূল্যবৃদ্ধি মূল্যবৃদ্ধি কিন্তু বাবা আমাৰ বাবাই চাই আছে
হালধীয়া সৰাপাতত ভৰ দি দি
উৰি ফুৰা এছাতি বতাহ
এইফালে ভোকাতুৰ জনতাৰ কান্দোন ভাতমুঠি মোকলাব নোৱাৰি কিন্তু বাবা বাবাই
উপভোগ কৰিছে
ঠেং ভঙা জিঞাই জিৰণি ল’ব নোৱাৰি উৰি উৰি হঠাৎ অৱচেতন হৈ মাটি পৰি যোৱা
এইফালে আকৌ অসহায় জনতাৰ উচুপনি- ভাষাৰ অস্তিত্বক লৈ কিন্তু বাবা বাবা বাবাই
উঠিপৰি লাগিছে
ভাদমাহৰ পোহনীয়া কুকুৰটো বান্ধি ৰাখিবলৈ
আমাৰ কবি -বাবা মহান
ৰাজনীতি- সমাজনীতিত হস্তক্ষেপ নকৰে যদি তেনে হয়!
আমি কিয় কিয় আপোনাৰ কবিতা পঢ়িম , নপঢ়ো তেন্তে ৷


No comments:
Post a Comment