সময় আৰু জীৱনৰ স্বৰলিপি
ববী দত্ত
টীয়ক
" Better have failed in the high aim as l
Than vulgarly in the low aim succed "
( inn Album/ Browning )
সংশয় আৰু সন্দেহৰ আবিৰত মানুহৰ শৈল তেজস্বীয়তাৰ অপমৃত্যু হয়
জীৱনে দুৰ্দান্ত সময়ৰ দৃঢ় প্ৰত্যাহ্বান নেওচি
অপূৰ্ণতাত নিহিত বিশাল সম্ভাৱনাৰ প্ৰতিশ্ৰুতিবোৰ খুচৰি ফুৰে কংক্ৰিত উশাহেৰে।জীৱনৰ চকুত
বিৱৰ্তনৰ ক্ৰমাগত উন্নতিৰ শিখৰ।
তাত অধিষ্ঠিত সকলো মহত্বমেই জীৱনৰ
জ্বলন্ত স্ফুলিংগ ।
অৱধাৰিত পাৰ্থিৱ বিচাৰত নিৰূপণ হোৱা জীৱনৰ
সফলতা বিফলতা অভ্ৰান্ত নহয়
নহয় জীৱন যুদ্ধৰ জয় পৰাজয়ৰ কায়িক চেতনা আৰু পোৱা নোপোৱাৰ সংজ্ঞাহীন কৌশল ।
মানুহ সদায় মানুহেই !
আকাংক্ষাৰ চূড়ান্ত প্ৰতীকত জিলিকি উঠা
আশাৰ অভ্ৰভেদী উচ্চতা
নীলচীয়া আক্ৰুশৰ লম্বিত প্ৰহাৰ সহ্য কৰিব পৰা এছটা কঠিন গ্ৰেনাইট।
সময়ে জীৱনবোৰ টানি টানি দীঘল কৰে
চপাই চপাই দীঘলবোৰ চুটি কৰে
যেন এচলেন্দুৰ সংগ্ৰাম ! কুশলহীনতাৰ বিপক্ষে।
জীৱনলৈ সময়ে কঠিনতাৰে কিয় কঢ়িয়াই আনে
ধূসৰিত অমংগল ,খুচুৰা অপূৰ্ণতাৰ ভগ্নপাত্ৰ?
জীৱনৰ পূৰ্ণতা আছে
কিন্তু পৰিপূৰ্ণতা নাই
সেই পৰিপূৰ্ণতাৰ বাবেই মানুহৰ অদম্য হাঁহাকাৰ
বুকুৰ সেই অভাৱ চাই চাই জীৱনত
সময়ে কজলা হাঁহি মাৰি ঢালি দিয়ে আকাংক্ষাৰ স্বপ্নিল ফটিকা।
আমি জীৱনৰ অতন্দ্ৰ প্ৰহৰী
সময়ৰ বুকুত ক্ষণভংগুৰ পদচিহ্ন মাথোন ।
নোপোৱাটোলৈ হাবিয়াস কৰি কিবা লাভ আছে জানো?
সংকীৰ্ণতাৰ ফুটাৰে চকু পিৰিকাই ভীতিগ্ৰস্ত জীৱনত জয়ৰ গীত গোৱাতকৈ
অনন্তৰ কঠিন দুঃসাধ্য আকাংক্ষা গৌরবেৰে সাৱটি
পৰাজিত হোৱাতোত স্বাদ আছে।
কাৰণ আমি জীৱন !
সময়ৰ গন্ধ পুষ্প চাবুকৰ হাঁহি।
Time is everything.


No comments:
Post a Comment