মিচিং ভাষা-শিক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

মিচিং ভাষা-শিক্ষা



 মিচিং ভাষা-শিক্ষা

খগেন পেগু


যোৱা সংখ্যাৰ পৰা


(একাদশ খণ্ড)


        আমি ইমান পৰে মিচিং ভাষাৰ বানান পদ্ধতি সম্পৰ্কত যথেষ্টখিনি আলোচনা আগবঢ়ালোঁ৷ এতিয়া থাকি গ'ল কিছুমান নতুন সংযোজন৷ সেইবোৰৰ কেইবাটাও ইতিমধ্যে আলোচনা কৰা হৈছে৷ বাকী থাকি গ'ল, Abbreviationৰ ক্ষেত্ৰত আমাৰ লিখন-পদ্ধতি কেনেকুৱা হ'ব লাগে৷

         অৱশ্যে সেইখিনি আলোচনা আগবঢ়াই নিয়াৰ আগতে চোৱা যাওক Abbreviation কি? আভিধানিক অৰ্থ বিচাৰ কৰি চালে আমি পাওঁ—


Abbreviation হ'ল, Abbreviation, Acronym, Contraction আৰু Initialismৰ সমষ্টি৷ এতিয়া চাওঁ,  What is the difference between an abbreviation, an acronym, and an initialism? তাৰ উত্তৰ আমি এনেকৈ পাম—

        

       An Abbreviation is a shortened form of a word or phrase. অৰ্থাৎ Abbriviation মানে শব্দ বা খণ্ডবাক্যৰ সংক্ষিপ্ত ৰূপ৷ তাৰ উদাহৰণ, miss is an abbreviation of mistress.  

      দ্বিতীয়তে, An acronym is a word formed from the first letters of other words. অৰ্থাৎ acronymটো অন্ন্যান্য শব্দৰ প্ৰথম আখৰবোৰেৰে গঠিত শব্দ৷ তাৰ উদাহৰণ, laser is an acronym formed from the  initial letters of the words light amplification by stimulated emission of radiation.

      তৃতীয়তে, A Contraction is a shotened form of a word or words, often joined by an apostrophe. তাৰ উদাহৰণ, I'll is a cintraction of either I shall ir I will.

     শেষত, An Initialism is an abbriviation consisting of initial letters pronounce seoarately. তাৰ উদাহৰণ BBC is an initialism for the British Brodcasting Corporation. গতিকে Acronym, Contraction, Initialism আদিও বহল অৰ্থত Abbreviationৰে অন্তৰ্ভূক্ত৷

      তেনেকুৱা সংক্ষিপ্ত শব্দৰ ৰূপ মিচিং ভাষাতো যথেষ্ট ব্যৱহাৰ হোৱাৰ উদাহৰণ আছে৷ যেনেঃ


D.C., S.D.O., U.P.A., N.D.A., C.P.M., I.A.S., M.P., M.L.A., B.A., M.A., Ph.D. ইত্যাদি৷ এইবোৰ Di Si বা 'D.C.', Es Di O বা "S.D.O.", Ai E Es বা 'I.A.S.', Bi E বা 'B.A.', Em E বা "M.A. ইত্যাদি ৰূপত লিখিলে মিচিং ভাষাৰ শব্দ বা বাক্যবোৰ স্পষ্ট ৰূপত প্ৰকাশ পাব৷ 

     অৱশ্যে এনেকুৱা Abbriviationত  ফুলষ্টপ(Fullstop) ব্যৱহাৰ কৰাৰ ৰীতি আজিকালি প্ৰায় নোহোৱা হৈছে৷ সেয়ে আমিও ফুলষ্টপ ব্যৱহাৰ নকৰাকৈ Abbreviation লিখাৰ ৰীতি কৰিব পাৰোঁ৷ যথাঃ


'DC', "SDO", 'UPA', 'NDA', 'CPM', 'IAS‘, 'MP', 'MLA', 'BA', 'MA', 'Ph.D', TMPK, MAK, "MAC", MDK, MMK, TMMK, MBK ইত্যাদি৷ 

      Inverted coma, অৰ্থাৎ উৰ্দ্ধকমাৰ ভিতৰত থকা আখৰবিলাক ইংৰাজী ভাষাত লিখা বুজাব৷ সেইবোৰৰ অৰ্থ এয়েযে, মিচিং বাক্য বা বাক্যাংশত ইংৰাজী শব্দ থাকিলে সেইবোৰ ওপৰত লিখি দেখুওৱাৰ দৰে উৰ্দ্ধকমাৰ ভিতৰত লিখিব লাগে বুলি ‘মিচিং ভাষাৰ বানান পদ্ধতি' গ্ৰন্থৰ প্ৰণেতা আৰু মিচিং আগম কৌবাঙৰ প্ৰতিষ্ঠাপক সভাপতি টাবুৰাম টাইদদেৱে পৰামৰ্শ দি থৈ গৈছে৷ অন্যথা, ইংৰাজী বা অন্যান্য ভাষাৰ শব্দবোৰ মিচিং বানান(Spelling)-এৰেই লিখিব লাগে৷ যেনেঃ


Di si(Di:si), Es D O, Ai E Es, E Si Es, Em Pi, Em El E(E:mele বুলিয়েই লিখিব পাৰি), Bi E(Bi:ye), Em E ইত্যাদি এনেকৈ লিখিব পাৰি৷ আশা কৰোঁ, এইবোৰ কথা বুজি পোৱাত কাৰো অসুবিধা নহ'ব৷


  আগলৈ……


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages