নিৰ্য্যাতন
মূলঃ এলিচ ৱাকাৰ(torture)
ভৱানুবাদঃ সঞ্জীৱ সাগৰ চৌধুৰী
সিহঁতে যেতিয়া তোমাৰ মাতৃক নিৰ্য্যাতন কৰে
এজোপা গছ ৰোৱা
সিহঁতে যেতিয়া তোমাৰ পিতৃক নিৰ্য্যাতন কৰে
এজোপা গছ ৰোৱা
সিহঁতে যেতিয়া তোমাৰ ভাতৃক নিৰ্য্যাতন কৰে
আৰু নিৰ্য্যাতন কৰে ভগ্নীক
এজোপা গছ ৰোৱা
সিহঁতে যেতিয়া তোমাৰ নেতাক হত্যা কৰে
আৰু হত্যা কৰে প্ৰেমাস্পদক
এজোপা গছ ৰোৱা
সিহঁতে যেতিয়া তোমাক নিৰ্য্যাতন কৰে
অবৰ্ণনীয়ভাৱে
লেবেজান হোৱাকৈ
এজোপা গছ ৰোৱা
সিহঁতে যেতিয়া গছবোৰক নিৰ্য্যাতন কৰিবলৈ ধৰিব
আৰু কাটি পেলাব গোটেইখন অৰণ্য
সিহঁতে গঢ়া
তুমি আৰু এখন আৰম্ভ কৰা •••
সুন্দৰ
ReplyDelete