মই ভাৰতীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

মই ভাৰতীয়



মই ভাৰতীয়

অনুভৱ প্ৰিয়ম মিৰি



মই হিন্দু নহয়

মই মুছলমানো নহয়

মই ভাৰতীয় ।


ভাৰতৰ ইতিহাসক লৈ

ভাৰতৰ সংস্কৃতিক লৈ

মই ভাৰতীয় বাবে নিজকে গৌৰৱ কৰো ।


মই ভাৰতীয় বাবে

ভাৰতৰ বাৰে ৰহনীয়া সংস্কৃতিৰ পোছাক পিন্ধি

ভাৰতৰ যিকোনো ঠাইত ফুৰা-চকা কৰো

কেতিয়াবা গাঁৱত,কেতিয়াবা চহৰত

প্ৰাণ খুলি হাঁহি মনৰ কথা পাতোঁ

শান্তিৰ উশাহ-নিশাহ লওঁ


মোক চিনাত এচাম মানুহে প্ৰায়ে ভুল কৰে

গেৰুৱা ৰঙৰ কাপোৰ পিন্ধা দেখিলে

মোক হিন্দু বুলি কয়

লুঙী টুপী বোৰ্খা পিন্ধা দেখিলে

মোক মুছলমান বুলি 


তেওঁলোকে আকৌ প্ৰাৰ্থনা কৰা দেখিলে

মোক হিন্দু বুলিয়ে কয়

নামাজ পঢ়া দেখিলে মুছলমান বুলি


তেওঁলোকে সূৰ্য-চন্দ্ৰক দাবি কৰে

হিন্দুৰ,মুছলমানৰ বুলি 

আকাশক সানিব খোজে গেৰুৱা ৰং

পিন্ধাব খোজে টুপী লুঙী বোৰ্খা


তেওঁলোকে মোৰ দেহত বিচাৰি ফুৰে

হিন্দু-মুছলমানৰ তেজ

হিন্দু-মুছলমানৰ ধৰ্ম-কৰ্ম


তেওঁলোকে অনুভৱ নকৰে

মোৰ জীৱন শৈলী ভাৰতীয় বুলি

মোৰ পৰম্পৰা ভাৰতীয় বুলি


তেওঁলোকক মই কওঁ

মই হিন্দু নহয়

মই মুছলমানো নহয়

মই ভাৰতীয় ।


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages