দাস
দীপিকা ফুকন
দাস নহওঁ মই
জ্যাত্যাভিমানৰ
নিজ মান অভিমান
আৰু ব্যক্তিগত জীৱনৰ
দাস নহওঁ মই
মিতিৰ কুতুম্ব অথবা
সম্প্ৰদায়ৰ
নহওঁ নিজ আপোন
প্ৰিয় বন্ধুবৰ্গৰ
দাস নহওঁ মই
কোনো দম্ভ ৰাৱণৰ
নহওঁ কোনো
ভণ্ড দালালৰ
দাস নহওঁ মই
কোনো অন্ধ ৰীতি-নীতি
নিৰ্জীৱ পৰম্পৰাৰ
নহওঁ গৃহবাস
অথবা ক্ষুদ্ৰ স্বাৰ্থৰ
দাস কেৱল (মই)
সত্য শুদ্ধ মঙ্গলময়
চিৰসুন্দৰ গুৰুজনৰ।।


No comments:
Post a Comment