অৰ্ধাঙ্গিনী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

অৰ্ধাঙ্গিনী


অৰ্ধাঙ্গিনী

গৌতম মালাকাৰ

কৰিমগঞ্জ



দুৰ্নিবাৰ স্বপ্ন উজাগৰ কৰি

পাতাল গংগা হৈ নীৰৱে বৈ আছা,

পলসুৱা প্ৰাণত ছটিওৱা বীজত

প্ৰেৰণাৰ সঞ্জীৱনী সিঁচিছা।

মহৎ লোকৰ শাশ্বত বাণী হৈ

প্ৰতিটো খোজৰ যতন লৈছা,

পোহৰমুখী যাত্ৰাৰ সন্ধান দিছা...।

সৰু-বৰ প্ৰতিটো সংঘাতত 

মহৌষধিৰ প্ৰলেপ সানিছা,

নাইটিঙ্গেল হৈ বহু উজাগৰী নিশাও কটাইছা!

জীৱন বাঁহীৰ সুমধুৰ মূৰ্চ্ছনা তুমি,

তুমি শতৰূপা,

তুমি শ্ৰেষ্ঠগন্ধা প্ৰজ্ঞা কস্তুৰী,

তুমি অৰ্ধাঙ্গিনী !!


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages