উদ্যম, কৰ্মোদ্যম বনাম চৰকাৰী নীতি
জাতিৰাম কমান
অসমৰ উন্নতি হৈছে বুলি যিমানেই ঢাক ঢোল নবজাওক কিন্তু সামগ্ৰিকভাৱে অসমৰ উন্নয়ণ হোৱা পৰিলক্ষিত হোৱা নাইকিয়া।সঁচা অৰ্থত অসম এতিয়াও অনুন্নত ৰাজ্য। অসমৰ গঢ় আয়ুস ভাৰতৰ ভিতৰতেই কম। প্ৰসূতিজনিত মাতৃ আৰু কেচুৱাৰ মৃত্যুৰ হাৰ অন্য ৰাজ্যৰ তুলনাত বেছি। দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়ালৰ সংখ্যা এতিয়াও অধিক। অসমত স্বাস্থ্যসেৱাৰ নামত বহু কেইখন মেডিকেল কলেজ খোলাৰ লগতে ব্যক্তিগত নাৰ্চিং হোম অসংখ্য আছে যদিও গুণগত চিকিৎসাৰ মানদণ্ড এতিয়াও উন্নত হোৱা নাই। তাৰোপৰি অসমৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ চিকিৎসা বৰ ব্যয়বহুল।
এখন ৰাজ্যত মানুহৰ গঢ় আয়ুস কম কিয় হয়? প্ৰসূতিজনিত মৃত্যুৰ হাৰ বেচি কিয় হয়? কাৰণ, সেইখন ৰাজ্যৰ মানুহ পুষ্টিজনিত ৰোগত আক্ৰান্ত আৰু ৰাজ্যখনৰ চিকিৎসা ব্যৱস্থা সন্তোষজনক নহয়। ভালকৈ খাই বৈ থাকিবলৈ নাপায়, সুচিকিৎসা নাপাই বাবেই তেনে সমস্যাই দেখা দিয়ে।
আমাৰ অসমৰ ব্যক্তিগত চিকিৎসালয়বোৰ যে কিমান ব্যয়বহুল সেই কথাটো আনৰ মুখেৰে শুনা কথা নহয়,আমি কথাটো নিজা অভিজ্ঞতাৰে কৈছো। এবাৰ তেনে এগৰাকী ভুক্তভোগীয়ে গুৱাহাটীত আমাক বৰ আমোদজনক অভিজ্ঞতা এটা ব্যক্ত কৰিছিল। তেওঁ পৰিবাৰৰ কিবা এটা জটিল ৰোগৰ বাবে অসমত চিকিৎসা কৰি কৰি বাৰ লক্ষ টকা পৰ্য্যন্ত খৰছ কৰি সৰ্বস্বান্ত হোৱাৰ পাছতো ৰোগ নিৰাময় নোহোৱাত তেওঁক কোনােবাই মাদ্ৰাজলৈ ৰোগীক নিবলৈ পৰামৰ্শ দিলে। মৰিলেও মৰক তৰিলেও তৰক, যি হয় হব বুলি শেষ আশা বান্ধি ট্ৰেইনেৰে নি মাদ্ৰাজৰ কোনোবা এখন ব্যক্তিগত নাৰ্চিং হোমৰ ডাক্তৰক ৰোগী চোৱালে তেওঁ। মানুহে ক’লে বিশ্বাস নকৰিব যে সেই গৰাকী ডাক্তৰে প্ৰেছক্ৰাইব কৰা দেৰশ টকীয়া দৰব খাই দুৰ্ভগীয়া মানুহজনৰ পৰিবাৰৰ ৰোগ নিৰ্মূল হল!
আমাৰ আজিৰ চিকিৎসক সকল অনুভৱী নহয়, অনুভূতিশীল নহয়। একেবাৰে ৰোগীক পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰে। ঔষধ দি প্ৰকৃত চিকিৎসা কৰাৰ আগতে মেডিকেল টেষ্টৰ নামতেই অভিভাৱক সৰ্বস্বান্ত হোৱাৰ লগতে মূল চিকিৎসা লাভ কৰাৰ আগতেই ৰোগীৰ অৱস্থা আৰু বেছি কাহিল হৈ পৰে।
অসম মেডিকেল কলেজৰ তাহানিৰ অস্থিৰোগ বিশেষজ্ঞ স্বনামধন্য চিকিৎসক ডাঃ শিৱ বৰুৱাদেৱে হাতেৰে পিটিকি মোহাৰি ভগা ডোখৰৰ উমান চাই হাতেৰে টানি মেলি ৰোগীৰ হাত ভঙা ভাল কৰিছিল। আজিকালি অকন মান ফ্ৰেকচাৰ হলেই ৰদ স্ক্ৰু ফিট কৰি কত কি কৰে!মুঠতে এক ব্যয়বহুল দীঘলীয়া চিকিৎসা; তদ্ৰুপ বাকী ৰোগবোৰৰ একেই খৰছী ট্ৰিটমেন্ট।
ব্যক্তিগত খণ্ডৰ চিকিৎসালয়বোৰত সমাজৰ আঢ্যৱন্ত শ্ৰেনীটো, ব্যৱসায়ীক ধনীক শ্ৰেনীটোহে সুচিকিৎসা লাভ কৰিব পাৰে কাৰণ, তেওঁবিলাকে ব্যয়বহুল চিকিৎসাৰ খৰছ বহন কৰিব পাৰে। বাকী অসমৰ সিংহ ভাগ দুখীয়া মধ্যবিত্ত শ্ৰেনীয়ে ৰোগীৰ চিকিৎসা কৰিব নোৱাৰে আৰু যিসকলে কৰিছে তাৰে বেছি ভাগ ঘৰৰ মাটি বাৰী সম্পত্তি বেচি চিকিৎসাত সৰ্বস্বান্ত হয়।আৰোগ্য হোৱা নোহোৱাতো পাছৰ কথা।
চৰকাৰী চাকৰিৰ পাছত নদৌৰি নিজে স্বাৱলম্বী হৈ,ধন টকা পইচা ঘটি আত্মনিৰ্ভৰশীল হবলৈ চৰকাৰে নিতৌ পৰামৰ্শ দি থাকে।কিন্তু চৰকাৰে জানো নিবনুৱা উদ্যোগী যুৱক যুৱতীক সৰু সুৰা উদ্যোগ স্থাপন কৰিবলৈ অৰ্থ সাহাৰ্য্যৰে উপযুক্ত পৰিৱেশ গঢ়ি তুলিছে? আভ্যন্তৰীণ ইন্ফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিছে? মুঠেও কৰা দেখা নাই। উদ্যোগী যুৱকে উদ্যোগ গঢ়িবলৈ নিজা গাঁঠিৰ ধন ভাঙি উদ্যোগ গঢ়োতেও চৰকাৰী মেৰপেচ আৰু অনধিকাৰ হস্তক্ষেপ।বাহিৰা অনা অসমীয়া ব্যৱসায়ীক ফেৰ মৰাতো দূৰৈৰ কথা, বিভিন্ন অজুহাতেৰে নিজৰ ক্ষমতাৰ অপ প্ৰয়োগ কৰি উদ্যোগী যুৱক সকলক নগুৰ নাগতি কৰি যুৱক যুৱতীসকলক নিৰুৎসাহে কৰা দেখা যায় চৰকাৰী বেতনভোগী বিষয়া কৰ্মচাৰী সকলৰ দ্বাৰা।
হেৰৌ,উদ্যমী উদ্যোগী যুৱক সকলক তোমাৰ দৌৰাত্ম্য দেখুৱাবলৈ তোমাৰ হাতত চৰকাৰে ক্ষমতা অৰ্পণ কৰা নাই।চৰকাৰী নীতি নিৰ্দেশনা, আইন কানুনৰ মেৰপেচত উদ্যোগ নীতিক বান্ধি ৰাখিলে উদ্যোগ স্থাপন হব কৰ পৰা? উচ্চ শিক্ষিত যুৱকে চৰকাৰী চাকৰি নকৰি নিজৰ গাঁঠিৰ ধন খৰছ কৰি আত্মনিৰ্ভৰশীল হৈ চলিবলৈ কিবা এটা কৰি মেলি খাই আছে,ৰাইজক সেৱা কৰি আছে, তাক উৎসাহিতহে কৰিব লাগে?তাকে নকৰি চৰকাৰী আইনৰ কথাৰ মেৰপেচ কৰি ফোপজহী মাৰি পাৱাৰ দেখুৱাই চৰকাৰৰ ফোপোলা স্বৰূপটো উদঙোৱা নাইনে বাৰু?
স্থানীয় খিলঞ্জীয়া অসমীয়া মানুহৰ সেই যে চকু চৰহা কেঁকোৰা স্বভাৱটোৱেই অসমীয়া মখাক তিল তিলকৈ মাৰি পেলাইছে। জাতিটো ধ্বংসৰ মুখলৈ ঠেলি দিছে।
জুবিন গাৰ্গে কোৱাৰ দৰে আমি পঞ্জাৱী সকলৰ দৰে কিয় হ’ব নোৱাৰোঁ? পঞ্জাবী মানুহৰ ভিক্ষাৰী নাই। একেবাৰে দুখীয়া পঞ্জাবীজনেও কৰি মেলি খায় আৰু তাক উদ্ধাৰ কৰিবলৈ বাকী পঞ্জাবীসকলে সহায় সহযোগ কৰে। ঠিক তেনেকৈ মাৰোৱাৰীসকলেও দৰিদ্ৰ মাৰোৱাৰীজনক মিলি মেলি সহায় সহযোগ কৰি নিজৰ লাইনলৈ আনে। তেনে মানসিকতাৰ বাবেই আজি মাৰোৱাৰীসকল, পঞ্জাবীসকল বিজিনেচত আগবঢ়া।
উপভোক্তাৰ বাবে ৰেচন পাতি দি থকা দোকান বন্ধ কৰা, নিত্য প্ৰয়োজনীয় অসামৰিক খাদ্য সামগ্ৰী যোগান ধৰা মিল বন্ধ কৰা, দুখীয়া নিচলা গ্ৰামাঞ্চলৰ পশুধন নিৰ্বিচাৰ নিধন কৰা কাৰ্য উচিত পদক্ষেপ নে?
কিবা বেমাৰ হৈছে, চিকিৎসকে প্ৰতিষেধক দৰব পাতি দি ৰোগ নিৰ্মূল কৰাতোহে দায়িত্ব হব লাগে। ৰেচন পাতি,খাদ্য সামগ্ৰী আদি যোগানত কিবা খেলিমেলি হৈছে যদি অফিচলৈ তলব কৰি আলোচনাৰ মাজেদি সমস্যা সমাধান কৰক।তাকে নকৰি চিল কৰা, তলা মৰা, সেইবোৰ কেনে অগনতান্ত্ৰিক কাৰবাৰ?
চৰকাৰক বিনম্ৰ আহ্বান জনাওঁ যে অসমৰ থলুৱা উদ্যোগ আৰু বেপাৰ বাণিজ্যৰ বাবে নিবনুৱা যুৱক যুৱতীক উৎসাহিত কৰিবলৈ flexible and friendly উদ্যোগনীতিৰ ব্যৱস্থা কৰক থলুৱা উদ্যোগী যুৱক যুৱতীৰ বাবে।
উদ্যোগী হৈ আত্মনিৰ্ভশীল হৈ চলাতো সিমান সহজ কথা নহয়। উঠি অহা চামে যাতে বেপাৰ বাণিজ্য কৰি, সৰু সুৰা উদ্যোগ গঢ়ি তুলি আত্মনিৰ্ভৰশীল হৈ ঘৰ সংসাৰ চলোৱাৰ লগতে সমাজক এক ইতিবাচক বাৰ্তা দিব পাৰে তাৰহে এক সুন্দৰ সুচল পৰিৱেশ এটা গঢ়ি তুলিব লাগে চৰকাৰে।তাকে নকৰি আইনৰ মেৰপেচ দি উদ্যমী যুৱকসকলক নিৰুৎসাহ কৰাৰ লগতে উপভোক্তা ৰাইজক এফেক্ট কৰা নেতিবাচক কামবোৰ যাতে চৰকাৰী বিষয়া কৰ্মচাৰীয়ে নকৰে তালৈ উৰ্ধতন কৰ্তৃপক্ষই তীক্ষ্ণ দৃষ্টি ৰখাতো প্ৰয়োজনীয়।
চিষ্টেম ওপৰৰ পৰা গেলে।উৰ্ধতম কৰ্তৃপক্ষ ঠিকে ঠাকে থাকিলে তলৰ শ্ৰেনীয়ে কৰাপ্শ্যন কৰিবলৈ সাহ নকৰে।
Power corrupts.Absolute power corrupts absolutely. ক্ষমতাৰ অপ ব্যৱহাৰ কৰি জন সাধাৰণৰ ৰোষত যাতে পৰিব লগা নহয়, সেই কথা চৰকাৰ আৰু প্ৰশাসনে জনাতো অত্যন্ত আৱশ্যকীয়। অসমক যদি সঁচাই সমৃদ্ধিশালী ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰে তেন্তে আমাৰ চৰকাৰ আৰু প্ৰশাসনে জন সাধাৰণৰ বাবে এটা সুন্দৰ সুচল পজিটিভ বাতাবৰণৰ সৃষ্টি কৰিব লাগিব।সেই চেপা চেপি, খিয়লা খিয়লি, টনা আজোৰা স্বভাৱটো এৰিব লাগিব।
Doksiri দকচিৰি, জুন, ২০২৬


No comments:
Post a Comment