ডিমেনচিয়া
স্বপ্নালী কলিতা
আধা শতক আগৰ
ভেটিটোত গজি উঠিল
আধা শতকৰ আগলতি
তাতে দুলি থাকিল
এখন উচন বাৰী
অশনিপাত পৰি ছাই হোৱা
কেইছিকুটমান অৱশিষ্ট
দুটোপাল তেজ
কেইবাযোৰো পুষ্টিহীন চকু
মানুহজনে বুটলি আছে
উচন চাংখনৰ
অৱশিষ্ট
এমুঠি ছাই
পাছৰখিনি
তেওঁ বেগাই দৌৰিছে
জীৱন সম্পৰ্কীয়
সকলো হিচাপৰ আঁৰ মাৰি
ঘূৰি আহিছে নিজৰ ঠাইলৈ
মগজুত সক্ৰিয় ৰঙীন বুটাম টিপি
নিজৰ মাজতে হাঁহিছে
কান্দিছে
আৰু উন্মত্ত হৈছে ক্ৰোধত
আশে-পাশে থকা প্ৰতিজনকে
কৰিছে তীব্ৰ কটাক্ষ
অথচ সিদিনালৈকে গছ হৈ
এছাতি বতাহ বিয়পাইছিল
সমগ্ৰ…
সমৰ্পণৰ প্ৰতিটো সূত্ৰ
প্ৰয়োগ কৰি
চাৰিটি চাকিত ঢালি আছিল
পোহৰ
তীব্ৰ…
এতিয়া
সমৰ্পণেৰে গঢ়া নিজৰ
তেজ
তেওঁৰ অচিনাকি
নিশাহৰ প্ৰতিটো কণিকাৰ
যিঠাইত হৈছিল আদিপাঠ
সেই ঠাই ভ্ৰম
সেই ঠাই মিথ্যা…
সেই কোলাহল
সেই হাঁহি
সেই মৰম-বেথা
সেই অধিকাৰ-অভিমান
আৰু
আৰু…সেই…
সকলো
এটা মাত্ৰ
শব্দ
ডিমেনচিয়া
আমি
ছিঙি পৰা পৰা তাঁৰৰ
এখন হতভাগা
বীণা


No comments:
Post a Comment