ডিমেনচিয়া - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, June 1, 2026

ডিমেনচিয়া

 


ডিমেনচিয়া


                    স্বপ্নালী কলিতা 


আধা শতক আগৰ


ভেটিটোত গজি উঠিল 

আধা শতকৰ আগলতি

তাতে দুলি থাকিল

এখন উচন বাৰী


অশনিপাত পৰি ছাই হোৱা

কেইছিকুটমান অৱশিষ্ট

দুটোপাল তেজ

কেইবাযোৰো পুষ্টিহীন চকু


মানুহজনে বুটলি আছে

উচন চাংখনৰ

অৱশিষ্ট

এমুঠি ছাই


পাছৰখিনি


তেওঁ বেগাই দৌৰিছে

জীৱন সম্পৰ্কীয় 

সকলো হিচাপৰ আঁৰ মাৰি

ঘূৰি আহিছে নিজৰ ঠাইলৈ


মগজুত সক্ৰিয় ৰঙীন বুটাম টিপি

নিজৰ মাজতে হাঁহিছে

কান্দিছে

আৰু উন্মত্ত হৈছে ক্ৰোধত


আশে-পাশে থকা প্ৰতিজনকে

কৰিছে তীব্ৰ কটাক্ষ


অথচ সিদিনালৈকে গছ হৈ

এছাতি বতাহ বিয়পাইছিল

সমগ্ৰ…


সমৰ্পণৰ প্ৰতিটো সূত্ৰ 

প্ৰয়োগ কৰি

চাৰিটি চাকিত ঢালি আছিল

পোহৰ

তীব্ৰ…


এতিয়া

সমৰ্পণেৰে গঢ়া নিজৰ 

তেজ 

তেওঁৰ অচিনাকি


নিশাহৰ প্ৰতিটো কণিকাৰ

 যিঠাইত হৈছিল আদিপাঠ

সেই ঠাই ভ্ৰম

সেই ঠাই মিথ্যা…


সেই কোলাহল

সেই হাঁহি

সেই মৰম-বেথা

সেই অধিকাৰ-অভিমান

আৰু

আৰু…সেই…

সকলো

এটা মাত্ৰ 

শব্দ

ডিমেনচিয়া


আমি

ছিঙি পৰা পৰা তাঁৰৰ

এখন হতভাগা

বীণা 


Doksiri দকচিৰি, জুন, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages