পানী দাপোন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

পানী দাপোন


পানী দাপোন

ৰিপুঞ্জয় বৰুৱা ঋমন



কিবা এটা বিচাৰি আছোঁ

মাজে মাজে দৌৰিছো‌ঁ

ভাগৰত বহিছোঁ

আকৌ খোজ কাঢ়িছোঁ

থুপুক থাপাক !


পুতৌ জন্মিছে নিজলৈকে 

মোৰ হাড়বোৰত সোমাই গৈছে এটা ছাল্‌ছিগা নক্ষত্ৰ


অনুভৱ কৰিছোঁ, 

নে সপোন দেখিছোঁ ?

নিজেই নিজক সুধিছোঁ 

সমুখৰ চিতাখনত জ্বলি উঠিছোঁ !


গৈ আছোঁ আগলৈ 

আগত আছে পানী দাপোন

চকুৰ পানীত উখহি বেলুন ফুলা ৰাতি এটা !


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages