শাৰদী ৰানী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, October 2, 2022

শাৰদী ৰানী

 




শাৰদী ৰানী

মাধৱ পেগু



নাজানো কিয় ভাল লাগে তোমাক 

তুমি আহিলেই মন মোৰ হৈ উঠে উন্মনা।

নিৰস হৃদয়টি মোৰ হৈ পৰে সেউজীয়া পথাৰৰ দৰে।

খৰালিত শুকাই যাব ধৰা গছৰ পাতৰ দৰে ক্ৰমাৎ প্ৰাণহীন হ'ব খোজা দেহাটি প্ৰাণপ্ৰাচুৰ্যময় হৈ উঠে।


তোমাৰ শ্বাস-প্ৰশ্বাসত শেৱালিৰ সুৱাস পাওঁ আৰু সেই সুৱাসত মতলীয়া হৈ নপৰো বুলিও নোৱাৰো থাকিব তোমাৰ প্ৰেমত।

নিয়ৰে দুবৰি বনৰ পাতৰ আগত মুকুতা হৈ জিলিকি থকাৰ অপৰূপ দৃশ্য তোমাৰ হাঁহিত লুকাই থাকে।


জিলমিল জোনাকে নিশা তোমাৰ স'তে কি কথা পাতে বাৰু?

উজাগৰে আছো মই , 

কটাব খোজো উজাগৰে নিশা তোমাৰ স'তে ।

 

তোমাৰ প্ৰেমৰ মদিৰা পান কৰি মাতাল হ'ব খোজোঁ।

বাসনাৰ জুইৰ উত্তাপত দহি দহি তৃষ্ণাতুৰ দেহাটিত প্ৰেমৰ মিঠা সুৱাস ঢালি তৃপ্ত কৰা মোক শাৰদী ৰানী।

  

হে শাৰদী ৰানী ৰৈ আছো , ৰৈ থাকিম জীয়াই থকালৈকে তোমাৰ বাবে।

 


নামদাং,চিচিমুখ

ধেমাজি

ম'বাইলঃ ৮৭৫৩৯৩৫১৩৭


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages