সপোনৰ ছাঁ
হিতেন দাস
বৰপেটা
মৌচুমী নামেৰে
বৈ যায়
সেউজীয়া বতাহজাক
জীৱনৰ প্ৰতিটো পলত
লুকাই থাকে সপোনৰ ছাঁ।
আজি পুনৰ ৰাতি
আঘোণাৰ ল'ৰাটোৱে নেওতা মাতে
এক,দুই,তিনি, চাৰি
শব্দবোৰে মনতে পাক ঘূৰণি খায়
নিশাৰ এই নিৰ্জীৱ পৃথিৱী
অদূৰৰ পৰা ৰিণি ৰিণি ভাঁহি আহে
কোনোবা নাৰীৰ ক্ৰন্দনৰত স্বৰ
দানৱবোৰে অট্টহাস্য কৰে
বেদনাই আগুৰি ধৰে হৃদয়
বুকুত বিষ উঠে,ভীষণ বিষ
কলিজা ফাটি নিগৰে
এসোঁতা ৰঙা তেজ।
দুখ লাগে,বহুত দুখ
নিশাৰ কি যে নিৰ্জীৱ পৃথিৱী
শিৰিখ গছৰ ডালত ওলমি থাকে
দেওঁলগা মোৰ স্মৃতি অতীতৰ
লুপ্তপ্ৰায় আজি সেউজী পৃথিৱী
চিৰাল ফটা দি ফাটে মোৰ পথাৰৰ মাটি
মোৰ সপোনৰ ছাঁ।
হিতেন দাস
শিক্ষক,পূৱ ভেৰাগাঁও নিম্ন প্ৰাথমিক বিদ্যালয়।
শিক্ষাখণ্ড-মন্দিয়া,বৰপেটা
No comments:
Post a Comment