শোভা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

শোভা


শোভা

প্ৰাঞ্জল শৰ্মা

ৰঙিয়া


উশাহ নে নিশাহবোৰ তোৰ

আলি কাটি জালি দিম 

নে বৰ পীৰা পাৰি দিম

তই শুই থাক

শুই থাক তই

মই ৰ'দক মাতিবলৈ যাঁও


ৰ'দে পুৰিব মোক !

পোৰক 

তইচোন এচাতি বতাহ হৈ বলি আছ

পোৰক দে বতাহে

পানীয়ে পোৰক 

পানীবোৰ শিল 

পানীবোৰ ধোঁৱা 

পানীবোৰ মাটি 


মই কথাবোৰ ক’ব পৰা নাই 

তই বুজিব পাৰিছ  ন ?


পানীবোৰ মাটি 


মাটিবোৰ নাই 

আলি ক'ত কাটিম 

কি কাঠৰ পীৰা সাজিম 


আলি কাটি জালি দিম 

বৰ পীৰা পাৰি দিম


দে অ’ ৰ’দ 

ৰ’দ দে 

অ’ ৰ’দ

ৰ’দ দে


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages