কুটি খাই আছে
জুনু বুঢ়াগোহাঞি
গুৱাহাটী
খুঁটিয়াই খাব পৰা হ'লোঁ যেতিয়া
আগলৈ গৈ থাকিব পাৰিম
ঠন ধৰি উঠা ডালৰ নভঙা-সপোন
পাতৰ কোঁহবোৰৰ কিমান কথা
বতাহৰ লহৰৰ স'তে
শুৱাই পৰিব সেউজীয়াহৈ
সেয়াই দুপৰকালৰ গছৰ আত্মসাহস
ভৰ বাৰিষাৰ নদীয়ে
ইকূল-সিকূল নাভাবে
বৈ থাকে নিৰ্ভয়ে ৷
ব্যস্ত-সময় ঘূৰে, উৰে
ৰৈ থকা ঘৰৰ পদূলিত
পলকতে দিনটো কেনেকৈ দূৰহৈ ৰাতিটো আহে !
তাতে ঘৰটোৰ ভিতৰখনত
কিবা এটাই কুটি খাই আছে
নেদেখাকৈ খাই শুকুৱাইছে
ভৰিৰ পৰা মূৰলৈকে
আঙুলিবোৰ নোহোৱা হ'ল
নোহোৱা হ'ল হাত-ভৰি
মুখখনো বন্ধ কৰি থৈছে কোনোবাই
শুকান দুখ এটাত
ঘৰৰ ৰংবোৰ এৰাইছে ৷
এনেতে বতাহ এজাক আহি
চুলি উৰুৱাই দুচকু ধৰিলে ঢাকি
ঘূৰি চাব নোৱাৰি
নোৱাৰি উলটিব ৷
কুটি শেষ কৰিলেও
যাব লাগে কাৰণেই গৈ আছোঁ
:
মাটিখোজেৰে মাটিলৈ ৷
No comments:
Post a Comment