আৰু সেই দিনটো - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

আৰু সেই দিনটো


আৰু সেই দিনটো

ৰঞ্জিত ভট্টাচাৰ্য 


সেইখিনিতে সকলো নোহোৱা হ'ব

কোনখিনিত বুলিলে স্পষ্ট বিন্দু এটা নাই


অস্পষ্ট সেই ধূসৰতাৰ মাজলৈ চাই পঠিয়ালে

আপুনি কান্দিব,হাঁহিব অথবা

ইয়াৰ এটাও কৰিব নোৱাৰিব।



কিন্তু এই সময় এনে যেন একোৱেই নাই

সকলো হ'বলগীয়া যেন একেবাৰেই মিছা

সঁচা কেৱল চকুৰ আগেদি তীব্ৰ বেগেৰে

অহা-যোৱা কৰি থকা হাঁহি আৰু গাড়ীবোৰ।


জোৰেৰে চকু মেলি 

নীৰৱ আৰু বিচ্ছিন্নভাৱে গৈ থকা কংকালবোৰ

 কিছু অস্পষ্টকৈ হ'লেও দেখিব পাৰি।


লাহে লাহে সি স্পষ্ট হ'ব   

আৰু স্পষ্ট

আৰু স্পষ্ট

আৰু....

আৰু সেই দিনটো…




ফোনঃ ৮৬৩৮০৬১৫৬৭


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages