নমো শিল্পী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

নমো শিল্পী


নমো শিল্পী

গৌতম মালাকাৰ


(প্ৰাণৰ শিল্পী নিপন গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি)


জীৱন নাট মঞ্চস্থ কৰি কৰি

আজি শেষ ভাওৰে 

চিৰতৰুণ নায়কে মেলানি মাগিলে

বিশাল শুভ্ৰ সমদলৰ নেতৃত্ব দি...


ভগ্ন হৃদয়েৰে শিৰনত কৰি 

জাতিটোৱে কৃতজ্ঞতাৰ মৌন সাজ পিন্ধিছে

অশ্ৰুঅঞ্জলিৰে আজি সংস্কৃতিৰ বন্দনা বিয়পিছে!


আজি ৰাজপথত পবিত্ৰ পুষ্প বৃষ্টি 

শোকদগ্ধ হিয়াই যাঁচিছে অন্তিম স্নেহাঞ্জলি!


জাগি থকাৰ বাৰ্তা বিয়পাই 

ৰূপালী পৰ্দাৰ সম্ৰাট চিৰনিদ্ৰাত বিলীন হ'ল

অক্লান্ত সাধনাৰে উপহাৰ দি গ'ল 

সংকৃষ্টিৰ অন্তহীন সৃষ্টিমুখী যাত্ৰাৰ সন্ধান...!





গৌতম মালাকাৰ

ভাৰতীয় জীৱন বীমা নিগম

  কৰিমগঞ্জ শাখা কাৰ্যালয় 

       কৰিমগঞ্জ : অসম

         পিন- ৭৮৮৭১০

  মোবাইল- ৯৪৩৫১৬৮৩৭৮


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages