গৈ থাকে সময়
জোনালী দাস
তৰাজান, যোৰহাট
সময় গৈ থাকে এনেকৈয়ে
হেপাঁহেৰে বগাব খোজা সপোনৰ আশাৰে।
সময়ৰ গচকত যান্ত্ৰণা খুলি
থুনুকা অনুভূতিবোৰ লওঁ সাবটি।
এইখন বজাৰ....
ইয়াত এনেকৈয়ে আৰম্ভ হয় বেচা-কিনা।
সময়ত দৰ-দাম ৰঙীণ গ্লাছৰ আগত
নাই কোনো মূল্য বৃদ্ধিও চৰম।
নিদৃষ্ট সময়ত বিভিন্ন ধৰণৰ চলে ধুম-ধামে বেপাৰ.....
পোহৰ নেওচা,আন্ধাৰত খেপিয়াই
আঁৰে আঁৰে চুপে চুপে....
সময় গৈ থাকে এনেকৈয়ে জটিল ভাবে।
বায়ু, বতাহ, পানী, আশাই জীপাল ধৰে
এটি-দুটিকৈ পাহি মেলিলে সংগোপনে সময়ে থিয় দিলে।
লুকা-ভাকু......
সুখ-দুখ সময়ে কাঢ়ি নিয়ে,
জল্পনা-কল্পনা গণিছোঁ ক্ষণ।
দলিচাত বহি থৌকিবাথৌ সময়
শব্দৰ সতে সময় গৈ থাকে এনেকৈয়ে।
No comments:
Post a Comment