আপোন মানুহৰ সুবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

আপোন মানুহৰ সুবাস



আপোন মানুহৰ সুবাস...

নন্দেশ্বৰ মিলি



পোন মানুহবোৰ আমাৰ সকলোৰে প্ৰিয়। আমাৰ জীৱনৰ প্ৰতিটো খোজতে সেই মানুহবোৰৰ অনবদ্য অৱদান থাকে।তেওঁলোকৰ দিহা-পৰামৰ্শ,আৰ্শীবাদ তথা সহায় সহযোগিতাৰ অবিহনে আমি সফলতা পাব নোৱাৰোঁ।তেওঁলোকে আমাৰ বাবে বহুতো সেৱা কৰে।আপোন মানুহবোৰৰ লগত আমাৰ আত্মিক সম্পৰ্ক থাকে।মৰম-চেনেহ,দয়া,ত্যাগ, বিশ্বাস আদিৰ জৰিয়তে আমি জীৱনৰ জখলাত বগাবলৈ সক্ষম হওঁ।


আপোন মানুহবোৰৰ লগত আমাৰ তেজ-মঙহৰ সম্পৰ্ক থাকে।অথবা কিছুমানৰ লগত প্ৰত্যক্ষ তেজ-মহঙৰ সম্পৰ্ক নাথাকিলেও গাঢ় সম্বন্ধ গঢ় লৈ উঠিব পাৰে।তাৰ বাবে আমাৰ মাজত পাৰস্পৰিক বুজাবুজি,বিশ্বাস,সহায়-সযোগিতা,সহানুভূতি আদিৰ প্ৰয়োজন।


আপোন মানুহবোৰৰ সম্পৰ্কই আমাৰ জীৱনৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়।তেওঁলোকৰ সহায়-সহযোগিতা অবিহনে আমি একো চিন্তা-চৰ্চা বা কৰ্ম কৰিব নোৱাৰোঁ।জন্ম দিয়া,পোহপাল কৰা,ডাঙৰ-দীঘল কৰা,পৰিষ্কাৰকৈ ৰখা,বেমাৰ হ'লে শুশ্ৰুষা কৰা ,শিক্ষাৰ সুবিধা প্ৰদান কৰা আদিৰ দৰে সমস্ত দায়িত্ব বহন কৰে।


আপোন মানুহবোৰ আমাৰ বাবে আৰ্শীবাদস্বৰূপ।তেওঁলোকে প্ৰতি পলে-অনুপলে আমাৰ কল্যাণৰ বাবে চিন্তা কৰে।আমাৰ দুখত দুখী আমাৰ সুখত সুখী হৈ থাকে তেওঁলোকে।তেওঁলোকৰ উষ্ম আৰু আত্মীক সম্পৰ্কই আমাৰ জীৱনৰ গতি প্ৰদান কৰে। তেওঁলোক নাথাকিলে হয়তো আমি জীয়াই থাকি ইমান সুখ-আনন্দ নাপালোহেঁতেন।তেওঁলোকৰ মধুৰ সম্পৰ্কই আমাক জীয়াই থাকিবলৈ,কাম কৰি যাবলৈ প্ৰেৰণা বা শক্তি প্ৰদান কৰে।


আপোন মানুহৰ সম্পৰ্কক কোনো ধন দি কিনিব নোৱাৰে।ইয়াৰ মূল্য অসীম।তেওঁলোকে শুশ্ৰুষাৰ বিনিময়ত কোনো মূল্য বা প্ৰতিদান নিবিচাৰে।তেওঁলোক আমাৰ বাবে সৰ্বোচ্চ।নিজৰ স্বাৰ্থ এৰি আপোন মানুহবোৰে আমাৰ বাবে যিকোনো পদক্ষেপ ল'ব পাৰে।গতিকে আপোন মানুহৰ সান্নিধ্যই আমাক সৰগীয় সুখ প্ৰদান কৰিব পাৰে।


সময়বোৰ সলনি হ'ল।বৰ্তমান বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ অগাধ উন্নতিয়ে সকলো দিশতে প্ৰভাৱান্বিত কৰি ৰাখিছে।সেয়ে বৰ্তমান আমি প্ৰযুক্তিৰ অবিহনে জীয়াই থাকিবলৈ সম্ভৱে হৈ নুঠে।সেয়ে বৰ্তমান সময়ত সকলো দিশৰ দৰে আমাৰ সামাজিক, মানৱীয় সম্পৰ্কবোৰতো যান্ত্রিকতাই দেখা দিছে। বৰ্তমান সময়ত আগৰ আত্মীয়তা সম্পৰ্কবোৰৰ অপমৃত্যু ঘটিছে।সেই সময়ত সম্পৰ্কবোৰৰ মাজত যি গাঢ় সম্বন্ধ আছিল সেইবোৰ পাবলৈ নাই। অবিশ্বাস,সন্দেহ আৰু বিশ্বাসঘাটকৰ দৰে মহাম‍াৰীবোৰে সম্পৰ্কবোৰৰ মাজত খুঁটি খুঁটি খাইছে।আগৰ যৌথ পৰিয়ালৰ মাজত থাকি যি সম্পৰ্কীয় মাদকতা লাভ কৰিছিল তাক একক পৰিয়ালবোৰে প্ৰদান কৰিব নোৱাৰে।নিজৰ পুত্র-জী সন্তানে বৃদ্ধ পিতৃ-মাতৃক যত্ন লোৱাত অৱহেলা কৰে, বাটত থৈ যায় অথবা ঘৰৰপৰা খেদি দি বৃদ্ধাশ্ৰমত থাকিবলৈ বাধ্য কৰায়।পতি-পত্নীৰ মাজত মতানৈক্য ঘটি বিবাহ-বিচ্ছেদ ঘটায়,অথবা হত্যা কৰে।নিজৰ পতিক বা নিজৰ পত্নীক এৰি অন্য এজনৰ লগত পলাই যায় অথবা অনৈতিক সম্পৰ্ক ৰাখে।যৌতুক বিচাৰি ন-কন্যাক অত্যাচাৰ কৰে বা কেৰাচিন ঢালি জ্বলাই দিয়ে।কৰ্মব্যস্ত মাক-দেউতাকে নিজৰ সন্তানক সময় দিব নোৱাৰে অথবা কম্পিউটাৰ গেমত ব্যস্ত থকা সন্তানে পৰিয়ালৰ লগত একেলগে খোৱা-বোৱা কৰিব বা কথা-বাৰ্তা পাতিবলৈ সময় উলিয়াব নোৱাৰে।পৈতৃিক সম্পত্তিৰ লোভত ভাই-ককাইৰ মাজত কুৰুক্ষেত্র চলে,মদ-ভাং খাই পৰিয়ালত অশান্তিৰ সৃষ্টি কৰে।মুঠতে তেনেবোৰ এশ-এবুৰি সমস্যাই আমাৰ আপোন মানুহবোৰৰ আত্মিক সম্পৰ্কত নেতিবাচক প্ৰভাৱান্বিত কৰি ৰাখিছে।সেয়ে মানুহবোৰৰ মাজত বৰ্তমান হতাশা, দুঃশ্চিন্তা আৰু আত্মহত্যাৰ দৰে ব্যাধিবোৰ বঢ়াই তুলিছে।লগতে আত্মিক সম্পৰ্কবোৰৰ অৱনতিৰ ফলত মানুহৰ মাজত থকা মানৱীয় সম্পৰ্কবোৰৰ বিনাশ ঘটাইছে।ফলত আমাৰ মাজত হত্যা,হিংসা, দুৰ্নীতি,ধৰ্ষণ,অপহৰণ,ভ্ৰষ্টাচাৰৰ দৰে সমস্যাবোৰ বৃদ্ধি হোৱাত সাৰ-পানী যোগাইছে। আপোন মানুহবোৰৰ সান্নিধ্যৰ অভাৱৰ বাবে নৱপ্ৰজন্মসকলৰ মাজত উশৃংখলতাৰ দৰে সমস্যা সৃষ্টি কৰিছে।


যি নহওঁক আমি সময় থাকোতে নিজকে সলনি কৰিব নোৱাৰিলে আমাৰ মানৱ সমাজখন যে ধ্বংস হৈ যাব, ই ধুৰুপ।আমি সকলোৱে সজাগ-সচেতন হ'বৰ হ'ল।আপোন সম্পৰ্কবোৰ জীয়াই ৰাখি আমি জীৱনৰ ৰঙখিনি ঘূৰাই অনাত সকলোৱে সহায় কৰিব লাগিব।সৰু কালৰেপৰাই ল'ৰা-ছোৱালীক আপোন মানুহৰ সান্নিধ্য পোৱাৰপৰা কেতিয়াও বঞ্চিত কৰাটো উচিত নহয়।কাৰণ ভৱিষ্যতে তেওঁলোকেই সমাজখনৰ বা দেশখনৰ গুৰিধৰোঁতাৰ ভূমিকা পালন কৰিব লাগিব।সেয়ে আহক সকলোৱে আপোন মানুহবোৰৰ লগত মিলিজুলি থাকি জীৱনৰ জয়গান গাবলৈ প্ৰতিশ্ৰুতি লওঁ।



ফোনঃ 8638881953

 

 


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages