পশ্চিম আকাশত গাভৰু হল
ৰাজু কুমাৰ নৰহ
পশ্চিম আকাশৰ মেঘাচ্ছন্ন ৰঙা বেলিটিয়ে
যৌৱনা মনক গাভৰু কৰি তোলে।
মিশ্রিত সেউজ-নীলা পোহৰে
এন্ধাৰ ফালি ফালি তোমাৰ কোমল বুকুত হুমি যায়।
হুমনিৰ বিস্ফোৰিত তাপৰ উজ্বলতাত হোৱা
তুমি গগন চুম্বি লাৱন্যৰ গৰাকী।
হঠাতে হোৱা তোমাৰ ৰূপৰ প্রলয়ঙ্ককাৰী ধুমুহাত
বিধস্ত এদল নিশাস্বৰ বাটৰুৱা।
কেৱল,
নির্জনতাৰ দূৰণিত নিগৰিত শব্দ
মই তোমাৰ ৰূপত মুগ্ধ
মোৰ হৃদয় তোমাৰ বুকুত স্তব্ধ
নহয়, আৱেগত কোৱা,
এই শব্দ।
No comments:
Post a Comment