মৃত্যু যে কি নিষ্ঠুৰ
সুৰজিৎ ভূঞা
মৰহি গ'ল নিমিষতে
এটি কোমল ফুলৰ কলি,
সপোনবোৰো আধৰুৱা
হৈ ৰ'ল তাইৰ ।
আশাবোৰো সপোন হৈ ৰ'ল
চিৰদিনৰ বাবে
যি সপোন কাহানিও নহয় পূৰ্ণ ।
বোকোচাত আশাবোৰ লৈ
চিৰনিদ্ৰাত শুই পৰিল তাই,
হয়তো কাহানিও কল্পনা কৰা নাছিল
সেইখনে যেন অন্তিম অনুষ্ঠান তাইৰ জীৱনৰ !
গীতটিও আধৰুৱা হৈ ৰ'ল !
সকলোৱে তাইৰ মৃত্যুৰ শোকত
ভ্ৰিয়মান হৈ ৰ'ল ।
এয়া মাথোঁ তাইৰ জীৱনৰ
আৰম্ভণিহে আছিল
বহুত সপোন মনতে
গোপনে ৰৈ গ'ল তাইৰ ?
সেই সপোন যে কাহানিও
পূৰ্ণ নহয় তাইৰ
তাইতো গ'মেই নাপালে !
তাইৰ মৃত্যু যে ইমান ওচৰতেই আছিলে
তাই সংকেতে নাপালে ?
শেষ উশাহতো তাই
গুণগুণাব নোৱাৰিলে
তাইৰ প্ৰিয় গীতটি !
মৃত্যু যে কি নিষ্ঠুৰ ??
No comments:
Post a Comment