দৈৱকী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, November 1, 2022

দৈৱকী


দৈৱকী

কমলেশ্বৰ কলিতা

লংকা, হোজাই


আকাশৰ ঢৌ উঠা নীলাৰে 

লেটি লৈ পৰি থাকে 

দৈৱকী। 

আঁঠুলৈকে জুই লগা বননিৰ 

ধোঁৱা-সূতাৰ ৰং 

বিষাদ ভটিমা।


দৈৱকীৰ অসুখহীনতা 

দুচকুত দায়িত্বশীল 

পূৰ্ণিমাৰ পোহৰৰ খেল। 

মৎস্যগন্ধা আন এটা ৰাতিৰ 

নিনাদিত সম্ভাৱনাত দৈৱকীৰ টোপনি নাহে।


ক'ৰবাত ৰ'দৰ সুগন্ধ 

ক'ৰবাত পানীৰ ঢৌ

শ‍ইচ্‌ মালিতা।


ইয়াৰ মাজতেই সুখৰ সূতা টৌৱাই 

দৈৱকী টোপনি যায় 

আৰু বুকুৰ খালি ঘৰ চাই দৈৱকী ৰৈ থাকে 

চকুৰ পানীৰে তিয়াবলৈ ওঁঠ।


দৈৱকী- মাতৃত্বৰ অনুভৱী হাহাকাৰ 

দৈৱকী- নোখোলা চিঠিৰ ভিতৰৰ আৱেগ 

দৈৱকী- মানুহৰ ভালপোৱা 

নেদেখা সপোনৰ আগৰ ঘুমটি।


দৈৱকী- তেজৰ বিপৰীতে নদী 

অত্যাচাৰৰ মুকলি প্ৰতিবাদ। 

দৈৱকী- মানুহৰ ভিৰৰ মাজৰ 

মমতাময়ী পৃথিৱীৰ মহত্বম 

ত্যাগৰ চিনাকি।


মই দৈৱকীৰ মাত শুনো

ক্রমশঃ দূৰণিত হেৰাই

ৰিং এটাৰ দৰে 

আজিও।


দৈৱকী-, ওৰণি গুচোৱা দৈৱকী 

ৰ'দৰ ধুমুহা বলিছে 

য'তে ত'তে।



ফোনঃ 9435862800


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages