খোজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, December 1, 2022

খোজ



 খোজ

মল্লিকা হাজৰিকা



" কি কৰিছা?"

" বুঢ়া সন্ন্যাসী এজনৰ লগত বহি আছো৷"

" এই ঠাণ্ডাত কত সন্ন্যাসী লগ পালা?"

" অফিচৰ পৰা আহোতে পালো৷ চেহেৰা বৰ ধুনীয়া৷ "

" চোবাই আছা কি?"

"বুট ভজা৷"

তাই বুজা নুবুজাৰ ভাবত থাকিল৷ পিছদিনা চাৰিওফালে কুঁৱলী৷ সি গাড়ীৰ দৰ্জা খুলি দিলে৷ জেকেটৰ পকেটত হাত ভৰাই তাই গাড়ীত বহিল৷ 

" এয়া চোৱা বুঢ়া সন্ন্যাসী৷"

অল্ড মংকৰ সুদৃশ্য বটলটো তাইৰ সন্মুখত দাঙি ধৰিলে৷

" মদ খাইছা তুমি কালি?"

"ধেত, নাই খোৱা৷ এইহেন বতৰত বুঢ়া সন্ন্যাসীৰ মজেদাৰ সঙ্গ উপভোগ কৰিছিলো৷"

তাই তাৰ পিঠিত লাহেকৈ ভুকু এটা মাৰে৷

" তুমি থাকিলে বুঢ়া সন্ন্যাসীৰ সঙ্গ নালাগে৷ তোমাৰ নিচাই ডুবাই ৰাখে মোক৷"

তাই মনে মনে থাকিল৷ নিচা বৰ ভয়ংকৰ৷ তাই জানে এই কথা৷ যিকোনো নিচালৈ তাই ভয় কৰে৷ কিন্তু জীৱনত সকলো কথা যে জুখি-মাপি নহয়৷ তাই একেবাৰে কম কথা কয়৷ অন্তৰ্মুখী ছোৱালীজনীয়ে নিজকে ঢাকি ৰাখে৷ কাৰো ওচৰত উদঙাই নিদিয়ে৷ ল'ৰাটো স্ফূৰ্তিবাজ৷ চটফটীয়া৷ অকণমান শিশুসুলভ৷ সৰল৷ সি তাইক হাঁহিবলৈ শিকালে৷ তাই অলপ অলপকৈ কথাবোৰ কৈ এদিন তাৰ কান্ধত মূৰ থ'লে৷ সি আলফুলে তাইক সামৰি ল'লে৷

দুয়োটাৰে একান্ত সময়খিনি আলসুৱা৷ কিন্তু চৌপাশৰ সময় আলসুৱা নহয়৷ অতিমাৰীয়ে থেকেচিছে মানুুহক৷ অৰ্থনৈতিকভাবে কঁকাল বেকা হৈছে মানুহৰ, মানসিকভাবে দুৰ্বল হৈছে৷ তাইৰ মনটো যে তাহানিৰ পৰাই লেহুকা৷ সৰুৰে পৰা যুঁজি অহা যুঁজখন অতিমাৰীতকৈ কম নাছিল৷

গাড়ী চলোৱাৰ মাজে মাজে সি তাইৰ হাতখন মুঠি মাৰি ধৰিলে৷ তাই অন্যমনস্ক হৈ থাকিল৷ হালধীয়া বাল্বৰ সেঙেতা পোহৰৰ তলত সি গাড়ীখন ৰখালে৷ দুকাপ স্পেচিয়েল কাটিঙ চাহ গাড়ীলৈকে লৈ আনে আৰু এখন কাগজত এটা গজা মেৰিয়াই আনে৷ দুয়োটাই গজাটো ভাঙি চাহ খায়৷ নীনা সাহসী হৈছে৷ তাৰ লগত থাকি সাহসী হৈছে৷ এনেকৈ চাহ একাপ খোৱাৰ সাহস তাইৰ নাছিল৷ চাহকাপ খাই দুয়ো ঘূৰি আহে৷ নিৰ্দিষ্ট ঠাইত তাইক নমাই সি গুচি যায়৷ তাই লাহে লাহে ঘৰলৈ খোজ লয়৷


ঘৰ৷

ঘৰ নে নৰক? ঘৰখনে তাইক বাধ্য কৰিছিল অন্তৰ্মুখী হ'বলৈ৷ দিনত হ'লে স্বাভাৱিক পৰিৱেশ ৰাতি সলনি হৈ গৈছিল৷ মাকে প্ৰায়ে নীনা আৰু ভনীয়েক নীৰাক ভাত খুৱাই সোনকালে শুৱাবলৈ যত্ন কৰিছিল৷ নীনাৰ টোপনি নধৰিছিল৷ টোপনি ভাঙিছিল নীৰাৰো৷ মাতাল দেউতাকৰ চিঞৰ বাখৰত দুয়োজনী শুব পৰা নাছিল৷ মাক আছিল নিমাতী৷ দেউতাকৰ অশ্লীল মাতবোৰ মাকে নীৰৱে শুনি থাকিছিল৷

" কৰবালৈ গুচি যাওঁ ব'ল৷"

সৰুতে তাই প্ৰায়ে মাকক কৈছিল৷ মাক কতো গুচি যোৱা নাছিল৷ গুচি গৈছিল নীৰা৷ একেবাৰে কম বয়সতে তাই ল'ৰা এটালৈ পলাই গৈছিল৷ সৰুৰে পৰা দুয়োজনীৰ বন্ধুু-বান্ধৱী নাছিল৷ লগৰ ছোৱালীক ঘৰলৈ আনিবলৈ ভয় কৰিছিল৷ দেউতাকে বা কি পৰিস্থিতিৰ সৃষ্টি কৰে৷ কথাবোৰ নিজৰ মাজত সামৰি থৈছিল৷ দুয়োজনীয়ে পাতিছিল সব কথা৷ সকলো বস্তু ভগাই লোৱা নীৰা কেতিয়া প্ৰেমত পৰিল - তাই গমেই নাপালে৷ তাইক নোকোৱাকৈ নীৰা গুচি গ'ল৷ মাতাল হৈ অহা দেউতাকে ৰাতি চিঞৰোতে তাই মুখে মুখে কৈছিল৷ কিন্তু নীনাই ইমান বছৰত বুজি পাইছে - নিচাত থকা মানুহৰ বোধশক্তি নাথাকে৷ একো বুজি নাপায়৷ তাই আওকণীয়া হ'বলৈ ল'লে৷ একাণপতীয়াকৈ পঢ়ে৷ উচ্চ স্বৰত ৰেডিঅ' বজাই তাই পঢ়ি থাকে৷ লাহে লাহে তাই দেউতাকৰ কথাবোৰ বাজি থকা ৰেডিঅ'ৰ দৰে ভাবিবলৈ ল'লে৷ এখন কাণেৰে শুনে, এখন কাণেৰে ওলাই যায়৷ পৃথিৱীত কি হৈ আছে নীনাই খবৰ নাৰাখে৷ স্কুলৰ কিতাপ পঢ়ে, কেতিয়াবা গল্প - উপন্যাস পঢ়ে৷ তেনেকৈয়ে তাই কলেজৰ দেওনা পাৰ কৰে৷ উদাসীন নিৰ্বিকাৰ নীনাৰ জীৱনলৈ পৰিবৰ্তন আহে এদিন৷ বিয়া ঠিক হয়৷ অল্পভাষী ছোৱালীজনীয়ে সমস্ত কথা বিয়াৰ আগতে কৈ পেলালে হ'বলগীয়া দৰাজনক৷ প্ৰথমতে ঠিকেই আছিল৷ দিন বাগৰাৰ লগে লগে কথাবোৰেৰে তাইক হানি খুঁচি শান্তিত থাকিবলৈ নিদিয়া হ'ল৷ তাই পুনৰ সেইখন ঘৰলৈ ঘূৰি আহিল, যিখন ঘৰত তাইৰ উশাহ বন্ধ হৈ যায়৷ ইতিমধ্যে মাকৰ নীৰাৰ লগতো সম্পৰ্ক সহজ হৈছে৷ তাই কাৰো ওচৰ নাচাপিলে৷ তাই বুজি পালে - সম্পৰ্কবোৰে যন্ত্ৰণাৰ বাহিৰে একো নিদিয়ে৷ সম্পৰ্কই বাট কাটে, সম্পৰ্কই বাট ভেটে৷ সম্পৰ্কই নিজক হেৰুৱাই পেলোৱাৰ বাট দেখুৱায়৷ 


নীনাই নিজক বিচৰাৰ যাত্ৰা আৰম্ভ কৰিলে৷ পুৰণা সম্পৰ্কটোক তাই বান্ধি নাৰাখিলে৷ আইনসংগতভাবে বিবাহ বিচ্ছেদো নহ'ল৷ মন এক হ'ব নোৱাৰিলে কাগজৰ কথাই কাৰোবাক বান্ধি ৰাখিব পাৰে জানো! তাই আকৌ কিতাপ উলিয়ালে৷ পৰীক্ষা দিলে৷ স্কুল এখনত চাকৰি পালে৷ মাজে মাজে তাই ভাবে - তাইৰ দৰে স্বাৰ্থপৰ কোনো নাই চাগে৷ কেৱল নিজৰ কথা ভাবে তাই৷ পৃথিৱীত কি হৈ আছে তাই মূৰ নঘমায়৷ সমাজৰ পৰিৱৰ্তনে তাইক সলাব নোৱাৰে৷

" সমাজত থাকি যি মানুহে সমাজৰ কথা নাভাবে, সেই মানুহৰ প্ৰকৃততে সমাজত থকাৰ যোগ্যতা আছেনে?"

স্কুলৰ অনুষ্ঠান এটাত সমল ব্যক্তি ৰূপে আহিছিল ল'ৰাজন৷ 'ম'টিভেশ্যনেল স্পীকাৰ' হিচাপে অহা ল'ৰাজনৰ অনুষ্ঠানত তাই থাকিব লাগে কাৰণে থাকিছিল৷ আগ্ৰহ - অনাগ্ৰহ একো নাছিল, থকাৰ পৰিক্ৰমা শৈশৱতে এৰি থৈ আহিছে তাই৷ হঠাতে ল'ৰাটোৰ কথাই তাইক জোকাৰি দিলে৷ চাৰ্টৰ আস্তিন কোঁচাই ল'ৰাজনে সৰলভাৱে কৈ গৈছে৷ ছাত্ৰ- ছাত্ৰীবোৰে আগ্ৰহেৰে ভাগ লৈছে৷ হাত চাপৰি বজাইছে। শিক্ষকসকলেও সঁহাৰি দিছে৷ তাই পোন হৈ বহিল৷ কথাবোৰ শুনি থাকিল আৰু তাৰ চকুলৈ চালে৷ এই যে চালে, চাই তাই বাট হেৰুৱালে৷ ভাষণ শেষ হওঁতে সকলো শিক্ষক শিক্ষয়িত্ৰীৰ লগত তায়ো উঠি গৈছিল, সৌজন্যসূচক মাত এষাৰ দিবলৈ৷ তাইৰ খোজ আগনবঢ়া হ'ল, খোজ দিওঁতে মেখেলাত জোটপোট খালে৷ আৰু লাহে লাহে মনটোও জোটপোট খালে৷


আৰম্ভণি নীনাৰ সঠিককৈ মনত নাই৷ ৱাটচআপ গ্ৰুপ এটা খুলিছিল, সেইদিনাৰ অনুষ্ঠানটোৰ অন্তত৷ সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু বছা বছা ল'ৰা-ছোৱালী কিছুমান আছিল গ্ৰুপটোত৷ ল'ৰাজন সক্ৰিয় আছিল গ্ৰুপটোত৷ নিৰ্বাচিত উদ্ধৃতি, ভাল কিতাপৰ তালিকা, অনুপ্ৰেৰণামূলক ভিডিঅ ইত্যাদি দিছিল গ্ৰুপত৷ তাই সকলো চাইছিল, শুনিছিল৷ আৰু এদিন দৰমহা পাওঁতে সি দিয়া কিতাপৰ তালিকাৰ টোপোলা এটা স্কুলৰ লাইব্ৰেৰীলৈ দিছিল তাই৷ কেৱল নিজৰ কথা ভবা ছোৱালীজনীয়ে প্ৰথম আনৰ কাৰণে কিবা এটা কৰিছিল৷ দশম শ্ৰেণীৰ ছাত্ৰী এজনীয়ে গ্ৰুপত ফটোখন দিছিল৷ সি তাইক ব্যক্তিগতভাৱে মেছেজ দিছিল, ধন্যবাদ সহকাৰে৷ মেছেজৰ সংখ্যা বাঢ়ি আহিছিল৷

" নিজৰ মাজত ডুবি থকাতকৈ কিতাপ আৰু গানৰ মাজত ডুবি থাকক৷"

এনেদৰে ক'ব পৰাকৈ মুকলি হৈছিল দুয়ো৷ তাইক কেতিয়াও কোনেও এনেকৈ কোৱা নাছিল৷ তাই এসোপামান কিতাপ অনলাইন অৰ্ডাৰ কৰি আনিছিল৷ বছা বছা গান শুনিছিল৷ ঘৰখনৰ পৰিবেশে মনত ৰেখাপাত কৰিব নোৱাৰা হৈছিল৷ তাই জী থাকিবলৈ ইচ্ছা কৰিলে৷ 


য়ু আৰ য়ু৷

সি ক'লে৷ তাই নিজক বিচাৰি চালে৷ আপুনিৰ পৰা তুমি হ'ল৷ আৰু এদিন স্কুুল ছুটীৰ পিছত দুয়ো লগ পালে৷ সেইদিনা খোজ দিওঁতে তাইৰ মেখেলা জোটপোট খোৱা নাছিল৷ সূতাৰ আৰামদায়ক শাৰী এখন পিন্ধি নীনাই দিয়া খোজবোৰ স্বচ্ছন্দ , প্ৰতিটো খোজত অতীতৰ কুণ্ঠতা নেওচি প্ৰত্যয়ৰ চিন৷ সেইদিনা সি কথা ক'লে, তাই শুনিলে৷ কথা কোৱাতো তাৰ পেচা৷ সি স্বাধীন৷ নিজাকৈ এটা সৰু অফিচ চলায়৷ ঘৰ - সংসাৰ? তাই একো নুসুধিলে৷ নুসুধিলে, তাক সামৰি ধৰিবলৈ কোনোবা আছেনে নাই৷ সুধিবলৈ ভয় লাগিল৷ কোমলমতীয়া মুখখন বেফিকিৰ৷ মন গ'লে সুহুৰিয়াই দিয়ে৷ মন গ'লে গানৰ কলি গুণগুণায়৷

"  হেই নী৷ জীৱনৰ পৰা নপলাবা৷ "

তাই মূৰ দুপিয়ালে তাৰ কথাত৷ ইমান বছৰে তাই মাথো পলালে৷ এতিয়া জীৱনটো গ্ৰহণ কৰিবলৈ ল'লে তাই৷ তাই নীৰাৰ মুখামুখি হ'ল৷ সাৱটি ল'লে৷ নীৰাৰ ল'ৰাটোৰ পঢ়াৰ খবৰ ল'লে৷ ঘূৰি আহোতে মাকলৈ শলা আৰু ঊল কিনি আনিলে৷ এসময়ত মাকে ধুনীয়া ধুনীয়া ডিজাইনৰ ছুৱেটাৰ গুঁঠিছিল৷ ঊল গোঁঠাত পাকৈত মানুহজনীৰ সংসাৰখনেই বেমেজালি হ'ল৷ এতিয়া দেউতাক আগতকৈ শান্ত হৈছে৷ বয়সৰ কাৰণে হটিছে দেউতাক৷ নীনাই স্কুলত পঠন কেন্দ্ৰ এটা গঢ় দিলে৷ লাইব্ৰেৰীটো ন ৰূপত সজালে৷ 


সলনি সকলোৰে হয়৷ তাইৰো হৈছে৷ মানুহক ক্ষমা কৰিব পৰাকৈ সহনশীল হ'ল তাই৷ পূৰ্বৰ স্বামীৰ প্ৰতি একো ক্ষোভ নাই৷ ল'ৰাটোৰ লগত সপোন দেখাৰ হাবিয়াস নাই৷ তাৰ সান্নিধ্য ভাল লাগে৷ তাক হেৰুৱাবলৈ তাইৰ ভয় লাগে৷ মাজে মাজে লগ পায়৷ কথা পাতে৷ যি মন যায়, তাকে পাতে৷ এখোজ আগবাঢ়িলেই প্ৰেম, তাই জানে৷ সি কেতিয়াবা মদ খায়৷ তাই তথাপি তাক বেয়া নাপায়৷ আৰু এদিন দুয়ো একেলগে কৈ উঠে, " সমান্তৰাল সৰলৰেখা হৈ ওৰে জীৱন গতি কৰাৰ কথা৷" 


আমি ইটোৱে সিটোক এৰি নাযাওঁ৷

নাযাওঁ৷

আমি কেতিয়াও একেলগ নহওঁ৷

নহওঁ৷

এনেকৈ প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ দিনা দুয়ো দুয়োৰে হাত ধৰি আছিল৷ 

সেইদিনা তাই সোনকালে শুই থাকিল৷ খুব ভাল টোপনি হ'ল৷ ৰাতিপুৱা মাকে ক'লে, " তোৰ কাৰণে চুৱেটাৰ এটা গুঁঠিছিলো৷ পিন্ধি চাবিচোন৷"

তাই পিন্ধিলে৷ ৰঙা চুৱেটাৰটো বৰ ধুনীয়া৷ নীনা সেইদিনা স্কুললৈ নগ'ল৷ নীৰাৰ ঘৰলৈ গ'ল৷ প্ৰথমদিনা আহোতেই তাই গম পাইছিল - নীৰাৰ ঘৰৰ পৰিৱেশ৷ নীৰাৰ ল'ৰাটোৰ শৈশৱ সিহঁত দুজনীৰ লগত একে৷ ৰাতিপুৱাই গৈ ওলোৱা বায়েকক দেখি নীৰা হতভম্ব৷ তাই পাতনি নেমেলিলে৷ 

"গীতক মই লৈ যাবলৈ আহিছো৷ একেবাৰে৷ মই পঢ়ুৱাম৷ স্কুলৰ ওচৰত ভাৰাঘৰ এটা ল'ম৷" গীত নীৰাৰ ল'ৰা৷ একে আষাৰে নীৰাই সন্মতি দিলে৷ মানুহজনক এবাৰো নুসুধিলে৷ গীতক লৈ ঘূৰি আহোতে তাই ভাবিলে - প্ৰত্যেকৰে জীৱনত সিদ্ধান্তৰ খোজ দিয়া দৰকাৰ৷ আজি নীৰাই সেই খোজ দিলে৷ হয়তো মানুহজনে তাইক মাৰিব৷ কিন্তু সেই কথালৈ তাই ভয় কৰা নাই৷ কৈশোৰ - যৌৱনৰ দোমোজাত আৱেগত লোৱা এটা সিদ্ধান্তৰ পৰা তাই নিজকে মুক্ত কৰিলে৷ 


নীনাই মাকক সকলো ক'লে৷ নক'লে মাথো ল'ৰাটোৰ কথা৷ 

" অতদিনে নোৱাৰিলো, এই বয়সত দেউতাৰক এৰি মই থাকিব নোৱাৰো৷ তই যা৷ মই পৰালৈকে টানিম৷" মাক আৰু নীৰা ৰৈ গ'ল, নিজৰ নিজৰ ঘৰখনত বা সংসাৰখনত৷ সংসাৰ অল্ড মংকৰ সুদৃশ্য বটলটোৰ দৰে ধুনীয়া নহয়৷ কিন্তু সংসাৰৰ নিচা থাকে, যিমানে পুৰণা হয় সিমানে নিচা বাঢ়ে, মদৰ দৰে৷ অথচ মদৰ বটলৰ দৰে সংসাৰবোৰো থুনুকা, অলপতে ভাঙি পৰে৷ নীনাই নিজকে এই মোহ - নিচাৰ পৰা মুক্ত কৰিলে৷


নীনাই খোজ দিলে৷

এই খোজ সাহসৰ৷

তাইৰ জীৱনত খোজ কঢ়া ল'ৰাজনে এই সাহস দিলে৷ হাতে হাত ধৰি খোজ কাঢ়িব নোৱাৰিলেও কাষে কাষে সি সদায় খোজকাঢ়িব৷ এই বিশ্বাস তাইৰ আছে৷ 


মুখ ফুটাই নক'লেও তাই জানে - এই খোজ ভালপোৱাৰ৷

আৰু ভালপোৱাৰ খোজৰ যাত্ৰা আমৰণ অভগন৷



ঠিকনা:অসম গ্ৰামীণ বিকাশ বেংক

বৰপেটা শাখা

ফোনঃ ৮৬৩৮০২০১৭০


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages