বসন্ত ভাবনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 1, 2026

বসন্ত ভাবনা

 


বসন্ত ভাবনা


                             বিজয়কৃষ্ণ দলে


ঠিক সাঁজ লাগিবৰ পৰত 

চগাৰ পাখি লাগি 

চাকিগছ নুমাই থাকিল


বাহিৰত 

ছা-পোহৰ খেল 

সুদূৰত 

দবা-শংখ মিশ্রিত মঙ্গলধ্বনি


ফাগুনৰ ধূলি ধুই নিকা কৰা 

পহিলা চ’তৰ বৰষুণজাকত 

তিতি-বুৰি বসন্ত আহিছে


ফুট-গধূলিৰ পোহৰত 

বৰপীৰা পাৰি ৰৈ আছোঁ 

অ’ বৰদৈচিলা…


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages