অজ্ঞাতবাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Wednesday, April 1, 2026

অজ্ঞাতবাস

 


অজ্ঞাতবাস


                       নীলিম কুমাৰ


ইয়াতে কোনেও কাকো প্রশ্ন নকৰে। 

কিয়নো প্রশ্নবোৰো এক ধৰণৰ হিংসা।


কিন্তু উত্তৰবোৰে আমাক লগে লগে শান্ত-সৌম্য কৰি তোলে।

সেয়ে ইয়াত প্রশ্নৰ স্থান নাই।

ইয়াত উত্তৰাবোৰৰ উদযাপন। উত্তৰবোৰক লৈ 

বহু ৰাতিলৈ ইয়াত তিতা সোৱাদৰ মদ্যপান, যিয়ে ঘুমতি নানে।

প্রশ্নবোধক চিহ্ন এটা আমাক শিকোৱা হৈছিল 

তোমালোকৰ স্কুলবোৰত। আমাৰ ইয়াত 

আমি স্কুল সজা নাই যাতে কোনেও 

প্রশ্ন আৰু উত্তৰৰ দ্বন্দ শিকিব নোৱাৰে! 

উত্তৰবোৰতো থাকেই। উত্তৰবোৰেই সংসাৰ।

তেন্তে উত্তৰবোৰক হাৰাশাস্তি কৰিবলৈ প্রশ্নবোৰ কিয় ! 

আমাৰ সন্তান-সন্ততিহঁতক 

আমি এৰি থৈ আহিছো প্রশ্নবোৰৰ নগৰত।

উত্তৰবোৰ আছে ইয়াত -

আমাৰ উদযাপনৰ আৰণ্যক টেবুলত।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages