এছাটি সুখৰ বা
দেৱজিৎ কোঁৱৰ
শিৱসাগৰ
এজাক উদাসী
বুকু ভঙা ক্লান্ত নিশা
হুৰায় দিয়া,
আউলে ছাটি ধৰা ।
তুমি দিয়া এমুঠি
চেতনাৰ নিপোটল পুৱা,
খোজে-খোজে জিলিকিব
সুন্দৰ হৃদয় প্ৰভা ।
ছিঃ, জীৱনক চুমি যোৱা
প্ৰাচীন বিষণ্ণতা !
উজাৰি দিম এছাটি
সুখৰ বা ।
জানাই তুমি
উশাহত মোৰ প্ৰাণ,
তেনেকৈয়ে ল'ম আঁকোৱালি
তোমাক চিৰতিকাল
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment