নতুন বাটেৰে
চন্দ্রিকা দলে
মাজুলী
পুৰণি বাটৰে সংলগ্ন,
এটি নতুন বাট.....
সৰাপাতৰ উচুপনিত,
সপোনবোৰে সাৰ পাইছিল।
ইমান দিনে মই বিচাৰি থকা
বাটটো এইটোৱেই নহয় জানো...।।
এখোজ-দুখোজকৈ মই
নতুন বাটেৰে আগবাঢ়িলো
নতুন পৰিৱেশ, নতুন গোন্ধ
জনা-নজনাৰ বহু কথা.....
আকাশখনো ফৰকাল,ঠিক
মোৰ মনটোৰ দৰেই.....
লাহে লাহে সুমধুৰ গীতৰ এটি সুৰ ভাহি আহিছিল....
কোনোবা স্মৃতিৰ গধূলি লৈ....।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৩
No comments:
Post a Comment