জীয়াভৰলীৰ সন্তান - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, December 31, 2022

জীয়াভৰলীৰ সন্তান

 


জীয়াভৰলীৰ সন্তান

বিচেন্ট পাৰ্দুম

জীয়াভৰলী, তেজপুৰ


গৰ্ভীত মই এজন মিচিং সন্তান ৰূপে 

শদিয়াৰ পৰা ভৰলীৰ দুয়ো পাৰ

ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰত আমাৰ বাসস্থান 

নৈৰ পাৰতে পানীৰ সোঁতৰ তালে তালে জুৰো সমন্বয়ৰ জয়গান

আমি আবুটানিৰ সন্তান। 

 

গৰ্বিত মই , দেখি আমাৰ সংস্কৃতিৰ স্বকীয়তা 

আছে স্ব-ভাষা, নিজস্ব সাজপাৰ ,স্বায়ত্ব শাসনতা 

পৰম পুৰুষ দঞি-প:ল: , ছে:দি-মে:ল: আমাৰ ত্ৰাণকৰ্তা।


মই আনন্দিত, আলি-আয়ে-লৃগাঙত শস‍্যৰ বীজ সিঁচি ,

অই-নি:তমৰ তালে তালে মুৰং অকুমত গুমৰাগ নাচি 

লৃগাঙত আটায়ে ওলাই আহোঁ 

জাতীয় সাজপাৰ সহ সাজি-কাচি।


 মই উৎফুল্লিত, মিবু গালোক, মৌৰপুং পৰিধান কৰি 

মিচিং ছোৱালী বোৰ যেন ফাগুনৰ শিমলু কলি

যেতিয়া ৰিবি গাচেং পিন্ধি গলত লয় এৰক'কটি 

নিঃসন্দেহে আমি অতি চহকী জনজাতি।


মই অপেক্ষাৰত, জুতি ল'বলৈ পুৰাং আপিন,

মেচেকা পাত ও গাহৰি মাংসৰ ব্যঞ্জন

তদুপৰি কৰিবলৈ প:ৰ: আপং সেৱন 

মই উপভোগ কৰিব বিচাৰো জীৱনৰ প্ৰতিটো ক্ষণ।


প্ৰতিজ্ঞাবদ্ধ মই,

উচ্চাৰিত হ'ব মৃত্যু পৰ্যন্ত মোৰ আইৰ মুখৰ ভাষা 

অব্যাহত থাকিব জাতীয়তাবাদী চিন্তাধাৰা

পৰিধান কৰিম জাতীয় সাজ 

বৰ্তাই ৰাখিম আমাৰ স্বাভিমান।


ফোনঃ 9365266297


Doksiri দকচিৰি, জানুৱাৰী, ২০২৩


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages